OYO লৈ যোৱা বন্ধ কৰিছে সকলোৱে! #BycottOYO ই কৰিলে ট্ৰেণ্ড, কিন্তু কিয়?

OYO Hotel: #BycottOYO ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিং আৰম্ভ হৈছিল। সামাজিক মাধ্যমত OYO ৰ বিজ্ঞাপনৰ বিৰুদ্ধে খং প্ৰকাশ একাংশৰ।

OYO লৈ যোৱা বন্ধ কৰিছে সকলোৱে! #BycottOYO ই কৰিলে ট্ৰেণ্ড, কিন্তু কিয়?

OYO লৈ যোৱা বন্ধ কৰিছে সকলোৱে!

Updated On: 

23 Feb 2025 | 12:34 PM

বিতৰ্কত সোমাই পৰিছে অনলাইন হোটেল বুকিং কোম্পানী OYO। শুকুৰবাৰে স্পষ্ট কৰিছে যে, তেওঁলোকৰ বিজ্ঞাপনৰ উদ্দেশ্য ভাৰতত ধৰ্মীয় পৰ্যটনৰ প্ৰচাৰ কৰা, কোনো ধৰ্মীয় আৱেগক আঘাত কৰা নহয়। বাতৰি কাকতত প্ৰকাশ পোৱা OYO ৰ বিজ্ঞাপন ‘God Is Everywhere, So Is OYO’ কলৈ ক্ষোভৰ উদগিৰণ ঘটিছে  জনসাধাৰণৰ মাজত।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X (টুইটাৰ)ত বহু ব্যৱহাৰকাৰীয়ে এই বাক্যাংশক লৈ আপত্তি প্ৰকাশ কৰে। আচলে বিজ্ঞাপনটোত উল্লেখ কৰা হৈছিল যে, OYO ভাৰতৰ আজমেৰ, বাৰাণসী, প্ৰয়াগৰাজ, অমৃতসৰ, হৰিদ্বাৰ, মথুৰা, নাশিক, পুৰী, শিৰদী, তিৰুপতি আদি বহু ধৰ্মীয় স্থানত আছে।

OYO এ বিচাৰিলে ক্ষমা

এই বিতৰ্কক লৈ OYOয়ে ক্ষমা বিচাৰে আৰু কয়, “শেহতীয়া বিজ্ঞাপনটোৰ আঁৰৰ আমাৰ লক্ষ্য আছিল ভাৰতত ধৰ্মীয় পৰ্যটনৰ প্ৰচাৰ কৰা, কোনো ধৰ্মীয় আৱেগক আঘাত কৰা নহয়। আমি দেশৰ বিভিন্ন ধৰ্ম আৰু বিশ্বাসক সন্মান কৰোঁ, ভাৰতত সমৃদ্ধ আধ্যাত্মিক ঐতিহ্যৰ বাবে আমি গৌৰৱান্বিত।” চলিত বৰ্ষৰ শেষৰ ফালে ১২টা ডাঙৰ তীৰ্থস্থানত ৫০০খন হোটেল সংযোজন কৰাৰ পৰিকল্পনা কৰিছে OYO ই।

#BycottOYO ট্ৰেণ্ড হৈছে

বিতৰ্কৰ পিছতে ছ’চিয়েল মিডিয়াত #BycottOYO ট্ৰেণ্ডিং কৰিবলৈ ধৰিলে। বহু ব্যৱহাৰকাৰীয়ে ছ’চিয়েল মিডিয়াত OYO ৰ এই বিজ্ঞাপনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল, তাৰ পিছত OYO ই সমগ্ৰ বিতৰ্কটোৰ ওপৰত নিজৰ পক্ষ দাঙি ধৰি ক্ষমা খোজে।

ধৰ্মীয় সংগঠনসমূহে সকীয়াই দিয়ে

কেৱল এয়াই নহয়, OYO ৰ এই বিজ্ঞাপনৰ বিৰুদ্ধে বহু ধৰ্মীয় সংগঠন একত্ৰিত হৈছিল, য’ত ধৰ্মীয় সংগঠনসমূহে OYO ৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথা সকীয়াই দিয়ে। এনে ক্ষেত্ৰত বিতৰ্ক বৃদ্ধি পোৱা দেখি OYO ই ক্ষমা বিচাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...