Bank Holidays: ১৪ দিন বন্ধ থাকিব বেংক! জানক RBI ৰ সম্পূৰ্ণ বন্ধৰ তালিকা

ফেব্ৰুৱাৰী মাহৰ বেংক বন্ধৰ তালিকা প্ৰকাশ কৰিছে আৰ বি আইয়ে। যদি আপোনাৰ ফেব্ৰুৱাৰী মাহত বেংকত কোনো গুৰুত্বপূৰ্ণ কাম আছে, তেন্তে তাৰ পূৰ্বে বেংক বন্ধৰ তালিকাখন এবাৰ চোৱাটো দৰকাৰ।

Bank Holidays: ১৪ দিন বন্ধ থাকিব বেংক! জানক RBI ৰ সম্পূৰ্ণ বন্ধৰ তালিকা

১৪ দিন বন্ধ থাকিব বেংক! জানক RBI ৰ সম্পূৰ্ণ বন্ধৰ তালিকা

Published: 

28 Jan 2025 | 09:44 PM

Bank Holidays: ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহটো বেংক কৰ্মচাৰীৰ বাবে আনন্দৰ দিন, কিয়নো এই মাহটোত বহুদিন থাকিব বেংক বন্ধ। ফেব্ৰুৱাৰী মাহৰ বেংক বন্ধৰ তালিকা প্ৰকাশ কৰিছে আৰ বি আইয়ে। এই তালিকা অনুসৰি ফেব্ৰুৱাৰী মাহত মুঠ ১৪ দিন বেংক বন্ধ থাকিব। যদি আপুনি জানুৱাৰী মাহত বেংকৰ কাম সম্পূৰ্ণ কৰা নাই, তেন্তে ফেব্ৰুৱাৰী মাহৰ বেংক বন্ধৰ সম্পূৰ্ণ তালিকাখন চাইহে বেংকত যাব। যাতে আপুনি সময়মতে বেংকৰ কাম সম্পূৰ্ণ কৰিব পাৰে।

কিয় বন্ধ থাকিব বেংক?

RBI ৰ মতে , ফেব্ৰুৱাৰী মাহত সৰস্বতী পূজা, থাইপুছম, গুৰু ৰবিদাস জয়ন্তী, লুই ঙাই নি, ছাত্ৰপতি শিৱাজী মহাৰাজ জয়ন্তী, বহু ৰাজ্যৰ ৰাজ্যিক দিৱস, শিৱৰাত্ৰি আৰু লোছাৰ আদি উৎসৱত বেংক বন্ধ থাকিব। অৱশ্যে সমগ্ৰ দেশতে একেলগে এই বন্ধ নাথাকিব। এই বন্ধ বিভিন্ন ৰাজ্যৰ উৎসৱ আৰু অনুষ্ঠান সাপেক্ষে হ’ব।

বেংক বন্ধৰ ৰাজ্যভিত্তিক তালিকা

  • ৩ ফেব্ৰুৱাৰী, সোমবাৰঃ সৰস্বতী পূজা উপলক্ষে ত্ৰিপুৰাত বন্ধ থাকিব বেংক ৷
  • ১১ ফেব্ৰুৱাৰী, বুধবাৰ: থাইপুছম উপলক্ষে তামিলনাডুত বন্ধ থাকিব বেংক ৷
  • ১৫ ফেব্ৰুৱাৰী, শনিবাৰ: লুই ঙাই নি উপলক্ষে মণিপুৰত বন্ধ থাকিব বেংক । নগা জনগোষ্ঠীৰ এই বীজ সিঁচাৰ উৎসৱ।
  • ১৯ ফেব্ৰুৱাৰী, বুধবাৰ : ছাত্ৰপতি শিৱাজী মহাৰাজ জয়ন্তী উপলক্ষে মহাৰাষ্ট্ৰত বন্ধ থাকিব বেংক।
  • ২০ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰঃ মিজোৰাম আৰু অৰুণাচল প্ৰদেশত ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে বন্ধ থাকিব বেংক।
  • ২৬ ফেব্ৰুৱাৰী, বুধবাৰ: মহাশিৱৰাত্ৰি উপলক্ষে অধিকাংশ ৰাজ্যতে বেংক বন্ধ থাকিব , কিন্তু ত্ৰিপুৰা, তামিলনাডু, ছিকিম, অসম, মণিপুৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, বংগ, নতুন দিল্লী, গোৱা, মেঘালয় আৰু বিহাৰত বেংক খোলা থাকিব ৷

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব