সস্তা হ’ব সুৰা, ইলেক্ট্ৰিক গাড়ী ! চাওক ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ ফলত কি কি লাভ হ’ব ?

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ উপস্থিতিত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েল আৰু ব্ৰিটিছ বাণিজ্য মন্ত্ৰী জনাথন ৰেনল্ডে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ দ্বাৰা কি কি লাভ হ'ব চাওঁ আহক।

সস্তা হব সুৰা, ইলেক্ট্ৰিক গাড়ী ! চাওক ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ ফলত কি কি লাভ হব ?

ভাৰত ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ

Updated On: 

25 Jul 2025 21:37 PM

২৪ জুলাই বৃহস্পতিবাৰে তিনি বছৰীয়া আলোচনাৰ অন্তত ভাৰত-ব্ৰিটেইনৰ মাজত ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ হয়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ উপস্থিতিত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েল আৰু ব্ৰিটিছ বাণিজ্য মন্ত্ৰী জনাথন ৰেনল্ডে চুক্তিত স্বাক্ষৰ কৰে।

২০২০ চনত ব্ৰিটেইনে ইউৰোপীয় সংঘৰ পৰা আঁতৰি যোৱাৰ পিছত ব্ৰিটেইন আৰু যিকোনো দেশৰ মাজত এইখন সৰ্ববৃহৎ বাণিজ্যিক চুক্তি বুলি কোৱা হৈছে। এই চুক্তিৰ ফলত ভাৰত আৰু ব্ৰিটেইনৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ মূল্য বছৰি ৩৪ বিলিয়ন ডলাৰ হ’ব বুলি আশা কৰা হৈছে।

ভাৰতৰ লাভ কি?

কোৱা হৈছে যে, এই চুক্তিৰ ফলত চিকিৎসা সঁজুলি, ব্ৰিটেইনত নিৰ্মিত বা ব্ৰিটেইনৰ পৰা আমদানি কৰা বিমানৰ সঁজুলি পূৰ্বতকৈ সস্তা হ’ব। একেদৰে ব্ৰিটেইনত প্ৰস্তুত শীতল পানীয়, চকলেট, সৌন্দৰ্য্য সামগ্ৰী, বিস্কুট, গাড়ী ভাৰতীয়সকলৰ বাবে বহুত বেছি সুলভ হ’ব। এই সকলোবোৰ সামগ্ৰীৰ গড় শুল্ক আছিল আগতে ১৫ শতাংশ। মুক্ত বাণিজ্য চুক্তিৰ ফলত ৩ শতাংশলৈ হ্ৰাস পাব।

ইফালে, ইলেক্ট্ৰিক গাড়ীৰ শুল্ক ১১০ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰা হ’ব। এই বাণিজ্যিক চুক্তি কাৰ্যকৰী হোৱাৰ পিছত ব্ৰিটিছ কোম্পানীসমূহে ভাৰতলৈ হুইস্কি আৰু অন্যান্য সামগ্ৰী ৰপ্তানি কৰাত সহজ হ’ব। হুইস্কিৰ আমদানি শুল্ক ১৫০ শতাংশৰ পৰা ৭৫ শতাংশলৈ হ্ৰাস কৰা হ’ব। অহা ১০ বছৰত ইয়াক ৪০ শতাংশলৈ হ্ৰাস কৰা হ’ব।

ব্ৰিটেইনত বাস কৰাটো ভাৰতীয়সকলৰ বাবে অধিক সুবিধাজনক হ’ব। দুবছৰলৈ অফিচ অবিহনে ব্ৰিটেইনত ৩৫টা খণ্ডত কাম কৰিব পাৰিব ভাৰতীয়ই। ইয়াৰ দ্বাৰা বছৰি ৬০ হাজাৰ আই টি কৰ্মী উপকৃত হ’ব পাৰে। টিচিএছ, ইনফ’ছিছ, টেক মহিন্দ্ৰা, এইচচিএল আৰু উইপ্ৰ’ৰ দৰে কোম্পানীয়ে লাভৱান হ’ব। ভাৰতীয়সকলকো তিনি বছৰৰ বাবে ব্ৰিটেইনৰ সামাজিক সুৰক্ষাৰ খৰচৰ পৰা ৰেহাই দিয়া হ’ব।

ব্ৰিটেইনৰ লাভ কি?

এই চুক্তিৰ ফলস্বৰূপে ভাৰতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত যি শুল্ক আদায় কৰে সেয়া বহু পৰিমাণে হ্ৰাস পাব। ফলত কমেও ৯০ শতাংশ শুল্ক হ্ৰাস নিশ্চিত কৰা হ’ব পাৰে। ভাৰতীয় বজাৰত ব্যৱসায় কৰাৰ ক্ষেত্ৰত ব্ৰিটেইনে কেইবাটাও অতিৰিক্ত সুবিধা লাভ কৰিব।

২০ লাখৰো অধিক মূল্যৰ চৰকাৰী নিবিদাত বিভিন্ন ব্ৰিটিছ কোম্পানীয়ে অংশগ্ৰহণ কৰিব পাৰিব। অৰ্থাৎ ব্ৰিটেইনে প্ৰতি বছৰে ৪০ হাজাৰ নিবিদাত অংশগ্ৰহণ কৰাৰ সুযোগ পাব, যাৰ মূল্য ৪ লাখ কোটিতকৈও অধিক। মুক্ত বাণিজ্য চুক্তিৰ প্ৰত্যক্ষ ফলস্বৰূপে ব্ৰিটেইনে ২২০০ৰো অধিক চাকৰিৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ব। ব্ৰিটিছ কৰ্মচাৰীৰ আয় বছৰি ২.২ বিলিয়ন পাউণ্ড বৃদ্ধি পাব। একেদৰে দেশখনত কমিব কাপোৰ, জোতা আৰু বিভিন্ন খাদ্য সামগ্ৰীৰ দাম।

নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...
মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ
উপকাৰী গুণেৰে ভৰপূৰ হালধি মিহলি গাখীৰো হ’ব পাৰে ক্ষতিৰ কাৰণ, এইসকল লোক হওক সাৱধান
উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক