Railway: দেশৰ তৃতীয় ব্যয়বহুল ৰে’ল ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ, এই ৰে’লখনৰ আয় কিমান জানেনে ?

প্ৰতিখন ৰে’লে যাত্ৰীৰ টিকটৰ মূল্যৰ পৰা আয় আহৰণ কৰে ভাৰতীয় ৰে'লৱে। দেশৰ আটাইতকৈ ব্যয়বহুল ৰে’ল কোনখন জানেনে?

Railway: দেশৰ তৃতীয় ব্যয়বহুল ৰেল ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ, এই ৰেলখনৰ আয় কিমান জানেনে ?

ৰে'লৱে

Published: 

12 Mar 2025 14:47 PM

কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, উত্তৰৰ পৰা দক্ষিণলৈ সমগ্ৰ দেশতে বিস্তৃত হৈ আছে ভাৰতৰ ৰে’লৱে নেটৱৰ্ক । ভাৰতত প্ৰতিদিনে লাখ লাখ যাত্ৰীয়ে গ্ৰহণ কৰে ৰে’ল সেৱা । প্ৰতিখন ৰে’লে যাত্ৰীৰ টিকটৰ মূল্যৰ পৰা আয় আহৰণ কৰে ভাৰতীয় ৰে’লৱে। দেশৰ আটাইতকৈ ব্যয়বহুল ৰে’ল কোনখন জানেনে? এই ৰে’লখন স্থানীয় ৰে’লৰ দৰে নহয় বা একেবাৰে সাধাৰণ এক্সপ্ৰেছও নহয় ।

ভাৰতৰ ৰে’লৱেত কেইবাখনো প্ৰিমিয়াম ৰে’ল আছে । এই ৰে’লসমূহৰ টিকটৰ মূল্য অধিক আৰু সৰ্বাধিক ৰাজহ লাভ কৰে ভাৰতীয় ৰে’লৱে । এই ৰে’লসমূহত যাত্ৰীৰ বাবে সুবিধাও অধিক । ভাৰতৰ আটাতকৈ দাবী ৰে’ল হৈছে ৰাজধানী এক্সপ্ৰেছ । আয়ৰ ক্ষেত্ৰত বাংগালুৰু ৰাজধানী এক্সপ্ৰেছ শীৰ্ষ স্থানত আছে। বাংগালুৰু ৰাজধানী এক্সপ্ৰেছ হজৰত নিজামুদ্দিনৰ পৰা কে এছ আৰ বাংগালুৰুলৈ চলাচল কৰে । ২০২২-২৩ চনত বাংগালুৰু ৰাজধানী এক্সপ্ৰেছৰ ২২৬৯২ নম্বৰ ৰে’লখনত ৫০৯,৫১০ জন যাত্ৰীয়ে যাত্ৰা কৰিছিল । সেই ৰে’লখনৰ পৰা ৰে’লৱে প্ৰায় ১,৭৬,০৬,৬৬,৩৩৯ টকা উপাৰ্জন কৰিছিল।

দ্বিতীয় স্থানত আছে ছিলদাহ ৰাজধানী এক্সপ্ৰেছ। কলকাতাৰ পৰা নতুন দিল্লীলৈ চলাচল কৰে এই ৰে’লখন। ২০২২-২৩ চনত ১২৩১৪ নম্বৰৰ ছিলদাহ ৰাজধানী এক্সপ্ৰেছ ৰে’লত ৫,০৯,১৬৪ জন যাত্ৰীয়ে যাত্ৰা কৰিছিল। সেই ৰে’লৰ জৰিয়তে ১,২৮,৮১,৬৯,২৭৪ টকা উপাৰ্জন কৰিছিল ভাৰতীয় ৰে’লৱে। তৃতীয় স্থানত ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ। এই ৰে’লখন নতুন দিল্লী আৰু ডিব্ৰুগড়ৰ মাজত চলাচল কৰে। ২০২২-২৩ চনত এই ৰেলখনত ৪,৭৪,৬০৫ জন যাত্ৰীয়ে যাত্ৰা কৰিছিল। ৰে’লখনে মুঠ ১,২৬,২৯,০৯,৬৯৭ টকা উপাৰ্জন কৰে।

নতুন দিল্লী আৰু মুম্বাই চেণ্ট্ৰেলৰ মাজত চলাচল কৰা ৰাজধানী এক্সপ্ৰেছ চতুৰ্থ স্থানত আছে। ১২৯৫২ নম্বৰ মুম্বাই ৰাজধানী এক্সপ্ৰেছে ২০২২-২৩ চনত ৪,৮৫,৭৯৪ যাত্ৰীক সেৱা আগবঢ়াইছিল । ৰে’লখনৰ পৰা ৰে’লৱেই ১,২২,৮৪,৫১,৫৫৪ টকা উপাৰ্জন কৰিছিল। পঞ্চম স্থানত ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ। দেশৰ ভিতৰতে পঞ্চম সৰ্বাধিক উপাৰ্জন কৰা ৰে’ল। এই ৰে’লখনে ২০২২-২৩ চনত ১,১৬,৮৮,৩৯,৭৬৯ টকা উপাৰ্জন কৰিছিল।

বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…
আই পি এলত হয়তো আপোনাৰো আছে প্ৰিয় দল! পিছে জানেনে দলৰ স্বত্বাধিকাৰীসকলৰ বিষয়ে…
আপুনিও নিশা দেৰিলৈকে নুশুৱে নেকি? তেন্তে জানক ইয়াৰ ফলত কি বিপদ হ'ব পাৰে...
জিম নোযোৱাকৈ কম কৰক শৰীৰৰ ওজন, কেইটামান সাধাৰণ উপায়...