29 Sept 2025
TV9 ASSAM
বহু মানুহৰ পুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত টোপনি ভাঙে। এই সময়ত প্ৰস্ৰাৱ কৰা লাগে। বহুতে ইয়াক সাধাৰণভাৱে লয়। কিন্তু ইয়াৰ আঁৰত থাকিব পাৰে বিশেষ কাৰণ। হ'ব পাৰে সংকেত।
এই সন্দৰ্ভত প্ৰেমানন্দ মহাৰাজে বিশেষ মত প্ৰকাশ কৰিছে। যদি আপুনি বাৰে বাৰে পুৱতি নিশা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত প্ৰস্ৰাৱৰ বাবে সাৰ পাই তেন্তে ইয়াক সহজভাৱে ল'ব নালাগে।
তেওঁ কয়, এয়া আপোনাৰ আত্মা আৰু ভৱিষ্যতৰ লগত জড়িত দিশৰ সংকেত হ'ব পাৰে। যেতিয়া ব্ৰহ্মাণ্ডই আপোনাক কিবা সংকেত দিব বিচাৰে তেতিয়া প্ৰস্ৰাৱৰ জৰিয়তে আপোনাৰ টোপনি ভাঙি ইংগিত দিয়াৰ চেষ্টা কৰে।
মহাৰাজে কয় যে, পুৱা ৩ বজাৰ পৰা ৫ বজাৰ সময়খিনি ব্ৰহ্মমুহূৰ্ত। এই সময়খিনিক পৰম আত্মৰ সময় বুলি কোৱা হয়। এই সময়ত সৃষ্টিক চলোৱা শক্তি উচ্চ স্থানত থাকে। এই সময়ত দেৱ-দেৱী, আত্মা আদি পৃথিৱীলৈ আহে।
গতিক এই সময়ত টোপনিৰ পৰা সাৰ পোৱা দিব্য এলাৰ্ম বুলিব পাৰি। ইশ্বৰ বা আত্মাই আপোনাৰ সৈতে কথা পাতিব বিচাৰে। বা আপোনাক সংকেত দিব বিচাৰে যে আপোনাৰ জীৱনৰ প্ৰকৃত আৰম্ভণি হৈছে। আপুনি আধ্যাত্মিকতাৰ পিনে ঢাল খোৱাৰো সংকেত হ'ব পাৰে।
কেতিয়াবা ই পূৰ্বপুৰুষে দিয়া ইংগিতো হ'ব পাৰে। সম্ভৱত তেওঁলোকে মুক্তিৰ বাবে আপোনাৰ পৰা প্ৰাৰ্থনা বিচাৰে। অন্যথা হ'ব পাৰে আপোনাৰ জীৱনত কোনো পৰিবৰ্তন হ'ব পাৰে।
গতিকে এই সময়ত বাৰে বাৰে সাৰ পালে প্ৰথমে ঠাণ্ড পানীৰ মুখ হাত ধুই লওক। পাছত একান্ত মতে বহি জপ কৰক। লাহে লাহে আপোনাৰ মন শান্ত হ'ব। তাৰ পাছত আপুনি কৰা ভুলৰ বাবে ব্ৰহ্মাণ্ডক ক্ষমা বিচাৰি উন্নত ভৱিষ্যতৰ বাবে আশীৰ্বাদ বিচাৰক।
পঢ়িবলৈ ক্লিক কৰক