ভাৰতীয় ৰে’লৱেৰ নিয়ম সলনি, Sleeper coach ৰ যাত্ৰীসকলৰ বাবে বিশেষ সুবিধা!

Indian Railways: এই সুবিধা AC Coach ত কেইবাবছৰ ধৰি উপলব্ধ হৈ আছে। এতিয়া sleeper coach ৰ যাত্ৰীসকলেও এই বিশেষ সুবিধা লাভ কৰিব।

ভাৰতীয় ৰেলৱেৰ নিয়ম সলনি, Sleeper coach ৰ যাত্ৰীসকলৰ বাবে বিশেষ সুবিধা!

ভাৰতীয় ৰে'লৱেৰ নিয়ম সলনি

Published: 

04 Jun 2025 10:33 AM

১৮৫৩ চনৰ ১৬ এপ্ৰিলৰ পৰা ভাৰতত প্ৰথম যাত্ৰীবাহী ৰে’ল সেৱা আৰম্ভ হৈছিল। মুম্বাইৰ থানে আৰু বড়ী বন্দৰ ষ্টেচনৰ মাজত প্ৰথমখন ৰে’ল চলাচল কৰে। এই বড়ী বন্দৰ ষ্টেচনটো ১৮শ আঠাশী চনত ভিক্টোৰিয়া টাৰ্মিনাছ হিচাপে গঢ়ি তোলা হয়।বৰ্তমান এই ষ্টেচনটোৰ নাম ছাত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ। ৰে’ল সেৱা আৰম্ভ হোৱাৰ প্ৰায় ১৭২ বছৰৰ পাছত ২০২৫ চনত যাত্ৰীসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছে ভাৰতীয় ৰে’লৱে।

এই সুবিধা এচি কোচত কেইবাবছৰ ধৰি উপলব্ধ হৈ আছে । এতিয়া শ্লীপাৰ কোচত যাত্ৰা কৰা যাত্ৰীসকলেও সেই সুবিধা লাভ কৰিব। ভাৰতত জনসাধাৰণে এটা স্থানৰ পৰা আন এটা স্থানলৈ যাত্ৰা কৰিবলৈ শ্লীপাৰ কোচৰ বেছি ব্যৱহাৰ কৰে। যদি এই সুবিধা শ্লীপাৰটো উপলব্ধ হয়, তেন্তে ভাৰতে সফলতাৰ দিশত আৰু এখোজ আগবাঢ়িব।

বৰ্তমানলৈ এচি কোচত যাত্ৰা কৰা যাত্ৰীসকলেহে হেণ্ডৱাশ্ব ব্যৱহাৰৰ সুবিধা পাইছিল। কিন্তু এতিয়াৰে পৰা ৰে’লৱেৰ নতুন নিয়ম অনুসৰি দেশত চলি থকা সকলো শ্লীপাৰ কোচত হেণ্ডৱাশ্ব থাকিব। দেশত চলি থকা ১২ হাজাৰৰো অধিক যাত্ৰীবাহী ৰে’লৰ ২ লাখ ৬৪ হাজাৰৰো অধিক শ্লীপাৰ কোচত এই হেণ্ডৱাশ্বিং সুবিধা আৰম্ভ কৰা হ’ব।

যদিও এই সেৱা প্ৰথমে পশ্চিম ৰে’লৱেৰ ৰাটলাম বিভাগত প্ৰৱৰ্তন কৰা হৈছে, তথাপিও ৰে’লৱে ব’ৰ্ডৰ নিৰ্দেশনা অনুসৰি জুন মাহৰ পৰা দেশৰ সকলো শ্লীপাৰ কোচত হেণ্ডৱাশ্বৰ সুবিধা উপলব্ধ হ’ব। জানিব পৰা মতে, ৰে’লৰ শ্লীপাৰ কোচত অন-ব’ৰ্ড হাউচ কিপিং সেৱাৰ জৰিয়তে এই সুবিধা প্ৰদান কৰা হ’ব।

 

মাছৰ মূৰ খাই ভাল পায় নে? পিছে জানেনে এয়া দেহৰ বাবে ভাল নে বেয়া!
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে কি কৰিব ? তৎক্ষণাত এই ঘৰৱা উপায় গ্ৰহণ কৰক...
কেৱল শৰীৰটো শীতল কৰাই নহয়, তুলসী গুটি খোৱাৰ উপকাৰিতা কি? জানক
ভাইৰেল ফটো-ভিডিঅ' ইণ্টাৰনেটৰ পৰা নোহোৱা কৰাৰ উপায় কি ? বিপদত পৰা আগতে জানক...