ভাৰতৰ Stock Market ত ধুমুহা সৃষ্টিৰ বাবে সাজু Jio, আহিব পাৰে ২.৫ শতাংশ IPO অফাৰ !

Jio ই তেওঁলোকৰ মুঠ অংশীদাৰিত্বৰ ২.৫ শতাংশ IPO হিচাপে মুকলি কৰিব বিচাৰিছে। এই ২.৫ শতাংশৰ বৰ্তমানৰ মূল্য ৪ বিলিয়ন ডলাৰতকৈও অধিক।

ভাৰতৰ Stock Market ত ধুমুহা সৃষ্টিৰ বাবে সাজু Jio, আহিব পাৰে ২.৫ শতাংশ IPO অফাৰ !
Published: 

11 Jan 2026 | 01:49 PM

অৱশেষত বজাৰলৈ আহি আছে Jio ৰ IPO। Jio Platforms নামেৰে বজাৰলৈ আহি আছে মুকেশ আম্বানীৰ কোম্পানী। জনা যায় যে, Jio ই তেওঁলোকৰ মুঠ অংশীদাৰিত্বৰ ২.৫ শতাংশ IPO হিচাপে মুকলি কৰিব বিচাৰিছে। এই ২.৫ শতাংশৰ বৰ্তমানৰ মূল্য ৪ বিলিয়ন ডলাৰতকৈও অধিক। কোৱা হৈছে, ই ভাৰতৰ আটাইতকৈ ডাঙৰ IPO হ’ব।

জিঅ’ প্লেটফৰ্মৰ অধীনত আহিব এই আই পি অ’। আৰু ৰিলায়েন্স জিঅ’ নামৰ টেলিকম কোম্পানীটো এই কোম্পানীটোৰ অধীনত আহে। বৰ্তমান ৰিলায়েন্স জিঅ’ হৈছে দেশৰ অন্যতম বৃহৎ টেলিকমিউনিকেচন কোম্পানী আৰু ইয়াৰ ৫০ কোটিতকৈ অধিক গ্ৰাহক আছে।

ইনভেষ্টমেণ্ট বেংক জেফ্ৰিছে জিঅ’ৰ ভেলুৱেচন কৰিছিল প্ৰায় ১৮০ বিলিয়ন ডলাৰ। আৰু সেই মূল্যায়নত ২.৫ শতাংশ শ্বেয়াৰ বিক্ৰী হ’লেও আই পি অ’ৰ মূল্য হ’ব ৪.৫ বিলিয়ন ডলাৰ। আৰু যদি তেনেকুৱা হয় তেন্তে এই নতুন আই পি অ’ই হুণ্ডাই মটৰ্ছৰ ৩.৩ বিলিয়ন ডলাৰৰ আই পি অ’ক অতিক্ৰম কৰিব। বহু বিশেষজ্ঞ সংস্থাইও কৈছে যে, জিঅ’ৰ সম্ভাৱ্য ভেলুৱেচন ২০০ৰ পৰা ২৪০ বিলিয়ন ডলাৰৰ ভিতৰত হ’ব পাৰে।

বিগত ৬ বছৰত ৰিলায়েন্স জিঅ’ই টেলিকমিউনিকেচনৰ বাহিৰেও কৃত্ৰিম বুদ্ধিমত্তা আৰু বিভিন্ন ডিজিটেল সেৱালৈ সম্প্ৰসাৰণ কৰিছে। যদিহে দেশৰ নিয়ন্ত্ৰক সংস্থা ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডে (ছেবি) অনুমোদন দিয়ে, ৰিলায়েন্সে বজাৰত নিজৰ শ্বেয়াৰৰ মাত্ৰ ২.৫ শতাংশহে মুকলি কৰাৰ পক্ষত আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...