৫ দিন ধৰি উত্থানৰ কোনো লক্ষণ দেখা নাই শ্বেয়াৰ বজাৰে…

একেৰাহে ৫ দিন ধৰি ভাৰতৰ বজাৰ কমি আহিছে। আজি নিফটি ফিফটি প্ৰায় ৩০৯ পইণ্ট হ্ৰাস পাই ২৩,০৭১ পইণ্টত আছে । কেইবাটাও কোম্পানীয়ে আজি ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হৈছে ।

৫ দিন ধৰি উত্থানৰ কোনো লক্ষণ দেখা নাই শ্বেয়াৰ বজাৰে...

শ্বেয়াৰ বজাৰৰ খবৰ

Published: 

11 Feb 2025 | 10:14 PM

আজি ১১ ফেব্ৰুৱাৰী । একেৰাহে ৫ দিন ধৰি ভাৰতৰ বজাৰ কমি আহিছে। আজি নিফটি ফিফটি প্ৰায় ৩০৯ পইণ্ট হ্ৰাস পাই ২৩,০৭১ পইণ্টত আছে । কেইবাটাও কোম্পানীয়ে আজি ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হৈছে । এম আৰ এফ, কেন ফিন হোম, কাজাৰিয়া চিৰামিকছ, আদিত্য বিৰলা কেপিটেল, ডেলিভাৰী, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন, টাটা মটৰছ, ক’ল ইণ্ডিয়া, ষ্টাৰ হেল্থ, ৰতন ইণ্ডিয়া এণ্টাৰপ্ৰাইজ, ইজ মাই ট্ৰিপ, ৰাইটছ, ষ্টীল অথৰিটি অৱ ইণ্ডিয়া, টাটা কেমিকেল, ওৱাৰ্লপুল, কনক’ৰৰ দৰে কোম্পানী ইয়াৰ ভিতৰত অন্যতম । এই হ্ৰাসৰ পিছতো আজিও কোটক মহিন্দ্ৰা বেংকে ৫২ সপ্তাহৰ উচ্চতম স্তৰত উপনীত হৈছে । কিন্তু দিনটোৰ শেষত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ২.১২ শতাংশ হ্ৰাস পায় । দিনটোৰ শেষত কোটক মহিন্দ্ৰা বেংকৰ শ্বেয়াৰৰ মূল্য আছিল ১৯১৮.৬০ টকা ।

আজি বাঢ়িল কি কি:

একাধিক শ্বেয়াৰৰ মূল্য হ্ৰাস পোৱাৰ মাজতে আজি জোডিয়াক এনাৰ্জি লিমিটেডে উচ্চ চাৰ্কিটত স্পৰ্শ কৰে । কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ১০ শতাংশ বৃদ্ধি পাইছে । ইয়াৰ উপৰিও কেপিটেল ট্ৰাষ্ট, ডিচিএম লিমিটেড, ৰেডটেপ আৰু হেপিয়েষ্ট মাইণ্ডছৰ শ্বেয়াৰৰ মূল্য আজি বৃদ্ধি পায় ।

আজি কি কি কমিল:

আজি ল’ৱাৰ চাৰ্কিটত খুন্দা মাৰে সুয়োগ টেলিমেটিক্সে । কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ২০ শতাংশ হ্ৰাস পাইছে । ইয়াৰ উপৰিও আজি আলফাজিঅ’ ইণ্ডিয়া, NGL ফাইন কেম, উদয়শিৱকুমাৰ ইনফ্ৰা আৰু নন্দানী ক্ৰিয়েচনৰ শ্বেয়াৰৰ মূল্যও হ্ৰাস পাইছে ।

বজাৰৰ টুকুৰা খবৰ:

  •  আজি CMS ইনফ’ চিষ্টেমছে লভ্যাংশ প্ৰদান কৰিলে । প্ৰতি শ্বেয়াৰত ৩ টকা ২৫ পইচা লভ্যাংশ দিয়ে কোম্পানীটোৱে ।
  •  চিম্ফনীয়ে প্ৰতি শ্বেয়াৰত ২ টাকা লভ্যাংশ দিয়ে ।
  • আজি কেইবাটাও কোম্পানীয়ে প্ৰকাশ কৰিছে ত্ৰিমাসিক ফলাফল । ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল বিনানী ইণ্ডাষ্ট্ৰীজ, ডালমিয়া ভাৰত ইণ্ডাষ্ট্ৰীজ, চেইল, এড-পেৰী, লুপিন, পি এণ্ড জি, টাটা ইনভেষ্টমেণ্ট কৰ্প’ৰেশ্যন, পলিকেম, এষ্ট্ৰাজেনেকা ফাৰ্মা ।
  • ১১ ফেব্ৰুৱাৰীত বজাৰ বন্ধ হোৱাৰ সময়লৈকে পোৱা তথ্য এয়া

যদি আপুনি শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক গৱেষণা আৰু বিশ্লেষণ কৰক । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9 Assam-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ক । তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক।

ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
ওজন হ্ৰাস কৰিবলৈ খাওক এই ৫ বিধ পানীয়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে