মেক ইন ইণ্ডিয়াৰ অগ্ৰগতি ! চীনক অতিক্ৰম কৰি আইফোন উৎপাদনৰ হাবলৈ পৰিণত হৈছে ভাৰত

আইফোন উৎপাদনত চীনতকৈ ভাৰতক অধিক গুৰুত্ব দিছে এপলে । বৰ্তমান এপলৰ ২০ শতাংশ আইফোন নিৰ্মাণ কৰা হয় ভাৰতত । আমেৰিকা আৰু চীনৰ মাজত শুল্ক যুদ্ধ আৰম্ভ হোৱাৰে পৰা এই গুৰুত্ব আৰু অধিক বৃদ্ধি পাবলৈ ধৰিছে ।

মেক ইন ইণ্ডিয়াৰ অগ্ৰগতি ! চীনক অতিক্ৰম কৰি আইফোন উৎপাদনৰ হাবলৈ পৰিণত হৈছে ভাৰত

আইফোন

Published: 

15 Apr 2025 14:43 PM

মাত্ৰ ১০ বছৰত আইফোন উৎপাদনৰ হাবলৈ পৰিণত হৈছে ভাৰত। এতিয়া আইফোন উৎপাদনত চীনতকৈ ভাৰতক অধিক গুৰুত্ব দিছে এপলে । বৰ্তমান এপলৰ ২০ শতাংশ আইফোন নিৰ্মাণ কৰা হয় ভাৰতত । ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত নৰেন্দ্ৰ মোদীয়ে মেক ইন ইণ্ডিয়াৰ আহ্বান জনাইছিল । বিদেশী কোম্পানীসমূহক ভাৰতত সামগ্ৰী নিৰ্মাণ কৰি সমগ্ৰ বিশ্বতে যোগান ধৰিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিশ্বৰ বিভিন্ন কোম্পানী আগবাঢ়ি আহিল। আৰু বিগত ১০ বছৰত ভাৰতত উৎপাদন বৃদ্ধিয়ে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে।

এপলে এতিয়া আইফোন উৎপাদনৰ বাবে চীনৰ পৰিৱৰ্তে ভাৰতক গুৰুত্ব দিছে। আমেৰিকা আৰু চীনৰ মাজত শুল্ক যুদ্ধ আৰম্ভ হোৱাৰে পৰা এই গুৰুত্ব আৰু অধিক বৃদ্ধি পাবলৈ ধৰিছে । চীনত নিৰ্মিত সামগ্ৰী আমেৰিকালৈ ৰপ্তানি হ’লে যি শুল্ক দিব লাগিব, সেই শুল্ক ভাৰতত নিৰ্মিত সামগ্ৰীৰ ওপৰত দিব নালাগে। এনে পৰিস্থিতিত এপলে ভাৰতত নিজৰ আইফোন নিৰ্মাণত অধিক গুৰুত্ব দিছে।

কোৱা হয় যে, ক’ৰণা সংকটৰ সময়ত এপলৰ উৎপাদন ইউনিত চীনৰ পৰা ভাৰতলৈ স্থানান্তৰিত হোৱাৰ ধাৰাটোৱে গতি লাভ কৰিছিল। সেই সময়ত চীন আছিল এপলৰ আইফোন উৎপাদনৰ সৰ্ববৃহৎ হাব। ক’ৰণাৰ সময়ত চীনত হোৱা ল’কডাউনৰ বাবে ভাৰতত আইফোন উৎপাদন বৃদ্ধিৰ বাবে এপলে পদক্ষেপ গ্ৰহণ কৰে। সেইটো প্ৰক্ৰিয়া এতিয়া আৰু অধিক বৃদ্ধি পাইছে। ব্লুমবাৰ্গৰ বাতৰি অনুসৰি, এপলে ভাৰতত ২০ শতাংশ আইফোন নিৰ্মাণ কৰে। অৰ্থাৎ বিশ্বৰ প্ৰতি ৫ টা আইফোনৰ ভিতৰত এটা আইফোন ভাৰতত নিৰ্মাণ কৰা হয়।

২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতে ২২ বিলিয়ন ডলাৰৰ আইফোন উৎপাদন কৰিছিল। যিটো পূৰ্বৰ বিত্তীয় বৰ্ষতকৈ ৬০ শতাংশ বেছি।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension