ভেলেন্টাইন ডে’ত সংগীৰ সৈতে ফুৰিবলৈ যাব বিচাৰে নেকি? Indigo-ই সহায় কৰিব আপোনাৰ যাত্ৰাত

ভেলেণ্টাইন ডে’লৈ মাজত এটা দিন বাকী আছে। এই দিনটোৰ বাবে Indigo ৱে প্ৰেমিক-প্ৰেমিকাক দিছে উপহাৰ। জানক এই অফাৰৰ বিষয়ে...

ভেলেন্টাইন ডেত সংগীৰ সৈতে ফুৰিবলৈ যাব বিচাৰে নেকি? Indigo-ই সহায় কৰিব আপোনাৰ যাত্ৰাত

Indigo-ই সহায় কৰিব আপোনাৰ যাত্ৰাত

Updated On: 

12 Feb 2025 | 06:08 PM

IndiGo Valentine’s Day Offer: ইণ্ডিগ’ এয়াৰলাইন্সে ভেলেণ্টাইন ডে’ উপলক্ষে যাত্ৰীসকলক প্ৰদান কৰিছে এক সুন্দৰ উপহাৰ। এই প্ৰেমৰ দিনটো উদযাপন কৰি তুলিবলৈ বিমান কোম্পানীটোৱে প্ৰেমিক-প্ৰেমিকাৰ বাবে এক বিশেষ অফাৰ আগবঢ়াইছে। ইয়াৰ অধীনত দুজন যাত্ৰী একেলগে বুকিং কৰিলে ৫০% পৰ্যন্ত ৰেহাই লাভ কৰিব। এই অফাৰ সীমিত সময়ৰ বাবে, যিটো ১২ ফেব্ৰুৱাৰী, ২০২৫ (১২:০১ বজাত)ৰ পৰা ১৬ ফেব্ৰুৱাৰী, ২০২৫ (১১:৫৯ বজাত)লৈকে বৈধ হ’ব। এই অফাৰ নিৰ্বাচিত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পথত উপলব্ধ হ’ব। অফাৰৰ অধীনত বুকিং কৰাৰ পিছত কমেও ১৫ দিনৰ ভিতৰতে যাত্ৰা কৰিব লাগিব। ইণ্ডিগ’ৱে নিজেই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টৰ জৰিয়তে এই তথ্য দিছে।

বিমান কোম্পানীটোৱে দিয়া এই ৰেহাই কেৱল বিমান ভাড়াত সীমাবদ্ধ নহয়, ইণ্ডিগ’ৱে ভ্ৰমণৰ আন বহুতো এড-অনতো ৰেহাই দিছে। ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানত প্ৰি-পেইড এক্সেছ বেগেজত ১৫% পৰ্যন্ত ৰেহাই আৰু ষ্টেণ্ডাৰ্ড চিট নিৰ্বাচনতো ১৫% ৰেহাই উপলব্ধ হ’ব। অধিক আৰাম বিচৰা যাত্ৰীসকলৰ বাবে ঘৰুৱা পথত ৫৯৯ টকাৰ পৰা আৰম্ভ হ’ব আৰু আন্তঃৰাষ্ট্ৰীয় পথত ৬৯৯ টকাৰ পৰা আৰম্ভ হ’ব ইমাৰ্জেন্সি এক্সিট এক্সএলৰ আসন।

খাদ্যৰ পৰা আৰম্ভ কৰি এইবোৰ বস্তুলৈকে আপুনি পাব সুবিধা

ইণ্ডিগ’ৱে এই বিশেষ অনুষ্ঠানত যাত্ৰীসকলক আন বহু সা-সুবিধাও আগবঢ়াইছে। ইয়াত প্ৰি-বুক কৰা খাদ্যত ১০% ৰেহাই লাভ কৰিব। ইয়াৰ ভিতৰত ফাষ্ট ফৰৱাৰ্ড সেৱাত ৫০% পৰ্যন্ত ৰেহাইও অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে যাত্ৰীসকলক অগ্ৰাধিকাৰ চেক-ইন আৰু বেগেজ হেণ্ডলিঙৰ সুবিধা প্ৰদান কৰিব। ইণ্ডিগোৰ bundled services যেনে- 6E Prime আৰু 6E ছিট এণ্ড ইটতো ১৫% পৰ্যন্ত অতিৰিক্ত ৰেহাই উপলব্ধ।

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...