শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Indian Railways: ৰে’লৰ টিকট ৰিজাৰ্ভেচন লিষ্টত ডাঙৰ পৰিৱৰ্তন, লাভ কৰিব এই সুবিধা…

Train Reservation List: এই নিয়ম যাত্ৰীসকলৰ বাবে অধিক সুবিধাজনক হ’ব। ইয়াৰ দ্বাৰা টিকট কনফাৰ্ম হৈছে নে নাই অলপ আগতেই জানিব পাৰিব। ইয়াৰ ফলত বিশেষকৈ যিসকলে দীৰ্ঘ দূৰত্বৰ ৰে’লত বহু দূৰ যাত্ৰা কৰিবলগা যাত্ৰীসকলে শেষ মুহূৰ্তত বিকল্প পৰিকল্পনাৰ চিন্তাৰ পৰা মুক্ত হ'ব।

Indian Railways: ৰে’লৰ টিকট ৰিজাৰ্ভেচন লিষ্টত ডাঙৰ পৰিৱৰ্তন, লাভ কৰিব এই সুবিধা…
ভাৰতীয় ৰে'লৱে
trishna-kalita
Trishna Kalita | Updated On: 18 Dec 2025 12:44 PM

এতিয়াৰে পৰা অধিক সহজ হৈ পৰিব ৰে’ল যাত্ৰা। যাত্ৰীসকলকৰ কথা মনত ৰাখি ভাৰতীয় ৰে’লৱেই লৈছে আন এটা ডাঙৰ সিদ্ধান্ত। এতিয়া ৮ ঘণ্টা নহয়, ১০ ঘণ্টা আগতেই আপুনি গ’ম পাব যে আপোনাৰ টিকট কনফাৰ্ম হৈছে নে নাই । ৰে’ল যাত্ৰাৰ কমেও ১০ ঘণ্টা পূৰ্বে আসন সংৰক্ষণৰ তালিকা বা সংৰক্ষণ তালিকা প্ৰকাশ কৰা হ’ব। পূৰ্বে এই তালিকাখন যাত্ৰাৰ ৮ ঘণ্টা আগতেই প্ৰকাশ পাইছিল।

যদিও ৰে’ল যাত্ৰাৰ আঠ ঘণ্টা আগতেই ৰিজাৰ্ভেচন লিষ্ট পোৱা গৈছিল। বহু সময়ত টিকট নিশ্চিত নোহোৱা যাত্ৰীসকলে যাত্ৰাৰ বিকল্প ব্যৱস্থা কৰিবলৈ সক্ষম হোৱা নাছিল। এই কাৰণেই সময় বৃদ্ধিৰ অনুৰোধ জনোৱা হৈছিল। এতিয়া যাত্ৰীসকলৰ কেইবাবাৰো অভিযোগ আৰু দাবীৰ অন্তত ৰিজাৰ্ভেচন তালিকা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে।

ধৰক পুৱা ৫ বজাৰ পৰা দুপৰীয়া ২ বজাৰ ভিতৰত এখন ৰে’লে যাত্ৰা কৰিব। তেনে ক্ষেত্ৰত আগদিনা ৰাতি ৮ বজাৰ ভিতৰত প্ৰথম ৰিজাৰ্ভচন লিষ্ট প্ৰস্তুত কৰা হ’ব। সেইদিনা দিনৰ ২ বজাৰ পৰা ১২ বজাৰ ভিতৰত আৰু নিশা ১২ বজাৰ পৰা ৫ বজাৰ ভিতৰত যাত্ৰা কৰিবলগীয়া ৰে’লৰ তালিকাও কমেও ১০ ঘণ্টা আগতীয়াকৈ প্ৰস্তুত কৰিব লাগিব।

এই নিয়ম যাত্ৰীসকলৰ বাবে অধিক সুবিধাজনক হ’ব। ইয়াৰ দ্বাৰা টিকট কনফাৰ্ম হৈছে নে নাই অলপ আগতেই জানিব পাৰিব। ইয়াৰ ফলত বিশেষকৈ যিসকলে দীৰ্ঘ দূৰত্বৰ ৰে’লত বহু দূৰ যাত্ৰা কৰিবলগা যাত্ৰীসকলে শেষ মুহূৰ্তত বিকল্প পৰিকল্পনাৰ চিন্তাৰ পৰা মুক্ত হ’ব।এই নিয়ম অনতিপলমে কাৰ্যকৰী কৰিবলৈ সকলো মণ্ডল বিভাগক নিৰ্দেশ দিয়া হৈছে বুলি অৱগত কৰিছে ৰে’লৱে ব’ৰ্ডে।

লগতে পঢ়ক: অষ্টম দৰমহা আয়োগত পেঞ্চনাৰসকলে নাপাব নেকি DA আৰু অন্যান্য সুবিধা? জানক…