মহিলাসকলৰ বাবে LICৰ উৎকৃষ্ট আঁচনি, দৈনিক ৫০ টকা জমা কৰি পাব ৬ লাখলৈ…
আজি আমি আপোনালোকৰ বাবে LIC ৰ জীৱন আধাৰ শিলা আঁচনিৰ বিষয়ে তথ্য লৈ আহিছো, য'ত আপুনি দৈনিক ৫০ টকা জমা কৰি ৬ লাখ টকা পৰ্যন্ত পুঁজি লাভ কৰিব পাৰে।

LICৰ বিনিয়োগ আঁচনি
ভাৰতীয় জীৱন বীমা নিগম অৰ্থাৎ LIC-এ সময়ে সময়ে গ্ৰাহকৰ বাবে উৎকৃষ্ট আঁচনি আগবঢ়াই আহিছে। LICৰ এই আঁচনিখনত আপুনি দৈনিক, মাহেকীয়া আৰু ত্ৰিমাসিক ভিত্তিত প্ৰিমিয়াম জমা কৰিব পাৰিব। ইয়াৰ পিছত এটা নিৰ্দিষ্ট সময়ৰ পিছত আপুনি LICৰ পৰা ভাল পৰিমাণৰ ধন লাভ কৰিব। আজি আমি আপোনালোকৰ বাবে LIC ৰ জীৱন আধাৰ শিলা আঁচনিৰ বিষয়ে তথ্য লৈ আহিছো, য’ত আপুনি দৈনিক ৫০ টকা জমা কৰি ৬ লাখ টকা পৰ্যন্ত পুঁজি লাভ কৰিব পাৰে।
LICৰ আধাৰ শিলা আঁচনি কেৱল মহিলাৰ বাবেহে উপলব্ধ। এই আঁচনিখনত মহিলাসকলে সামান্য সঞ্চয় কৰি মেচিউৰিটিৰ সময়ত ভাল পৰিমাণৰ ধন লাভ কৰিব পাৰে। কোনো কাৰণত পলিচিধাৰীৰ মৃত্যু হ’লে তেওঁৰ পৰিয়ালে আৰ্থিক সাহায্য লাভ কৰে।
এই আঁচনিখন কিয় বিশেষ?
LICৰ এই আঁচনিখনত নূন্যতম ৮ বছৰ বয়সৰ পৰা আৰু সৰ্বোচ্চ ৫৫ বছৰ বয়সলৈ বিনিয়োগ কৰিব পাৰিব। লগতে LIC আধাৰ শিলা আঁচনিত ১০ আৰু ২০ বছৰৰ বাবে বিনিয়োগ কৰিব পাৰিব। এই আঁচনিৰ বীমাৰ পৰিমাণ ২ লাখৰ পৰা ৫ লাখ টকালৈকে। প্ৰথম প্ৰিমিয়াম জমা কৰাৰ তিনি বছৰৰ পিছত পলিচীৰ ওপৰত ঋণো ল’ব পাৰিব।
কেনেকৈ পাব ৬.৫ লাখ টকা?
ধৰি লওক এগৰাকী মহিলাই ২১ বছৰ বয়সত ২০ বছৰৰ বাবে জীৱন আধাৰ শিলা পলিচীত বিনিয়োগ কৰে, তেতিয়া তেওঁ ১৮৯৭৬ টকা বাৰ্ষিক প্ৰিমিয়াম দিব লাগিব।২০ বছৰৰ পাছত এই প্ৰিমিয়াম ৩ লাখ ৮০ হাজাৰ টকা হৈ পৰিব আৰু মেচিউৰিটিৰ সময়ত আপুনি ৬ লাখ ৬২ হাজাৰ টকা পাব। য’ত ৫ লাখ টকাৰ মৌলিক বীমা কভাৰ আৰু ১.৬২ লাখ টকাৰ ল’য়ালিটি সংযোজন থাকিব।
উল্লেখ্য যে আমি ইয়াত আপোনাক সম্ভাৱ্য হিচাপ দিছো, যদিহে কোনো পৰিকল্পনা ৮ বছৰীয়া ছোৱালী এজনীয়ে লয় এই হিচাপ প্ৰযোজ্য নহ’ব। কাৰণ তেতিয়া প্ৰিমিয়ামৰ পৰিমাণ হ্ৰাস পাব। গতিকে যেতিয়াই আপুনি আধাৰ শিলা আঁচনিত বিনিয়োগ কৰে তেতিয়াই ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ৰ সৈতে এবাৰ যোগাযোগ কৰক। এই আঁচনিখনত পলিচিধাৰীয়ে ইচ্ছা কৰিলে প্ৰতি বছৰে মেচিউৰিটিৰ ধন কিস্তিত ল’ব পাৰে।