আয়কৰ ৰিটাৰ্ণ দাখিল কৰিবলৈ পাহৰিলে নেকি? জৰিমনাৰ পৰা কেনেকৈ হাত সাৰিব জানক…

Income Tax Return: এই সুবিধা বৰ্তমান অনলাইন পৰ্টেলত উপলব্ধ নহয়। গতিকে আপোনাৰ অঞ্চলৰ প্ৰধান চিআইটি বা আয়কৰ প্ৰধান আয়ুক্তৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব লাগিব। তাত আপুনি হাতে লিখা আবেদন জমা দিব লাগিব।

আয়কৰ ৰিটাৰ্ণ দাখিল কৰিবলৈ পাহৰিলে নেকি? জৰিমনাৰ পৰা কেনেকৈ হাত সাৰিব জানক...

আয়কৰ ৰিটাৰ্ণ

Updated On: 

03 Dec 2025 | 01:04 PM

আপুনি নিৰ্দিষ্ট সময়ৰ ভিতৰত আয়কৰ ৰিটাৰ্ণ (Income Tax Return) দাখিল কৰিব নোৱাৰিলে নেকি? তেন্তে নিশ্চয় মনলৈ এই প্ৰশ্ন আহিছে যে, ইয়াৰ বাবে কিমান জৰিমনা ভৰিব লাগিব? কিন্তু চিন্তাৰ প্ৰয়োজন নাই। কাৰণ এতিয়াও আপোনাৰ বাবে উপলব্ধ আছে এই প্ৰক্ৰিয়া। সাধাৰণতে ধাৰা ১৩৯(১) বা ১৩৯(৪)ৰ সময়সীমাৰ পিছত ৰিটাৰ্ণ দাখিল কৰাসকলে চিন্তিত হৈ পৰে।

পলম হ’লে কি কৰিব?

যদি কোনোবাই আয়কৰ ৰিটাৰ্ণ দাখিল কৰিবলগীয়া হয়, তেন্তে তেওঁলোকৰ বাবে দুটা পথ মুকলি আছে। প্ৰথমে, আপডেট ৰিটাৰ্ণ আৰু দ্বিতীয়তে, ক্ষমা প্ৰাৰ্থনা।

আপডেট ৰিটাৰ্ণ: এই আপডেট ৰিটাৰ্ণ ধাৰা ১৩৯(৮এ) অনুসৰি দাখিল কৰিব পাৰি। কিন্তু ই আপোনাৰ পকেটত প্ৰভাৱ পেলায়। ইয়াত কৰ আৰু সুতৰ ওপৰত ২৫%ৰ পৰা ৭০% অতিৰিক্ত দিব লগীয়া হ’ব পাৰে আপুনি।

ক্ষমা প্ৰাৰ্থনা: আপোনাৰ আৰ্থিক লোকচান নহ’বৰ বাবে এইটোৱেই আটাইতকৈ উত্তম উপায়। আপুনি ধাৰা ১১৯(২)(খ)ৰ অধীনত পলমৰ বাবে ‘ক্ষমা’ বা সময়ৰ শিথিলতা বিচাৰিব পাৰে।

কেনেকৈ আবেদন কৰিব?

এই সুবিধা বৰ্তমান অনলাইন পৰ্টেলত উপলব্ধ নহয়। গতিকে আপোনাৰ অঞ্চলৰ প্ৰধান চিআইটি বা মুখ্য আয়কৰ আয়ুক্তৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব লাগিব। তাত আপুনি হাতে লিখা আবেদন জমা দিব লাগিব।

ইয়াৰ লগতে কি কি নথি-পত্ৰৰ প্ৰয়োজন হ’ব?

পলম হোৱাৰ ‘যুক্তিসংগত কাৰণ’ বুজাই আবেদন লিখিব লাগিব। আপুনি আপোনাৰ আয়ৰ সংশোধিত হিচাপ দিব লাগিব। ইয়াৰ উপৰিও আপুনি ফৰ্ম 26AS Reconciliation Statement দিব লাগিব। লগতে আপুনি আপোনাৰ খৰচৰ প্ৰমাণো দিব লাগিব।

যদি মুখ্য আয়কৰ আয়ুক্তই আপোনাৰ কাৰণটো ‘প্ৰকৃত’ বুলি ভাবে তেন্তে তেওঁ আদেশ জাৰি কৰিব। সেই অনন্য নম্বৰটোৰ সহায়ত আপুনি জৰিমনা বিহীনভাৱে ৰিটাৰ্ণ দাখিল কৰিব পাৰিব। কেৱল সেয়াই নহয়, ইয়াৰ জৰিয়তে ধন ঘূৰাই দিয়াৰ দাবী বা loss carry forwardৰ সুযোগো পাব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...