লক্ষ্য “মিছন-৫০০” ! পাৰস্পৰিক শুল্ক কৰ্তনৰ সহমতত উপনীত ভাৰত-আমেৰিকা…
লাভজনক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱৰ অংশ হিচাপে কিছুমান সামগ্ৰীৰ ওপৰত শুল্ক কৰ্তন কৰিবলৈ চিন্ত-চৰ্চা কৰিছে ভাৰত আৰু আমেৰিকাই । ১৩ ফেব্ৰুৱাৰীত ভাৰত আৰু আমেৰিকাই দ্বিপাক্ষিক বাণিজ্যৰ বাবে নতুন লক্ষ্য "মিছন ৫০০" ৰ ওপৰত সহমতত উপনীত হয় ।

প্ৰতিনিধিত্বমলক ফটো
পাৰস্পৰিক শুল্ক কৰ্তনৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে ভাৰত-আমেৰিকা । চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি মনি কন্ট্ৰলে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, লাভজনক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱৰ অংশ হিচাপে কিছুমান সামগ্ৰীৰ ওপৰত শুল্ক কৰ্তন কৰিবলৈ চিন্ত-চৰ্চা কৰিছে ভাৰত আৰু আমেৰিকাই । এই সিদ্ধান্তই দুয়োখন দেশৰ দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে ।
১৩ ফেব্ৰুৱাৰীত ভাৰত আৰু আমেৰিকাই দ্বিপাক্ষিক বাণিজ্যৰ বাবে নতুন লক্ষ্য “মিছন ৫০০” ৰ ওপৰত সহমতত উপনীত হয়, যাৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত মুঠ দ্বিপাক্ষিক বাণিজ্য দুগুণতকৈও অধিক কৰি ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰা। এই লক্ষ্যত উপনীত হ’বলৈ দুয়োপক্ষই ২০২৫ চনৰ ভিতৰত পাৰস্পৰিকভাৱে লাভজনক, বহুখণ্ডীয় দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ (বিটিএ) প্ৰথম খণ্ডৰ আলোচনাৰ পৰিকল্পনাও ঘোষণা কৰে।
সেই অনুসৰি, আমেৰিকাই ভাৰতলৈ ঔদ্যোগিক সামগ্ৰীৰ ৰপ্তানি আৰু ভাৰতে আমেৰিকালৈ ভাৰতীয় উৎপাদিত সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰি দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবেও দুয়োপক্ষই সহযোগিতাৰ প্ৰতিশ্ৰুতি দিয়ে । একেদৰে কৃষি সামগ্ৰীৰ বাণিজ্য বৃদ্ধিৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে দুয়োখন দেশে।
সূত্ৰৰ খবৰ অনুসৰি, ট্ৰাম্পৰ প্ৰথমটো কাৰ্যকালত আমেৰিকাৰ সৈতে মিনি ট্ৰেড চুক্তিৰ বিষয়ে আলোচনা কৰিছিল ভাৰতে । কিন্তু এইবাৰ মিনি ট্ৰেড ডিল শব্দটো ব্যৱহাৰ কৰাৰ বিপৰীতে দ্বিপাক্ষিক ট্ৰেড ডিলৰ সৈতে আগবাঢ়ি যোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ভাৰতে । যোৱা ১৩ ফেব্ৰুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠকৰ সময়ত এই বিষয়ত আলোচনাও হয় ।
ইফালে, আমেৰিকাই এতিয়াও কোনো নিৰ্দিষ্ট ৰাষ্ট্ৰৰ বিৰুদ্ধে পাৰস্পৰিক শুল্ক ঘোষণা কৰা কৰাই। আমেৰিকাৰ পাৰস্পৰিক শুল্কৰ ওপৰত দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ সৈতে কোনো প্ৰভাৱ নাথাকে বুলিও স্পষ্ট কৰি দিছে সূত্ৰটোৱে ।
উল্লেখ্য যে, ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্যিক ঘাটি একেবাৰে কম । বিশ্ব বেংকৰ তথ্য অনুসৰি, চীনৰ সৈতে আমেৰিকাৰ সৰ্বাধিক ঘাটি প্ৰায় ৩০০ বিলিয়ন ডলাৰ । ইয়াৰ পাছতে মেক্সিকোৰ সৈতে ২০২৩ চনত আমেৰিকাৰ ঘাটি আছিল ২০০ বিলিয়ন ডলাৰত অধিক । ইয়াৰ তুলনাত ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্যিক ঘাটি মাত্ৰ ৪০ বিলিয়ন ডলাৰ।