মুকেশ আম্বানীয়ে কিমান টকা দৰমহা লাভ কৰে জানেনে? আদানীতকৈ ১০০ শতাংশ কম…

বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত নাম আছে ভাৰতৰ দুই উদ্যোগপতি মুকেশ আম্বানী আৰু গৌতম আদানীৰ। পিছে এই দুয়োগৰাকী উদ্যোগপতিয়ে কিমান টকা দৰমহা পাই জানেনে? ইয়াৰোপৰ মুকেশ আম্বানীৰ সন্তানৰ দৰমহা কিমান?

মুকেশ আম্বানীয়ে কিমান টকা দৰমহা লাভ কৰে জানেনে? আদানীতকৈ ১০০ শতাংশ কম...

মুকেশ আম্বানী-আদানী

Published: 

08 Aug 2025 | 12:53 PM

বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত নাম আছে  ভাৰতীয় কোটিপতি মুকেশ আম্বানীৰ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মালিক মুকেশ আম্বানীৰ বিভিন্ন ব্যৱসায় আছে। মাহে কোটি কোটি টকা উপাৰ্জন কৰে ৰিলায়েন্সে। কেৱল মুকেশ আম্বানীয়ে নহয়, তেওঁৰ পুত্ৰ, কন্যা, পত্নী সকলো ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে। পিছে প্ৰশ্ন হয়, কাম কৰাৰ নামত মুকেশ আম্বানীয়ে কিমান টকা লাভ কৰে? তেওঁ পুত্ৰ-কন্যাই কিমান টকা লয়?

খবৰ অনুসৰি বিগত ৫ বছৰ ধৰি বিনা বেতনে কাম কৰি আছে মুকেশ আম্বানীয়ে। বৃহস্পতিবাৰ (৭আগষ্ট)য়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। কোম্পানীটোৱে জনোৱা অনুসৰি যোৱা ৫ বছৰ ধৰি দৰমহাৰ নামত এক টকাও লোৱা নামই মুকেশ আম্বানীয়ে। কোম্পানীটোৰ মতে, কোৰোনাৰ সময়তে আম্বানীয়ে দৰমহা লোৱা বন্ধ কৰি দিছিল। কোৰোনা শেষ হল, কিন্তু সেই সিদ্ধান্তত এতিয়াও অটল আছে মুকেশ আম্বানী।

পিছে প্ৰশ্ন হয়, ৫ বছৰ পূৰ্বে কিমান টকা দৰমহা লৈছিল মুকেশ আম্বানীয়ে? কোম্পানীটোৱে দিয়া তথ্য অনুসৰি ২০০৯ চনৰ বিত্তীয় বৰ্ষৰ পৰা ২০২০ বিত্তীয় বৰ্ষলৈকে প্ৰতি বছৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ পৰা ১৫ কোটি টকাৰ দৰমহা লৈছিল।

অৱশ্যে তেওঁৰ তিনি সন্তানে বিনা বেতনে কাম নকৰে। কাম কৰাৰ বাবদ তেওঁলোকে মোটা অংকৰ ধন লয়। ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি ২০২৩ চনত ঈশা আম্বানী, অনন্ত আম্বানী আৰু আকাশ আম্বানীয়ে ৰিলায়েন্সৰ পৰিচালনা সমিতিত ‘নন এক্সিকিউটিভ ডাইৰেক্টৰ’ হিচাপে যোগদান কৰিছিল।সেই সময়ত তেওঁলোকে কেৱল সেই ব’ৰ্ডৰ সদস্য হোৱাৰ বাবেই ৬ লাখ টকা লৈছিল। তথ্য অনুসৰি যোৱা বিত্তীয় বৰ্ষত সেই ব’ৰ্ডৰ সদস্য হিচাপে তেওঁলোকে ২.২৫ কোটি টকাৰ বাৰ্ষিক কমিচন লৈছিল।

মুকেশ আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীক ৰিলায়েন্স বোৰ্ডৰ এক্সিক্যুটিভ ডাইৰেক্টৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল। ইয়াৰ বাবদ যোৱা বিত্তীয় বৰ্ষত তেওঁ ১০ৰ পৰা ২০ কোটি টকা দৰমহা লাভ কৰিছিল।

গৌতম আদানীৰ দৰমহা

শেহতীয়াকৈ আদানী গোটৰ পৰাও একেধৰণৰ প্ৰতিবেদন প্ৰকাশ পাইছে। যত দেখা গৈছে যে আদানীৰ দৰমহাৰ পৰিমাণ আন উদ্যোগপতিৰ দৰমহাতকৈ কম। আনকি তেওঁৰ কোম্পানীৰ কৰ্মচাৰীয়ে তেওঁতকৈ বেছি দৰমহা লাভ কৰে। প্ৰতিবেদন অনুসৰি যোৱা বিত্তীয় বৰ্ষত আদানীয়ে মুঠ ১০.৪১ কোটি টকা দৰমহা লৈছিল। ইয়াৰ বিপৰীতে আদানী গ্ৰীণ এনাৰ্জি সংস্থাৰ MD বিনীত এছ জৈনে বছৰি ১১ কোটি টকা দৰমহা লয়। এই গোটৰ চিএফঅ’ই বছৰি ১০.৪ কোটি টকা লয়।

 

অন্য খবৰ পঢ়কঃ ভাৰতক সমৰ্থন চীনৰ! ট্ৰাম্পৰ বিৰুদ্ধে ক্ষুব্ধ হৈ কৰিলে ডাঙৰ মন্তব্য…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব