৮৬ বছৰ বয়সত প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান

দেশৰ অন্যতম বৃহৎ উদ্যোগপতি ৰতন টাটা ২০১২ চনলৈকে টাটা গ্ৰুপৰ মুৰব্বী আছিল। প্ৰায় ২২ বছৰৰ পিছত ৭৮ বছৰ বয়সত তেওঁ এই পদ এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁৰ নেতৃত্বত তেওঁ ইনফ’ছিছ আৰু উইপ্ৰ’ৰ আগত গোটটোৰ সৰ্ববৃহৎ কোম্পানী টাটা কনছালটেন্সি চাৰ্ভিচেছক আগুৱাই লৈ যায়।

৮৬ বছৰ বয়সত প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান

প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান

Updated On: 

10 Oct 2024 | 12:30 AM

পিটিআইৰ পৰা খবৰ পোৱা গৈছে যে দেশৰ বিখ্যাত উদ্যোগপতি ৰতন টাটাৰ ৮৬ বছৰ বয়সত দেহাৱসান ঘটে। ৰয়টাৰৰ প্ৰতিবেদন অনুসৰি যোৱা কেইবাদিনো মুম্বাইৰ ব্ৰিছ কেণ্ডী হাস্পতালত ভৰ্তি হৈ আছিল ৰতন টাটা। চিকিৎসাৰ সময়ত তেওঁৰ অৱস্থাৰ অৱনতি ঘটাত তেওঁক আই চি ইউত ৰখা হৈছিল। তেওঁৰ অসুস্থতা নিশ্চিত কৰিছে টাটা গ্ৰুপৰ মুখ্য কাৰ্যালয় বম্বে হাউছে নিজেই। মৃত্যুৰ পিছত উদ্যোগপতি হৰ্ষ গোয়পংকাইও তেওঁৰ এক্স হেণ্ডেলত পোষ্ট কৰি ৰতন টাটাৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে।

এই বিষয়ত এতিয়াও অধিক তথ্য লাভ কৰিব পৰা নাই। ইয়াৰ পূৰ্বে সোমবাৰে তেওঁৰ অসুস্থতাৰ খবৰ পোহৰলৈ আহিছিল। ইয়াৰ পিছত ৰতন টাটাই নিজেই এক্স হেণ্ডেলত পোষ্ট কৰি উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ আবেদন জনায়। তেওঁ কৈছিল যে তেওঁ ৰুটিন চেকআপৰ বাবে আহিছে।

ব্যৱসায়ী হৰ্ষ গোৱেংকাই নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি কয় যে, টাইটানৰ মৃত্যু হয়। #RatanTata আছিল সত্য, নৈতিক নেতৃত্ব আৰু দানশীলতাৰ নিদৰ্শন, যিয়ে ব্যৱসায় আৰু ইয়াৰ বাহিৰৰ জগতখনত এক অমলিন চিন ৰাখিছে। আমাৰ স্মৃতিত তেওঁ সদায় উচ্চতম হৈ থাকিব।

ৰতন টাটাৰ যাত্ৰা

দেশৰ ভিতৰতে আটাইতকৈ ধনী মুম্বাইৰ এটা পাৰ্চী পৰিয়ালত ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত ৰতন টাটাৰ জন্ম হৈছিল। টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জামছেদজী টাটা আছিল ৰতন টাটাৰ ককাক। ৰতন টাটাৰ শৈশৱ বৰ সুখৰ নাছিল। তেওঁ ডাঙৰ-দীঘল হ’ব লগা হৈছিল এটা ভগ্ন পৰিয়ালত। ১৯৪০ চনৰ মাজভাগত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ ঘটে। তেতিয়া ৰতন টাটাৰ বয়স আছিল মাত্ৰ সাত বছৰ আৰু ভায়েক জিমীৰ বয়স আছিল পাঁচ বছৰ। আইতাক লেডী নাৱালবাঈৰ লগত থাকিয়েই শৈশৱ পাৰ কৰিছিল।

ৰতন টাটাই মুম্বাইৰ কেম্পিয়ন স্কুলত শিক্ষাজীৱনৰ পাতনি মেলিছিল আৰু কেথেড্ৰ’ল এণ্ডজন ক’ন’ন স্কুলত স্কুলীয়া শিক্ষা সাং কৰিছিল। ১৯৬২ চনত কৰ্ণেল বিশ্ববিদ্যালয়ৰপৰা তেওঁ ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙসহ আৰ্কিটেকচাৰত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত ১৯৭৫ চনত হাৰ্ৱাৰ্ড বিশ্ববিদ্যালয়ৰপৰা ‘এডভাঞ্চড মেনেজমেণ্ট প্ৰগ্ৰাম’ পাঠ্যক্ৰম সমাপ্ত কৰিছিল।

১৯৮১ চনত তেওঁ টাটা উদ্যোগৰ “ডাইৰেক্টৰ” হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ১৯৯১ চনত টাটা গ্ৰুপৰ “চেয়াৰমেন” পদত ৰতন টাটাক নিযুক্তি দিয়া হৈছিল। ৰতন টাটা দেশৰ ভিতৰতে ধনী মুম্বাইৰ এটা পাৰ্চী পৰিয়ালৰ সদস্য।

বিভিন্ন দেশ-বিদেশৰপৰা ৰতন টাটাই বিভিন্ন পুৰস্কাৰ, সন্মান, খ্যাতি আৰু স্বীকৃতি লাভ কৰিছে। ২০০০ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ আৰু ২০০৮ চনত পদ্মবিভূষণ উপাধিৰে বিভূষিত কৰিছে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...