গ্ৰাহকক প্ৰতাৰণা কৰাৰ চেষ্টা, GOLD FLAKE ৰ গোচৰ পালে উচ্চ ন্যায়ালয়

ITC: আইটিচিয়েও অভিযোগ কৰিছে যে গোল্ড ফ্লেকৰ দৰেই হুবহু পেকেটসমূহ বনোৱা হৈছে, তাত সৰু সৰু পৰিৱৰ্তন কৰা হৈছিল। যেনে ‘GOLD FLAKE’ৰ সলনি ‘GOLD FLAME’। কোম্পানীটোৱে দাবী কৰিছিল যে এই সকলোবোৰ আইটিচিৰ সদিচ্ছাক ধ্বংস কৰাৰ বাবে কৰা ইচ্ছাকৃতভাৱে নকল কৰা হৈছে।

গ্ৰাহকক প্ৰতাৰণা কৰাৰ চেষ্টা, GOLD FLAKE ৰ গোচৰ পালে উচ্চ ন্যায়ালয়
Published: 

27 Nov 2025 15:07 PM

এয়া ১০০ বছৰ পুৰণি ট্ৰেডমাৰ্ক। কিছুমান কোম্পানীয়ে ইয়াক নকল কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ চেষ্টা কৰিছে। এনে অভিযোগ লৈ আদালতৰ কাষ চাপিছে ‘আইটিচি’(ITC)। দেশৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা চিগাৰেটসমূহৰ ভিতৰত অন্যতম হৈছে ‘গোল্ড ফ্লেক’। কিন্তু ইয়াক কপি কৰি গ্ৰাহকক বিপথে পৰিচালিত কৰৰ অভিযোগ উত্থাপন হৈছে। কোম্পানীটোৰ ঐতিহ্য ৰক্ষাৰ পক্ষত আদালত।

স্থানীয় কিছুমান কোম্পানীয়ে Gold Flame, Gold Fighter নামৰ চিগাৰেট বজাৰলৈ মুকলি কৰি দিছে। যিবোৰৰ পেকেটৰ ৰং, আখৰ, ল’গ’ আদি সাইলাখ আইটিচিৰ ‘Gold Flake’ ৰ দৰেই। এই অভিযোগৰ ভিত্তিত দিল্লী হাইকোৰ্টত এটা গোচৰ দাখিল কৰা হয়। আইটিচ্য়ে সোমবাৰৰ শুনানিত কয়, ১৯১০ চনৰ পৰাই এইটো আইটিচিৰ ট্ৰেডমাৰ্ক। আদালতে কয় যে আইটিচিৰ সামগ্ৰীৰ সৈতে ‘GOLD’ শব্দটো অবিচ্ছেদ্যভাৱে জড়িত হৈ আছে।

ইয়াৰ পূৰ্বে ২০২৪ চনত আইটিচিৰ সপক্ষে আৰু পেলিকান টবেকো কোম্পানী লিমিটেডৰ বিপক্ষে এটি অন্তৱৰ্তীকালীন নিৰ্দেশ দিয়া হৈছিল। সোমবাৰে ন্যায়াধীশ তেজছ কাৰিয়াই কয়, “ক্ৰেতাসকলৰ মাজত বিভ্ৰান্তি সৃষ্টিৰ বাবেই এইদৰে ট্ৰেডমাৰ্ক নকল কৰা হৈছে।” আইটিচিৰ তৰফৰ পৰা আৰু অভিযোগ কৰা হৈছে যে গ’ল্ড ফ্লেকৰ দৰে অবিকল পেকেত বনাই তাত সামান্য পৰিৱৰ্তন কৰা হৈছিল। যেনে ‘GOLD FLKE’ ৰ পৰিৱৰ্তে ‘GOLD FLAME’ । আটিচিৰ সুনাম নষ্ট কৰাৰ বাবে ইচ্ছাকৃতভাৱে এই কাৰ্য কৰা বুলি দাবী কৰিছে সংস্থাটোৱে।

কোম্পানীটোৱে আদালতক সোঁৱৰাই দিয়ে যে কেতিয়াবা পেকেটৰ সলনি একক চিগাৰেট বিক্ৰী কৰা হয়। তেনে ক্ষেত্ৰত পাৰ্থক্য বুজিবলৈ অধিক কঠিন হৈ পৰে। শতিকা পুৰণি কোম্পানীটোৱে দাবী কৰিছে যে কোম্পানীসমূহে এনেদৰেই লাভৰ পৰিসংখ্যা বৃদ্ধিৰ চেষ্টা কৰিছে।

আনহাতে Pelican Tobacco Company Limited এ কয় যে, আই টি চি দেৰি হৈছে। ২০১৭ চনৰ পৰা পেলিকানে চিগাৰেট বিক্ৰী কৰি আহিছে।যাৰ নাম ‘GOLD FLAME’। তেওঁলোকৰ দাবী যে ক্ৰেতাই নামটোৰ ওপৰত ভিত্তি কৰি চিগাৰেট ক্ৰয় কৰে।

পাপী লোকৰ মৃত্যু ভোজ খালে কি হয়? জানক...
প্ৰস্ৰাৱৰ পৰা অধিক ফেন ওলাই নেকি? হ'ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক...
ঘৰৰ এই দিশত ৰাখক আইনা, ধন-সম্পত্তিৰে ভৰি পৰিব জীৱন!
উদং হ'ব পকেট! দৰিদ্ৰ হোৱা পূৰ্বে দেখা দিয়ে এই সংকেত...
ৰাষ্ট্ৰপতিৰ সৈতে সাংসদসকলৰ প্ৰস্তাৱনা পাঠ
২৪ ডিচেম্বৰৰ পৰা খানাপাৰাত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা
বিজেপিত যোগদান ৰমেন ডেকাৰ কন্যাৰ...
খানাপাৰত বুজন পৰিমাণৰ সুৰা জব্দ...