Tata Tesla: টাটাৰ ‘যাদু’ত ভাৰত-আমেৰিকা ! দেশৰ কোম্পানীৰ হাতত টেছলাৰ ‘গুৰু দায়িত্ব’

Tata Tesla: এই সন্দৰ্ভত দুয়োখন দেশৰ কোম্পানীসমূহৰ মাজতো চুক্তি স্বাক্ষৰিত হৈছে। সমগ্ৰ বিশ্বতে টেছলাৰ বাহনৰ বাবে বিভিন্ন সঁজুলি আৰু সেৱা আগবঢ়োৱাৰ অংশীদাৰ হৈ পৰিছে দেশৰ কোম্পানী টাটা।

Tata Tesla: টাটাৰ ‘যাদু’ত ভাৰত-আমেৰিকা ! দেশৰ কোম্পানীৰ হাতত টেছলাৰ ‘গুৰু দায়িত্ব’

দেশৰ কোম্পানীৰ হাতত টেছলাৰ ‘গুৰু দায়িত্ব’

Published: 

23 Mar 2025 16:49 PM

ভাৰতত আমেৰিকাৰ টেছলা গাড়ীৰ আগমনৰ খবৰ চৰ্চাৰ লগে লগে টাটা-টেছলা চুক্তিক আলোচনা হৈছে। টাটাৰ প্ৰচেষ্টাত এই বিলাসী বাহনখনে দেশৰ প্ৰতিটো ঘৰলৈ যাব হ’ব বুলি কোৱা হৈছিল। এতিয়া যেন সেই জল্পনা-কল্পনাৰ অন্ত পৰি ক্ৰমান্বয়ে বাস্তৱ জগতত খোজ দিছে। জানিব পৰা মতে, অৱশেষত তেওঁলোকে ইলন মাস্কৰ কোম্পানী টেছলাৰ সৈতে হাত মিলাইছে।

ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি, টাটা গ্ৰুপে টেছলাৰ বিশ্বব্যাপী যোগান শৃংখলৰ দায়িত্ব লৈছে। যোৱা কেইমাহমানৰ পৰা এই গোটৰ অধীনত Tata AutoComp, Tata Consultancy Service, Tata Technologies আৰু Tata Electronics ৰ দৰে কোম্পানীসমূহ টেছলাৰ সঁজুলি আৰু সেৱা প্ৰদানৰ অংশীদাৰ হৈ পৰিছে।

এই সন্দৰ্ভত দুয়োখন দেশৰ সংগঠনৰ মাজতো এক চুক্তি স্বাক্ষৰিত হৈছে। সমগ্ৰ বিশ্বতে টেছলাৰ বাহনৰ বাবে বিভিন্ন সঁজুলি আৰু সেৱা আগবঢ়োৱাৰ অংশীদাৰ হৈ পৰিছে ‘গৃহ কোম্পানী’ টাটা। সূত্ৰনুসৰি, দুয়োখন দেশৰ এটা গোটৰ মাজত এনে বাণিজ্যিক চুক্তিয়ে শেষত ভাৰত আৰু আমেৰিকাক লাভান্বিত কৰিব। আনকি তেওঁলোকে দাবী কৰে যে, যদি টেছলাই ভাৰতত নিজাকৈ মেনুফেকচাৰিং ইউনিট স্থাপন কৰে তেন্তে এই ব্যৱসায়িক সম্পৰ্ক আৰু অধিক গভীৰ হ’ব।

ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
পত্নী গৰ্ভৱতী হ’লে স্বামীয়ে কৰিব নালাগে এইবোৰ ভুল, প্ৰভাৱ পৰে সন্তানৰ ওপৰত!
এনে ফল ডায়েবেটিছ ৰোগীৰ বাবে হ’ব পাৰে উপযোগী, চাই লওক এতিয়াই
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী