ইখনৰ পিছত বাতিল হৈছে সিখন ৰে’ল, যাত্ৰা কৰাৰ পূৰ্বে জানি লওক সময়সূচী

শীতৰ প্ৰকোপ প্ৰতিদিনে বৃদ্ধি হৈছে। কুঁৱলীৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ বহু ৰে'ল ১০ জানুৱাৰীলৈ ভাৰতীয় ৰে’লৱেই বাতিল কৰিছে। ইয়াত বাতিল কৰা ৰে'লৰ বিষয়ে তথ্য লাভ কৰিব পাৰিব।

ইখনৰ পিছত বাতিল হৈছে সিখন ৰেল, যাত্ৰা কৰাৰ পূৰ্বে জানি লওক সময়সূচী

ৰে'ল যাত্ৰা কৰাৰ পূৰ্বে জানক সময়সূচী!

Updated On: 

07 Jan 2025 | 05:43 PM

ভাৰতত কুঁৱলী আৰু ঠাণ্ডাৰ প্ৰকোপ দিনে দিনে বৃদ্ধি পাইছে। কুঁৱলীৰ বাবে যাত্ৰাত ব্যাঘাত জন্মিছে, যাৰ বাবে বহু ৰে’লৰ সূচীও সালসলনি হৈছে। এনে পৰিস্থিতিত যদি আপুনিও ক’ৰবালৈ যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে ঘৰৰ পৰা ওলাই যোৱাৰ পূৰ্বে সময়সূচী চাবলৈ নাপাহৰিব। আচলতে কুঁৱলীৰ বাবে ভাৰতীয় ৰে’লৱেৰ বহু ৰে’ল ১০ জানুৱাৰীলৈকে বাতিল কৰা হৈছে। যদি আপোনাৰো ১০ জানুৱাৰীলৈকে টিকট আছে, তেন্তে ষ্টেচনলৈ যোৱাৰ পূৰ্বে ইয়াতে বাতিল হোৱা ৰে’লৰ তালিকাখন চাই লওক।

উত্তৰপূৱ ৰে’লৱে বাতিল কৰা ৰে’লকেইখন

  • ১২৫০৫ কামাখ্যা – আনন্দ বিহাৰ টাৰ্মিনেল নৰ্থ ইষ্ট এক্সপ্ৰেছ ৮ জানুৱাৰীলৈ বাতিল কৰা হৈছে
  • ১২৫০৬ আনন্দ বিহাৰ টাৰ্মিনেল – কামাখ্যা নৰ্থ ইষ্ট এক্সপ্ৰেছ ১০ জানুৱাৰীলৈ বাতিল কৰা হৈছে
  • ১২৫২৩ নিউ জলপাইগুৰি – নতুন দিল্লী এক্সপ্ৰেছ ২৫ ফেব্ৰুৱাৰী ২০২৫ লৈকে বাতিল কৰা হৈছে।
  • ১৫৬১৯ গয়া জে.এন.-কামাখ্যা এক্সপ্ৰেছ ২৫ ফেব্ৰুৱাৰী ২০২৫ লৈকে বাতিল হৈছে।

বিহাৰলৈ যোৱা ৰে’ল বাতিল

যদিও কুঁৱলীৰ বাবে বিভিন্ন ৰাজ্যৰ বহু ৰে’ল সেৱা বাতিল হৈছে, কিন্তু ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছি বিহাৰৰ পৰা অহা যাত্ৰীসকলকৰ ওপৰত পৰিছে। ১০ জানুৱাৰীলৈ বিহাৰৰ পৰা যোৱা বহু ৰে’ল বাতিল হৈছে।

এই ৰে’লসমূহ ১০ জানুৱাৰীলৈ বাতিল হৈছে

  • ৫৫০৭৪ নম্বৰৰ ৰে’ল বঢ়নী-গোৰখপুৰ
  • ৫৫০৭৩ নম্বৰৰ ৰে’ল গোৰখপুৰ-বঢ়নী
  • ৫৫০৫৬ নম্বৰৰ গোৰখপুৰ-ছপৰা ৰে’ল বাতিল।
  • ৫৫০৫৫ ছপৰা-গোৰখপুৰ বিশেষ ৰে’ল বাতিল।
  • ৫৫০৩৬ নম্বৰৰ গোৰখপুৰ কেণ্ট-চিৱান ৰে’ল বাতিল।
  • ৫৫০৩৫ নম্বৰৰ ছিৱান-গোৰখপুৰ কেণ্ট ৰে’ল বাতিল।
  • ৫৫০৩৮ নম্বৰৰ থাৱে-ছিৱান ৰে’ল বাতিল।
  • ৫৫০৩৭ নম্বৰ ছিৱান-থাৱে ৰে’ল বাতিল।
  • ৰে’ল নম্বৰ ৫৫০৯৮ গোৰখপুৰ কেণ্ট-নৰকটিয়াগঞ্জ ৰে’ল বাতিল।

ট্ৰেইন বাতিল হ’লে কিমান টকা আৰু কেনেকৈ ৰিফাণ্ড পাব?

যদি ৰে’লখন বাতিল কৰা হয়, তেন্তে যাত্ৰীসকলে স্বয়ংক্ৰিয় প্ৰক্ৰিয়াৰ জৰিয়তে সম্পূৰ্ণ ধন ঘূৰাই পায়। একে সময়তে যদি আপুনি ব্যক্তিগত কাৰণত ৰে’লৰ টিকট বাতিল কৰিছে, তেন্তে আপুনি কিছু চাৰ্জ দিব লাগিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...