বৃদ্ধি হ’ব নেকি ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম? গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ চিন্তা চৰকাৰৰ…
ভাৰতীয় কোম্পানীসমূহে ইয়াৰ পূৰ্বে স্পট মাৰ্কেটত আমেৰিকাৰ এল পি জি ক্ৰয় কৰিছিল, তথাপিও দেশৰ পৰা যোগানৰ বাবে এয়া তেওঁলোকৰ প্ৰথম দীৰ্ঘম্যাদী চুক্তি। চৰকাৰী কোম্পানীয়ে ঘৰলৈ বিক্ৰী কৰা এল পি জিৰ মূল্য চৰকাৰে নিয়ন্ত্ৰণ কৰে।

চিলিণ্ডাৰ
দেশৰ ঘৰুৱা গেছ চিলিণ্ডাৰ (এল পি জি)ৰ ৰাজসাহায্যৰ সমগ্ৰ হিচাপ সলনি হ’বলৈ ওলাইছে। খবৰ অনুসৰি যোৱা মাহত চৰকাৰী তেল কোম্পানীসমূহে আমেৰিকাৰ ৰপ্তানিকাৰকৰ সৈতে বাৰ্ষিক যোগানৰ চুক্তি স্বাক্ষৰ কৰি এল পি জি ৰাজসাহায্যৰ সূত্ৰ সংশোধন কৰাৰ কথা চিন্তা কৰিছিল চৰকাৰে। বৰ্তমান এই ৰাজসাহায্যৰ হিচাপ চৌদি চুক্তি মূল্য (চিপি)ৰ ওপৰত ভিত্তি কৰি কৰা হয়, যিটো পশ্চিম এছিয়াৰ পৰা এলপিজি যোগানৰ বাবে মানদণ্ড।
কিন্তু চৰকাৰী মালিকানাধীন তেল কোম্পানীসমূহে এতিয়া আমেৰিকাৰ মানক মূল্য আৰু ট্ৰেন্সআটলাণ্টিক চালানৰ লজিষ্টিক খৰচ এই সূত্ৰত অন্তৰ্ভুক্ত কৰাৰ ওপৰত জোৰ দিছে। আমেৰিকাৰ পৰা অহা এল পি জি ভাৰতৰ বাবে ব্যয়বহুল হ’ব যদিহে ছৌদি চি পিৰ তুলনাত মূল্যৰ ৰেহাই যথেষ্ট বেছি হয় যাতে লজিষ্টিক খৰচ বহন কৰিব পৰা যায়, যিটো চৌদি আৰৱৰ পৰা অহা চালানতকৈ প্ৰায় চাৰিগুণ বেছি।
যোৱা মাহত ইণ্ডিয়ান অইল কৰ্প, ভাৰত পেট্ৰলিয়াম কৰ্প লিমিটেড, আৰু হিন্দুস্তান পেট্ৰলিয়াম কৰ্প লিমিটেডে ২০২৬ চনৰ চুক্তি বৰ্ষৰ বাবে আমেৰিকাৰ পৰা বছৰি প্ৰায় ২২ লাখ মেট্ৰিক টন (এম এম টি পি এ) এল পি জি আমদানি কৰাৰ বাবে এবছৰৰ বাবে চুক্তিবদ্ধ হৈছিল। ইয়াৰ দ্বাৰা ভাৰতৰ বাৰ্ষিক এল পি জি আমদানিৰ প্ৰায় ১০%। যদিও ভাৰতীয় কোম্পানীসমূহে ইয়াৰ পূৰ্বে স্পট মাৰ্কেটত আমেৰিকাৰ এল পি জি ক্ৰয় কৰিছিল, তথাপিও দেশৰ পৰা যোগানৰ বাবে এয়া তেওঁলোকৰ প্ৰথম দীৰ্ঘম্যাদী চুক্তি। চৰকাৰী কোম্পানীয়ে ঘৰলৈ বিক্ৰী কৰা এল পি জিৰ মূল্য চৰকাৰে নিয়ন্ত্ৰণ কৰে। বজাৰৰ হাৰৰ তলত বিক্ৰী কৰি যেতিয়া কোম্পানীয়ে লোকচান কৰে তেতিয়া চৰকাৰে ক্ষতিপূৰণ দিয়ে।
এল পি জি অধিক ব্যয়বহুল হ’ব নেকি?
ওপৰত উল্লেখ কৰা অনুসৰি আমেৰিকাৰ পৰা আমদানি কৰা এল পি জিৰ লজিষ্টিক খৰচ চৌদি আৰৱৰ পৰা আমদানি কৰা এল পি জিৰ তুলনাত চাৰিগুণ বেছি হ’ব। বৰ্তমানৰ ৰাজসাহায্যত যদি ভাৰত চৰকাৰে সাধাৰণ জনতাক গেছ চিলিণ্ডাৰ যোগান ধৰিব লাগে, তেন্তে আমেৰিকাৰ যোগানত ৰেহাই লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ। যদি এনে নহয় তেন্তে অনাগত দিনত চৰকাৰে সাধাৰণ জনতাৰ বাবে দিয়া ৰাজসাহায্য কৰ্তন কৰিব পাৰে। অৰ্থাৎ সাধাৰণ জনতা আৰু উজ্জ্বলা আঁচনিৰ অধীনত সামৰি লোৱা লাখ লাখ গ্ৰাহক উভয়ৰে বাবে এল পি জি চিলিণ্ডাৰ অধিক ব্যয়বহুল হ’ব পাৰে।
বৰ্তমানৰ মূল্য
আই অ’ চি এলৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত বৰ্তমানৰ এটা ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ৰাজসাহায্যৰ সৈতে ৮৫৩ টকা, আনহাতে এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১,৫৮০.৫০ টকা। ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ শেষ পৰিৱৰ্তন হৈছিল ২০২৫ চনৰ ৮ এপ্ৰিলত।সেই সময়ত চৰকাৰে মূল্য ৫০ টকা বৃদ্ধি কৰিছিল। আনহাতে, উজ্জ্বলা আঁচনিৰ অধীনত বৰ্তমান ব্যৱহাৰকাৰীসকলক ৩০০ টকা ৰাজসাহায্য প্ৰদান কৰা হয়। ২০২৫ চনৰ ১ ডিচেম্বৰলৈকে দেশত উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ সংখ্যা ১০.৩৫ লাখ। চলিত বিত্তীয় বৰ্ষত এই আঁচনিৰ অধীনত ২৫ লাখ হিতাধিকাৰী সংযোজন কৰা হৈছে। দেশত মুঠ এল পি জি ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় ৩৩ কোটি।