Indian Railways: ৰে’লৱে এই ৫ টা সেৱা টিকটৰ সৈতে বিনামূলীয়াকৈ প্ৰদান কৰে, অধিকাংশ যাত্ৰীয়ে নাজানে এই কথা!

Free Facility of Railways: প্ৰতিদিনে লাখ লাখ যাত্ৰী ৰে'লযোগে যাত্ৰা কৰে। যাত্ৰীৰ সুবিধাৰ কথা মনত ৰাখি ৰে'লৱেই বিভিন্ন বিনামূলীয়া সেৱা আগবঢ়ায়। অৱশ্যে এই বিনামূলীয়া সেৱাৰ বিষয়ে বহুতে নাজানে।

Indian Railways: ৰেলৱে এই ৫ টা সেৱা টিকটৰ সৈতে বিনামূলীয়াকৈ প্ৰদান কৰে, অধিকাংশ যাত্ৰীয়ে নাজানে এই কথা!

ৰে'লৱে এই ৫ টা সেৱা টিকটৰ সৈতে বিনামূলীয়াকৈ প্ৰদান কৰে

Published: 

09 Mar 2025 16:27 PM

ভাৰতীয় ৰে’লৱে বিশ্বৰ অন্যতম বৃহৎ ৰে’ল নেটৱৰ্ক। প্ৰতিদিনে লাখ লাখ যাত্ৰীয়ে ৰে’লযোগে যাত্ৰা কৰে। যাত্ৰীৰ সুবিধাৰ কথা মনত ৰাখি ৰে’লৱেই বিভিন্ন বিনামূলীয়া সেৱা আগবঢ়ায়। অৱশ্যে এই বিনামূলীয়া সেৱাৰ বিষয়ে বহুতে জ্ঞাত। দীৰ্ঘ দূৰত্বৰ ৰে’লত যাত্ৰাৰ সময়ত এই সেৱাসমূহ আপুনিও লাভ কৰিব পাৰে।

ভাৰতীয় ৰে’লৱেই AC ডবাত যাত্ৰা কৰা যাত্ৰীসকলক বিনামূলীয়াকৈ বিচনা চাদৰ, এখন হেণ্ড টাৱেল, কম্বল আৰু গাৰু প্ৰদান কৰে। এচি ফাৰ্ষ্ট ক্লাছ (A1), এচি ছেকেণ্ড ক্লাছ (AC2) আৰু এচি থাৰ্ড ক্লাছ (AC3)ৰ সকলো যাত্ৰীক এই সুবিধা প্ৰদান কৰা হয়। কিছুমান ৰে’লত শ্লীপাৰ ক্লাছৰ যাত্ৰীসকলকো এই সুবিধা প্ৰদান কৰে। যদি কোনো যাত্ৰীয়ে এই সুবিধা গ্ৰহণ নকৰে তেন্তে তেওঁ ইয়াৰ বাবে ধন ওভতাই দিবলৈ দাবী কৰিব পাৰে।

ৰে’লযোগে যাত্ৰা কৰাৰ সময়ত যদি কোনো যাত্ৰীয়ে অসুস্থ অনুভৱ কৰে তেন্তে ৰে’লৱে তেওঁক বিনামূলীয়া প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। গুৰুতৰ পৰিস্থিতিৰ ক্ষেত্ৰতো ৰে’লৱেই যাত্ৰীজনক পৰৱৰ্তী ষ্টেচনত নমাই চিকিৎসালয়লৈ লৈ গৈ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰে। ইয়াৰ বাবে যাত্ৰীসকলে ৰে’লৰ অধীক্ষক, টিকট কালেক্টৰ বা ৰে’লৱেৰ আন যিকোনো কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰিব পাৰে।

যদি আপুনি ৰাজধানী, শতাব্দী বা ডুৰন্টো এক্সপ্ৰেছৰ দৰে ৰে’লত যাত্ৰা কৰি আছে আৰু আপোনাৰ ৰে’ল দুঘণ্টাৰো অধিক পলম হয়, তেন্তে ৰে’লৱে যাত্ৰীসকলক বিনামূলীয়াকৈ খাদ্য যোগান ধৰে। ইয়াৰ বাবে কোনো অতিৰিক্ত ধন দিব নালাগে। যদি আপুনি আপোনাৰ প্ৰিয় খাদ্য অৰ্ডাৰ কৰিব বিচাৰে তেন্তে ৰে’লৱেৰ ই-কেটাৰিং সেৱা ব্যৱহাৰ কৰিব পাৰে।

ভাৰতীয় ৰে’লৱে বিভিন্ন ষ্টেচনত ক্ল’কৰুম আৰু লকাৰ ৰুমৰ সুবিধা দিয়া। য’ত যাত্ৰীসকলে নিজৰ সকলো বস্তু সৰ্বাধিক এমাহৰ বাবে জমা কৰিব পাৰে। এই সেৱা লাভ কৰিবলৈ একেবাৰে কম মাচুলৰ প্ৰয়োজন হয়।

যদি কোনো যাত্ৰীয়ে ৰে’ল সলনি কৰিব লাগে বা ষ্টেচনত কিছু সময় অপেক্ষা কৰিব লাগে, তেন্তে ষ্টেচনত থকা এচি বা নন-এচি ৱেইটিং হল ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে যাত্ৰীসকলে কেৱল নিজৰ বৈধ ৰে’লৰ টিকট দেখুৱাব লাগিব। পৃথকে ধন দিয়াৰ প্ৰয়োজন নাই।

ভাৰতীয় ৰে’লৱেৰ এই সুবিধাসমূহৰ উদ্দেশ্য হৈছে যাত্ৰীসকলৰ যাত্ৰা সহজ আৰু আৰামদায়ক কৰা। যদি কোনো যাত্ৰীয়ে এই সেৱাসমূহ নাপায়, তেন্তে ৰে’লৱে হেল্পলাইনত অভিযোগ কৰি প্ৰয়োজনীয় সহায় ল’ব পাৰে।

 

 

বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?
বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…
আই পি এলত হয়তো আপোনাৰো আছে প্ৰিয় দল! পিছে জানেনে দলৰ স্বত্বাধিকাৰীসকলৰ বিষয়ে…
আপুনিও নিশা দেৰিলৈকে নুশুৱে নেকি? তেন্তে জানক ইয়াৰ ফলত কি বিপদ হ'ব পাৰে...