যুৱতী-মহিলালৈ LIC-ৰ মাহিলি ৭ হাজাৰ টকা, বিনিময়ত নালাগে কোনো ধন! পিছে কিদৰে পাব এই সুবিধা?

জীৱন বীমা কোম্পানীটোৰ কোনো আঁচনিত ধন বিনিয়োগ নকৰাকৈয়ে যুৱতী তথা মহিলাসকলে এতিয়া মাহে ৭ হাজাৰ টকাকৈ উপাৰ্জন কৰিব পাৰিব। পিছে হঠাতে মহিলা আৰু যুৱতীসকললৈ LIC- এ এইদৰে মাহিলি ৭ হাজাৰ টকা আগবঢ়াইছে কিয়?

যুৱতী-মহিলালৈ LIC-ৰ মাহিলি ৭ হাজাৰ টকা, বিনিময়ত নালাগে কোনো ধন! পিছে কিদৰে পাব এই সুবিধা?

প্ৰতিনিধিত্বমূলক ছবি

Published: 

04 Aug 2025 | 11:34 AM

দেশৰ যুৱতী আৰু মহিলাসকলে জীৱন বীমা কোম্পানী এল আই চি (LIC)ৰ পৰা প্ৰতিমাহে লাভ কৰিব ৭ হাজাৰ টকা। মাহিলি এই উপাৰ্জনৰ বাবে আনকি খৰচ বা বিনিয়োগ কৰিব নালাগে কোনো ধন। অৰ্থাৎ জীৱন বীমা কোম্পানীটোৰ কোনো আঁচনিত ধন বিনিয়োগ নকৰাকৈয়ে যুৱতী তথা মহিলাসকলে এতিয়া মাহে ৭ হাজাৰ টকাকৈ উপাৰ্জন কৰিব পাৰিব। পিছে হঠাতে মহিলা আৰু যুৱতীসকললৈ LIC- এ এইদৰে মাহিলি ৭ হাজাৰ টকা আগবঢ়াইছে কিয়? জানো আহক এইবিষয়ে।

বিনামূলীয়া কোনো আৰ্থিক সাহায্যৰ ৰূপত  জীৱন বীমা কোম্পানী এল আই চিয়ে যুৱতী আৰু মহিলাসকললৈ এই ধন প্ৰেৰণ নকৰে। কোম্পানীটোৱে দেশৰ প্ৰান্তীয় যুৱতী আৰু মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ বাবে কোম্পানীটোৱে আৰম্ভ কৰিছে এল আই চি বীমা সখী যোজনা।

এই এল আই চি বীমা সখী যোজনাৰ অধীনত কোম্পানীটোৱে নিৰ্বাচিত মহিলাসকলক এল আই চি এজেণ্ট হিচাপে প্ৰশিক্ষণ দিব। ইয়াৰ পিছত এই যুৱতী আৰু মহিলাসকলক তেওঁলোকৰ নিজা গাঁও আৰু অঞ্চললৈ পঠিওৱা হ’ব। এই যুৱতী-মহিলাসকলে নিজ অঞ্চলত বীমা সম্পৰ্কে সজাগতা সৃষ্টি কৰি মানুহক বীমামুখী কৰি তুলিব।

অৰ্থাৎ যুৱতী আৰু মহিলাসকলে এই কামৰ বিনিময়ত প্ৰতিমাহে ভাট্টা লাভ কৰিব। কোম্পানীৰ সূত্ৰ অনুসৰি এই ভাট্টা প্ৰথম তিনিবছৰৰ বাবে উপলব্ধ হ’ব। প্ৰথম বছৰত প্ৰতিমাহে ৭ হাজাৰ টকা উপলব্ধ হ’ব। কাম ভাল হ’লে ক্ৰমান্বয়ে বৃদ্ধিও হ’ব। কিন্তু বীমা বন্ধু হোৱাৰ এই কামত কোনে যোগদান কৰিব পাৰে, তাৰো স্পষ্ট নিৰ্দেশনা দিয়া হৈছে।

কোম্পানীটোৱে জানিবলৈ দিয়া মতে ১৮ বছৰৰ পৰা ৭০ বছৰ বয়সৰ প্ৰতিগৰাকী মহিলাই এই কামত যোগদান কৰিব পাৰিব। কিন্তু তেওঁলোকৰ পৰিয়ালৰ কোনো সদস্য যদি পূৰ্বৰে পৰা এল আই চিৰ এজেণ্ট বা কৰ্মচাৰী হয় বা আগতে এল আই চিত কাম কৰিছিল, তেতিয়া এই কামত যোগদান কৰিব নোৱাৰিব। এক কথাত দেশৰ প্ৰান্তীয় মহিলাসকলৰ বাবে এই পদক্ষেপ লৈছে LIC- এ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব