২৯৯ টকীয়া প্লেন এতিয়া ৩৫৯ টকাত ! নতুন বছৰত ২০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব পাৰে ৰিচাৰ্জৰ মূল্য
ভাৰতীয় টেলিকম কোম্পানীসমূহে ২০২৬ চনত ১৬ৰ পৰা ২০ শতাংশ শুল্ক বৃদ্ধি কৰিব পাৰে। ইয়াৰ লক্ষ্য হৈছে কোম্পানীসমূহৰ প্ৰতি ব্যৱহাৰকাৰীৰ গড় ৰাজহ (ARPU) বৃদ্ধি কৰা।

২০২৬ চনত পুনৰবাৰ মোবাইল ৰিচাৰ্জ প্লেন ব্যয়বহুল হ’ব পাৰে। খবৰ অনুসৰি, ৰিলায়েন্স Jio, Airtel, আৰু Vi য়ে তেওঁলোকৰ প্ৰিপেইড আৰু পোষ্টপেইড প্লেনৰ মূল্য ২০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিব পাৰে। নিৰ্বাচিত প্লেনৰ শুল্ক বৃদ্ধিৰ বিষয়ে কৰ্তৃপক্ষক অৱগত কৰা হৈছে। টেলিকম কোম্পানীসমূহে বিগত এমাহ ধৰি নিজৰ পৰিকল্পনা সংশোধন কৰি আহিছে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ সাধাৰণ ব্যৱহাৰকাৰীৰ পকেটত পৰিব, বিশেষকৈ 5G ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীৰ পকেটত, কিয়নো ৰিচাৰ্জ যথেষ্ট ব্যয়বহুল হ’ব পাৰে। মন কৰিবলগীয়া যে, শেষৰটো শুল্ক বৃদ্ধি ২০২৩ চনৰ জুলাই মাহত হৈছিল।
২০২৬ চনত কিয় বৃদ্ধি পাব মোবাইল ৰিচাৰ্জৰ দাম?
গৱেষণা সংস্থা মৰ্গান ষ্টেনলিৰ এক প্ৰতিবেদন অনুসৰি, ভাৰতীয় টেলিকম কোম্পানীসমূহে ২০২৬ চনত ১৬ৰ পৰা ২০ শতাংশ শুল্ক বৃদ্ধি কৰিব পাৰে। ইয়াৰ লক্ষ্য হৈছে কোম্পানীসমূহৰ প্ৰতি ব্যৱহাৰকাৰীৰ গড় ৰাজহ (ARPU) বৃদ্ধি কৰা। শেষৰটো শুল্ক বৃদ্ধি ২০২৪ চনৰ জুলাই মাহত হৈছিল, আৰু এতিয়া দুবছৰৰ পাছত পুনৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰতিবেদনত প্ৰকাশ পাইছে যে টেলিকম খণ্ডত এয়া এক প্ৰতিষ্ঠিত আৰ্হিত পৰিণত হৈছে।
কিমান ব্যয়বহুল হ’ব এয়াৰটেল আৰু জিঅ’ৰ প্লেন?
এক্সত ইউজাৰ ক্ৰান্তি কুমাৰে শ্বেয়াৰ কৰা অনুমান অনুসৰি, এয়াৰটেলৰ ২৮ দিনীয়া আনলিমিটেড 5G প্লেন ৩১৯ৰ পৰা বৃদ্ধি হৈ ৪১৯ পৰ্যন্ত হ’ব পাৰে। 1.5GB দৈনিক ডাটাৰ ২৯৯ টকাৰ প্লেন ৩৫৯ টকা পৰ্যন্ত হ’ব পাৰে। ২৮ দিনীয়া 5G ডাটাৰ ৩৪৯ টকা প্লেন ৪২৯ টকা হ’ব পাৰে। ব্যৱহাৰকাৰীয়ে প্ৰতিটো 5G প্লেনত ৮০ টকাৰ পৰা ১০০ টকা অতিৰিক্ত খচৰ কৰিবলগীয়া হব পাৰে।
ভোডাফোন আইডিয়া ব্যৱহাৰকাৰীসকলেও কোনো সকাহ নাপাব। প্ৰতিবেদন অনুসৰি Vi ৰ ২৮ দিনীয়া 1GB দৈনিক ডাটা ৩৪০ টকাৰ প্লেন ৪১৯ টকালৈ বৃদ্ধি পাব পাৰে। ইফালে ৫৬ দিনৰ বৈধতা থকা 2GB দৈনিক ডাটা ৫৭৯ টকাৰ প্লেন ৬৯৯ টকা পৰ্যন্ত হ’ব পাৰে।
টেলিকম কোম্পানীয়ে সদায় পোনপটীয়াকৈ প্লেনৰ দাম বৃদ্ধি নকৰে। কেতিয়াবা তেওঁলোকে পৰিকল্পনাৰ বৈধতা হ্ৰাস কৰে বা আগবঢ়োৱা সুবিধা হ্ৰাস কৰে। শেহতীয়াকৈ জিঅ’, এয়াৰটেল, ভি আই, আনকি বিএছএনএলেও তেওঁলোকৰ বহু প্ৰিপেইড প্লেনৰ বৈধতা আৰু সুবিধা সলনি কৰিছে। ইয়াৰ ফলত ব্যৱহাৰকাৰীয়ে একে সুবিধা লাভ কৰিবলৈ বাৰে বাৰে ৰিচাৰ্জ কৰিবলগীয়া হয়, যাৰ ফলত তেওঁলোকৰ সামগ্ৰিক খৰচ বৃদ্ধি পায়।