Mukesh Ambani: কোনেও গম পোৱা নাছিল! মুকেশ আম্বানীয়ে ৰাতি ২ বজালৈকে কি কৰে ? প্ৰকাশ কৰে তেওঁৰ পুত্ৰই…
আপুনি জানেনে যে, ৰাতি ২ টা বজালৈ আম্বানীয়ে কি কৰে? ইয়াৰ উত্তৰ শ্বেয়াৰ কৰিছে তেওঁৰ ডাঙৰ পুত্ৰ আকাশ আম্বানীয়ে। এই কথা কোনেও জনা নাছিল !

মুকেশ আম্বানী আৰু আকাশ আম্বানী
দেশৰ লগতে বিশ্বৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানী। কিন্তু আপুনি জানেনে যে, ৰাতি ২ টা বজালৈ আম্বানীয়ে কি কৰে? ইয়াৰ উত্তৰ শ্বেয়াৰ কৰিছে তেওঁৰ ডাঙৰ পুত্ৰ আকাশ আম্বানীয়ে। এতিয়া ৰিলায়েন্স পৰিচালনাৰ দায়িত্ব তেওঁৰ তিনিটা সন্তান আকাশ,ঈশা আৰু অনন্তৰ কান্ধত।
ডাঙৰ পুত্ৰ আকাশ আম্বানীয়ে দেউতাক মুকেশ আম্বানীক অনুসৰণ কৰি আহিছে। তেওঁক যেতিয়া সোধা হৈছিল, কোনে তেওঁক অনুপ্ৰাণিত কৰে? তেতিয়া তেওঁ বিখ্যাত ব্যক্তিৰ নাম লোৱা নাছিল। তেওঁ প্ৰথমে লৈছিল পিতৃ-মাতৃৰ নাম। লগতে তেওঁ শ্বেয়াৰ কৰিছে দেউতাক মুকেশ আম্বানীৰ সন্দৰ্ভত নজনা বহু তথ্য।
মুম্বাই টেক উইকত ড্ৰিম স্প’ৰ্টছৰ চিইঅ’ হৰ্ষ জৈনে ৰিলায়েন্স জিঅ’ ইনফ’কমৰ অধ্যক্ষ আকাশ আম্বানীক তেওঁৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ বিষয়ে প্ৰশ্ন কৰিছিল। এই প্ৰশ্নসমূহৰ উত্তৰৰ মাজতে আকাশ আম্বানীয়ে কয় যে, যৌথ পৰিয়ালত ডাঙৰ হোৱাটোৱে তেওঁৰ কাম-কাজৰ ধৰণত প্ৰভাৱ পেলাইছে।
আকাশক কোনে অনুপ্ৰাণিত কৰে বুলি সোধাত তেওঁ কয়,”মোৰ পৰিয়াল, যাৰ কাষত থাকি, যাৰ লগত থাকি ডাঙৰ হৈছোঁ, সেই মানুহবোৰে মোৰ জীৱনটোক প্ৰভাৱিত কৰিছে। আমি ৩২ বছৰ ধৰি একেখন চালিৰ তলত বাস কৰি আহিছো। বিশেষকৈ মোৰ পিতৃ-মাতৃয়ে মোক অনুপ্ৰাণিত কৰে।”
কৰ্মক্ষেত্ৰত ব্যক্তিগত অনুশাসন আৰু কামৰ একাগ্ৰতাৰ কথা কওঁতে আকাশ আম্বানীয়ে কয়, “আজি পৰ্যান্ত মোৰ দেউতাই তেওঁক পঠোৱা প্ৰতিটো ইমেইল পৰীক্ষা কৰে। তেওঁ ৰাতি ২ বজালৈকে এই কাম কৰে। তেওঁ জীৱনৰ ৪ দশক ধৰি এই কাম কৰি আহিছে। ইয়াৰ পৰাই মই অনুপ্ৰাণিত হৈছোঁ।”
মাতৃ নীতা আম্বানীৰ সন্দৰ্ভত আকাশে কয় যে, “মা আৰু মোৰ প্ৰায়বোৰ কথাতে মিল আছে। আমি দুয়ো ক্ৰিকেট ভাল পাওঁ, আমি একেটা টিভিতে খেল চাওঁ। কিন্তু মায়ে সৰু সৰু কথাবোৰ দেখে যিবোৰ আমি দেখা নাপাওঁ। এইবোৰ কথাই মোক অনুপ্ৰাণিত কৰে।”