শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

LIC: মাত্ৰ এদিনত ১,১০০ কোটি টকাৰ বিনিয়োগ! হঠাৎ কিয় জনতাই বাছি লৈছে LIC ? জানক কাৰণ…

LIC: শেহতীয়াকৈ কেন্দ্ৰই জিএছটিৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন আনিছে। যিয়ে মধ্যবিত্ত শ্ৰেণীক যথেষ্ঠ সকাহ দিছে। এনেবোৰ কাৰণত এতিয়া বহুতে বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে।

LIC: মাত্ৰ এদিনত ১,১০০ কোটি টকাৰ বিনিয়োগ! হঠাৎ কিয় জনতাই বাছি লৈছে  LIC ? জানক কাৰণ…
এল আই চিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 29 Sep 2025 11:58 AM

নতুন জি এছ টিৰ গাঁথনি আশীৰ্বাদ স্বৰূপ হৈ পৰিল LIC ৰ বাবে। নতুন জি এছ টি গাঁথনি ৰূপায়ণৰ প্ৰথম দিনাই এল আই চিয়ে বিনিয়োগৰ ক্ষেত্ৰত গঢ়িলে ডাঙৰ অভিলেখ। দেশৰ অন্যতম আগশাৰীৰ জীৱন বীমা কোম্পানীটোৱে এদিনতে লাভ কৰিলে ১১০০ কোটি টকাৰ বিনিয়োগ। সাধাৰণতে LIC য়ে প্ৰতিমাহে ৫০০০ কোটি টকাৰ বিনিয়োগ বীমাৰ বাবে লাভ কৰে। কিন্তু জি এছ টি ৰেহাই কাৰ্যকৰী হোৱাৰ লগে লগে সেই মাহৰ আয়ৰ এক বৃহৎ অংশ এদিনতে লাভ কৰে।

শেহতীয়াকৈ কেন্দ্ৰই জি এছ টিৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন আহিছে। পূৰ্বে ৫, ১২, ১৮ আৰু ২৮ শতাংশৰ শ্লেব আছিল। কিন্তু নতুন জি এছ টি গাঁথনিত ১২ আৰু ২৮ শতাংশ জি এছ টিৰ শ্লেব বিলুপ্ত কৰা হয়। যাৰ বাবে বহু বস্তুৰ দাম কমি গৈছে। ইয়াৰোপৰি দীৰ্ঘদিন ধৰি কেন্দ্ৰই জীৱন বীমা আৰু স্বাস্থ্য বীমাক জি এছ টিৰ আওতালৈ আনিছিল।  বহুতে ইয়াৰ বিৰোধিতা কৰিছিল। বিৰোধিয়ে এই ক্ষেত্ৰত কেন্দ্ৰক সমালোচনা কৰিছিল।

কিন্তু GST ৰ নতুন গাঁথনিয়ে এতিয়া ৰাইজক সকাহ প্ৰদান কৰিছে। কিয়নো নতুন গাঁথনি অনুসৰি এতিয়াৰ পৰা স্বাস্থ্য বীমা আৰু জীৱন বীমাত কোনো ধৰণৰ জি এছ টি নাথাকে। কেন্দ্ৰৰ এই সিদ্ধান্তই ৰাইজক বহু সকাহ প্ৰদান কৰিছে। যাৰ বাবে বহুতে বিনিয়োগ কৰিবলৈ এল আই চিৰ কাষ চাপে। কেৱল জনতাই নহয়, কেন্দ্ৰৰ পদক্ষেপৰ বাবে LIC ও লাভান্বিত হয়। মাত্ৰ এদিনতে এল আই চিয়ে এমাহত লাভ কৰা বিনিয়োগৰ অধিকাংশ শতাংশ লাভ কৰে।

সূত্ৰ অনুসৰি জানিব পৰা মতে,কেন্দ্ৰই সাধাৰণ মানুহৰ বাবে বীমা পলিচি সস্তা কৰি তুলিছে। যাৰ বাবে এল আই চিয়ে এদিনতে হাজাৰ হাজাৰ কোটি টকাৰ বীমা পলিচি বিক্ৰী কৰাত সফল হৈছে। কিন্তু এই জি এছ টি ৰেহাই সকলো ধৰণৰ বীমাৰ বাবে উপলব্ধ নহয়।

নতুন নিয়ম অনুসৰি সাধাৰণ বীমা পলিচি, গ্ৰুপ টাৰ্ম বীমা পলিচি, গ্ৰুপ মেডিকেল বীমা পলিচিৰ ক্ষেত্ৰত এই ৰেহাই প্ৰযোজ্য নহ’ব। অৱশ্যে যদি থাৰ্ড পাৰ্টি বীমা পলিচি ব্যৱহাৰ কৰে তেন্তে তেওঁলোকে এই জি এছ টি ৰেহাই লাভ কৰিব।

 

অন্য খবৰ পঢ়কঃ আপুনিও ফোন ১০০ % চাৰ্জ কৰে নেকি? তেন্তে সোনকালে হ’ব পাৰে বেয়া, জানক সকলো…