আমেৰিকাৰ সৈতে ভাৰতৰ আলোচনা, হ’ব পাৰে শুল্ক হ্ৰাস, চীনক আঁতৰাবলৈ হাত মিলালে দুয়োখন দেশে!

Donald Trump, Reciprocal Tariffs: FIEO ই অনুমান কৰিছে আমেৰিকাৰ সৈতে অন্তৱৰ্তীকালীন বাণিজ্য চুক্তি চূড়ান্ত হ’লে অহা ৩ বছৰৰ ভিতৰত ভাৰতৰ ৰপ্তানি দুগুণ হ’ব বুলি।

আমেৰিকাৰ সৈতে ভাৰতৰ আলোচনা, হ’ব পাৰে শুল্ক হ্ৰাস, চীনক আঁতৰাবলৈ হাত মিলালে দুয়োখন দেশে!

আমেৰিকাৰ সৈতে ভাৰতৰ আলোচনা

Published: 

04 Jul 2025 14:47 PM

এপ্ৰিল মাহত ড’নাল্ড ট্ৰাম্পে কেইবাখনো দেশৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰিছিল। ভাৰতো আছিল তাৰ ভিতৰত। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ওপৰত প্ৰায় ২৬ শতাংশ শুল্ক আৰোপ কৰিছিল। কিন্তু পিছত এই শুল্ক ৯০ দিনৰ বাবে স্থগিত ৰখা হয়। এতিয়া এটা সংবাদ সংস্থাৰ মতে অহা ৪৮ ঘন্টাত ভাৰত আৰু আমেৰিকাৰ মাজত অন্তৱৰ্তীকালীন বাণিজ্যিক চুক্তি চূড়ান্ত হ’ব পাৰে।

ভাৰতৰ ওপৰত প্ৰস্তাৱিত আমেৰিকাৰ শুল্ক ৯০ দিনৰ স্থগিতাদেশ অহা ৯ জুলাইত শেষ হ’ব। তাৰ পূৰ্বে ড’নাল্ড ট্ৰাম্প প্ৰশাসনে ভাৰতৰ সৈতে চুক্তিবদ্ধ হ’বলৈ বিচাৰিছে। অৱশ্যে বহুকেইটা বিষয়ক লৈ দুয়োখন দেশৰ মাজত আছে মতানৈক্য।

আমেৰিকাই বিচাৰে ভাৰতত জেনেটিক্যালি পৰিৱৰ্তিত খাদ্য শস্যৰ বাবে বজাৰ মুকলি কৰিবলৈ। কিন্তু এনে হ’লে আমাৰ কৃষকৰ ক্ষতি হ’ব। সেইবাবেই ভাৰতে এই বিষয়ত আগবাঢ়িব নিবিচাৰে। ইয়াৰ উপৰিও আমেৰিকাই ভাৰতীয় কৃষি আৰু দুগ্ধ বজাৰত প্ৰৱেশ কৰিব বিচাৰিছে। এনে হ’লে গ্ৰাম্য জীৱিকা আৰু খাদ্য সুৰক্ষাৰ চিন্তা বাঢ়িব। কেন্দ্ৰই এনে হোৱাটো নিবিচাৰে।

ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপ’ৰ্ট অৰ্গেনাইজেশ্যনে অনুমান কৰিছে যে, আমেৰিকাৰ সৈতে অন্তৱৰ্তীকালীন বাণিজ্য চুক্তি চূড়ান্ত হ’লে অহা তিনি বছৰৰ ভিতৰত ভাৰতৰ আমেৰিকালৈ ৰপ্তানি দুগুণ হ’ব।

সূত্ৰ অনুসৰি, ট্ৰাম্পৰ পাৰস্পৰিক শুল্ক কাৰ্যকৰী হ’লে আমেৰিকালৈ বিভিন্ন সামগ্ৰী ৰপ্তানি কৰা কেইবাখনো দেশ হেঁচাত পৰিব। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ দেশখন চীন। এই চুক্তি কাৰ্যকৰী হোৱাৰ আগতে যদি ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা আভ্যন্তৰীণ চুক্তি সম্পূৰ্ণ হয়, তেন্তে ভাৰতে বহু কম শুল্কত বিভিন্ন সামগ্ৰী আমেৰিকালৈ ৰপ্তানি কৰিবলৈ সক্ষম হ’ব। যিয়ে চীনক ডাঙৰ আঘাত দিব পাৰে।

 

১০০ বছৰ পাছত পিতৃপক্ষ আৰু চন্দ্ৰগ্ৰহণৰ সংযোগ! এই ৰাশিৰ বাবে শুভ...
অত্যধিক বগা স্ৰাৱ হয় নেকি? আঁৰৰ কাৰণ জানি হ'ব আচৰিত!
শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বাঢ়িলে কেনেকৈ জানিব ? ইয়াৰ ৬ টা লক্ষণ জানক
স্বাস্থ্য ভালে ৰাখিবলৈ প্ৰতিদিনে কিমান পৰিমাণৰ নিমখ খাব লাগে? জানক...