শ্লীপাৰ ক্লাছত বেডৰোল নাপালে কি কৰিব ? লাভ কৰিব ধন !

যদি আপুনি এচি ডবাত উঠে, তেন্তে কোনো সমস্যা নহয়। ভাৰতীয় ৰে'লৱে আপোনাক বেডৰোল যোগান ধৰিব। কিন্তু ইয়াৰ মাজতে কেইবাটাও প্ৰশ্ন উত্থাপন হয়। শ্লীপাৰ ক্লাছত বেডৰোল পোৱা সম্ভৱনে ? যদি বেডৰোল লাভ নকৰে তেতিয়া কি কৰিব?

শ্লীপাৰ ক্লাছত বেডৰোল নাপালে কি কৰিব ? লাভ কৰিব ধন !
Published: 

30 Nov 2025 | 02:06 PM

ৰে’লযোগে যাত্ৰা কৰি প্ৰায় সংখ্যক লোকে ভাল পায়। ৰে’লযোগে কম খৰচত আৰামদায়ক যাত্ৰা কৰিব পাৰি। যদি আপুনি এচি ডবাত উঠে, তেন্তে কোনো সমস্যা নহয়। ভাৰতীয় ৰে’লৱে আপোনাক বেডৰোল যোগান ধৰিব। কিন্তু ইয়াৰ মাজতে কেইবাটাও প্ৰশ্ন উত্থাপন হয়। শ্লীপাৰ ক্লাছত বেডৰোল পোৱা সম্ভৱনে ? যদি বেডৰোল লাভ নকৰে তেতিয়া কি কৰিব?

ৰে’লৱেই দিয়া বেডৰোলটোত ২ টা গাৰু, ২ খন বেডছিট আৰু ১ খন কম্বল থাকে। ইয়াৰ লগতে টাৱেল এখনো দিয়া হয়। ফাষ্ট এচি, চেকেণ্ড এচি, থাৰ্ড এচি সকলো কোচতে দিয়া হয় এই বেডৰোল। ষ্টাৰ্ট ষ্টেচনৰ পৰা যাত্ৰা কৰা সকলেহে যে এই বেডৰোল পায় তেনে নহয়। মাজৰ যিকোনো ষ্টেচনৰ পৰা যাত্ৰা কৰিলেও পাব বেডৰোল। অৱশ্যে গৰিব ৰথ এক্সপ্ৰেছত বেডৰোল পাবলৈ অতিৰিক্ত ২৫ টকা দিবলগীয়া হয়।

এটা সংবাদ সংস্থাৰ মতে, শ্লীপাৰ ক্লাছৰ যাত্ৰীসকলে এটা বেডৰল লাভ কৰিব পাৰে। অৱশ্যে এই সুবিধা কেৱল কিছুমান বিশেষ ৰে’লতহে উপলব্ধ। আৰু সেই ক্ষেত্ৰত যাত্ৰীসকলে অতিৰিক্ত ধন খৰচ বহন কৰিব লাগিব। যদিও সঠিক পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই।

ৰে’লৱেই কেইবাটাও অধিসূচনা জাৰি কৰি কৈছে যে, যদি কোনো ৰে’লত বেডৰোলৰ ব্যৱস্থা কৰা নহয়, তেন্তে এই অভিযোগ ৰে’লখনৰ এটেণ্ডেণ্টক দিব পাৰে আৰু ক্লেইম কৰিব পাৰে। তেতিয়া আপুনি যিটো ষ্টেচনত নামিব তাতে আপুনি লাভ কৰিব ২০ টকা ৰিফাণ্ড।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...