LIC Jeevan Tarun Policy: দৈনিক ১৫০ টকা জমা কৰি পাব ২৬ লাখ টকা, জানক কেনেকৈ?

আৰ্থিক সমস্যাই বহুতৰে সপোন ধ্বংস কৰি দিয়ে। এনে পৰিস্থিতিত ভাৰতীয় জীৱন বীমা নিগমৰ "জীৱন তৰুণ প’লিচি" শিশুৰ উন্নত ভৱিষ্যত সুৰক্ষিত কৰাৰ এক উত্তম উপায়। সবিশেষ জানক

LIC Jeevan Tarun Policy: দৈনিক ১৫০ টকা জমা কৰি পাব ২৬ লাখ টকা, জানক কেনেকৈ?

জীৱন তৰুণ প’লিচি

Published: 

08 Aug 2025 18:07 PM

নিজৰ সন্তানে ভালদৰে পঢ়া-শুনা কৰাটো সকলো অভিভাৱকে বিচাৰে। লগতে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত হোৱাটো প্ৰত্যেকগৰাকী অভিভাৱকে কামনা কৰে। কিন্তু আৰ্থিক সমস্যাই বহুতৰে সপোন ধ্বংস কৰি দিয়ে। এনে পৰিস্থিতিত ভাৰতীয় জীৱন বীমা নিগমৰ “জীৱন তৰুণ প’লিচি” শিশুৰ উন্নত ভৱিষ্যত সুৰক্ষিত কৰাৰ এক উত্তম উপায়।

শিশুৰ শিক্ষা আৰু যুৱক-যুৱতীসকলৰ প্ৰয়োজনীয়তাক মনত ৰাখি এই প’লিচি বিশেষভাৱে আৰম্ভ কৰা হৈছে। এই আঁচনিখনত প্ৰতিদিনে মাত্ৰ ১৫০ টকা বিনিয়োগ কৰি ২৬ লাখ টকাৰ পুঁজি সৃষ্টি কৰাৰ সুবিধা লাভ কৰিব। ই কেনেকৈ সম্ভৱ জানোঁ আহক।

LIC ৰ “জীৱন তৰুণ প’লিচি” কি?

LIC ৰ জীৱন তৰুণ হৈছে শিশুৰ শিক্ষা আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে আৰ্থিক সহায় আগবঢ়োৱা বীমা পৰিকল্পনা। এইটো এটা সীমিত প্ৰিমিয়াম পেমেণ্ট প্লেন, যিয়ে সঞ্চয় আৰু সুৰক্ষা দুয়োটাৰে সুবিধা প্ৰদান কৰে। এই আঁচনিৰ অধীনত প’লিচিধাৰীয়ে নিজৰ সন্তানৰ বয়স ২৫ বছৰ হোৱালৈকে নিৰ্দিষ্ট সময়ৰ বাবে বিনিয়োগ কৰে আৰু বিনিময়ত বৃহৎ পৰিমাণৰ ধন লাভ কৰে।

দৈনিক ১৫০ টকা বিনিয়োগ কৰি ২৬ লাখ টকা কেনেকৈ পাব?

যদি আপুনি এই প’লিচিত দৈনিক মাত্ৰ ১৫০ টকা জমা দিয়ে, তেন্তে এমাহত মুঠ ৪৫০০ টকা বিনিয়োগ হয়। এই ধনৰাশি এবছৰত ৫৪ হাজাৰ টকা। এতিয়া ধৰি লওক, আপুনি এই প’লিচিত শিশুটিৰ ১ বছৰ বয়সত আৰম্ভ কৰিছিল আৰু ২৫ বছৰ ধৰি চলাই গৈছিল। গতিকে প’লিচিৰ শেষত আপুনি ২৬ লাখ টকা পৰ্যন্ত মেচিউৰিটিৰ ধন লাভ কৰিব পাৰিব। ইয়াৰ ভিতৰত আছে ছাম এশ্বুৰেড, বাৰ্ষিক বোনাছ আৰু অতিৰিক্ত বোনাছ।

এই প’লিচিৰ বাবে বয়সৰ সীমা কিমান?

এই পৰিকল্পনাৰ সুবিধা ল’বলৈ শিশুৰ বয়স কমেও ৯০ দিন আৰু সৰ্বাধিক ১২ বছৰ হ’ব লাগে। যদি শিশুটিৰ বয়স ১২ বছৰৰ ওপৰত হয়, তেন্তে তেওঁৰ বাবে এই আঁচনিৰ সুবিধা ল’ব নোৱাৰিব। শিশুৰ বয়স অনুসৰি প’লিচিৰ মুঠ সময়সীমা নিৰ্ধাৰণ কৰা হয়। অৰ্থাৎ শিশুটিৰ বৰ্তমান বয়স ২৫ বছৰৰ পৰা বিয়োগ কৰা হয়।

টকা কেতিয়া পায়?

এই প’লিচিৰ এটা বিশেষত্ব হ’ল ইচ্ছা কৰিলে ইয়াৰ মাজতে ধন উলিয়াব পাৰে। শিশুটিৰ ২০ বছৰ বয়স হোৱাৰ পৰা ২৪ বছৰ বয়সলৈকে প্ৰতি বছৰে কিছু পৰিমাণে ধন ঘূৰাই পোৱা যায়। ইয়াৰ পিছত ২৫ বছৰত আপুনি মেচিউৰিটিৰ পৰিমাণ একেলগে পায়, য’ত বাকী থকা বীমা ধন আৰু সকলো বোনাছ অন্তৰ্ভুক্ত কৰা হয়।

কৰ ৰেহাই আৰু ঋণৰ সুবিধাও

এই প’লিচিত বিনিয়োগ কৰাৰ সুবিধাই আয়কৰৰ ধাৰা ৮০ চিৰ অধীনত কৰ ৰেহাই পাব পাৰে। আনহাতে, যেতিয়া প’লিচি মেচিউৰ হয় বা কোনো দুৰ্ঘটনাত মৃত্যুৰ সুবিধা লাভ কৰা হয়, তেতিয়া সেই ধনৰাশি সম্পূৰ্ণ কৰমুক্ত হয়, কাৰণ ই ধাৰা ১০(১০ডি)ৰ অধীনত আহে।

দুপৰীয়া বা নিশা আহাৰ খোৱাৰ পিছত চাহ খায় নেকি? জানেনে আপোনাৰ শৰীৰত কেনে প্ৰভাৱ পৰিব পাৰে?
ধনেৰে ভৰিব আপোনাৰ ঘৰ, মাথোঁ জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এইসমূহ সামগ্ৰী
ভাৰতীয়সকলে কিয় থাইলেণ্ড ভ্ৰমণ কৰি ভাল পায়? ৫টা ডাঙৰ কাৰণ প্ৰকাশ
ভাৰতীয় জাতীয় পতাকাৰ তিনিটা ৰঙৰ প্ৰকৃত অৰ্থ কি? জানোঁ আহক...