ভাৰতৰ সূতাত শুল্ক বৃদ্ধিৰ চিন্তা বাংলাদেশৰ, ইয়াৰ কাৰণ কি?

২০২৫ চনত মুঠ ৩.৫৭ বিলিয়ন ডলাৰৰ সূতা ৰপ্তানি কৰিছে ভাৰতে। আপুনি জানি অবাক হ'ব, ইয়াৰে প্ৰায় ৪৫.৯ শতাংশ সূতা অকলে ক্ৰয় কৰিছে বাংলাদেশে। যদিও এতিয়া ২০ শতাংশ শুল্ক বৃদ্ধি পায়, তেন্তে বহু হাজাৰ কোটি টকাৰ ৰপ্তানি বন্ধ হৈ পৰিব।

ভাৰতৰ সূতাত শুল্ক বৃদ্ধিৰ চিন্তা বাংলাদেশৰ, ইয়াৰ কাৰণ কি?

প্ৰতীকী ছবি

Published: 

09 Jan 2026 | 07:11 PM

শেহতীয়া কিছুদিন ধৰি সম্পৰ্ক তিক্ত হৈ পৰিছে ভাৰত-বাংলাদেশৰ। এতিয়া এই তিক্ততা বিয়পিছে সূতাৰ বজাৰলৈ। জানিব পৰা মতে, ভাৰতৰ পৰা আমদানিকৃত সূতাৰ ওপৰত ১০ ৰ পৰা ২০ শতাংশ শুল্ক বৃদ্ধি কৰিবলৈ সাজু হৈছে বাংলাদেশ। দেশখনৰ ট্ৰেড এণ্ড ট্ৰেফিক কমিচনৰ বৈঠকত এই বিষয়ত সিদ্ধান্ত ল’ব পাৰে ঢাকাই।

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দিল্লীত আশ্ৰয় লোৱাৰ পৰা আৰম্ভ কৰি আই পি এল বিতৰ্কলৈ, ভাঙোনমুখী হৈ পৰিছে দুয়ো প্ৰতিবেশী ৰাষ্ট্ৰৰ সম্পৰ্ক। তাৰ মাজতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতাৰ মুখত বাৰে বাৰে শুনা গৈছে ভাৰত বিৰোধী সুৰ। যোৱা এপ্ৰিল মাহৰ পৰা স্থলপথেৰে সূতা আমদানিত বাধা প্ৰদান কৰিছিল ঢাকাই। এইবাৰ লক্ষ্য ভাৰতীয় বজাৰক শুল্কৰ চাপ দিয়া।

২০২৫ চনত মুঠ ৩.৫৭ বিলিয়ন ডলাৰৰ সূতা ৰপ্তানি কৰিছে ভাৰতে। আপুনি জানি অবাক হ’ব, ইয়াৰে প্ৰায় ৪৫.৯ শতাংশ সূতা অকলে ক্ৰয় কৰিছে বাংলাদেশে। যদিও এতিয়া ২০ শতাংশ শুল্ক বৃদ্ধি পায়, তেন্তে বহু হাজাৰ কোটি টকাৰ ৰপ্তানি বন্ধ হৈ পৰিব।

এজন অৰ্থনৈতিক বিশ্লেষকৰ মতে, ইয়াৰ ফলত সূতাৰ অতিৰিক্ত যোগান বৃদ্ধি পাব ভাৰতীয় বজাৰত। যাৰ বাবে সূতাৰ দাম তীব্ৰভাৱে হ্ৰাস পাব। যিয়ে আমাৰ কপাহ খেতিয়ক আৰু মিলৰ মালিকৰ বৃহৎ লোকচান সাধন কৰিব। আন এজন বিশেষজ্ঞই কয় যে ঢাকাৰ এই সিদ্ধান্তৰ ফলত বৃহৎ পতন ঘটিব পাৰে ভাৰতৰ ৰপ্তানি বজাৰত।

বাণিজ্যিক সংঘাত যে যুদ্ধলৈ পৰিণত হৈছে সেয়া স্পষ্ট। মে’ মাহত ভাৰতেও বাংলাদেশৰ পৰা কাপোৰ আমদানি কম কৰি দিছিল। এতিয়া এই ‘সূতাৰ যুদ্ধ’ত ভাৰতৰ পৰৱৰ্তী পদক্ষেপ কি হয় সেয়া অৱশ্যেই লক্ষণীয় হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...