দাম কমিব গাড়ী, মদ আৰু ঔষধৰ ! ভাৰত-ইউৰোপীয় ইউনিয়নৰ চুক্তিত ফলত কি কি সামগ্ৰী সস্তা হ’ব?

এই চুক্তিক "Mother of All Deals" বুলি অভিহিত কৰিছে। এফালে এই চুক্তিয়ে ভাৰতীয় ৰপ্তানিৰ দুৱাৰ মুকলি কৰিব। আনহাতে, ইউৰোপীয় সামগ্ৰীও ঘৰুৱা বজাৰত সস্তা হ’ব বুলি আশা কৰা হৈছে।

দাম কমিব গাড়ী, মদ আৰু ঔষধৰ ! ভাৰত-ইউৰোপীয় ইউনিয়নৰ চুক্তিত ফলত কি কি সামগ্ৰী সস্তা হ’ব?
Published: 

28 Jan 2026 | 12:38 PM

১৮ বছৰীয়া অপেক্ষাৰ অন্ত পৰিল। অৱশেষত ভাৰত-ইউৰোপীয় সংঘই মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিলে। ইউৰোপীয় সংঘৰ সভানেত্ৰী উৰ্চুলা ভন ডাৰ লেয়েনে এই চুক্তিক “Mother of All Deals” বুলি অভিহিত কৰিছে। এফালে এই চুক্তিয়ে ভাৰতীয় ৰপ্তানিৰ দুৱাৰ মুকলি কৰিব। আনহাতে, ইউৰোপীয় সামগ্ৰীও ঘৰুৱা বজাৰত সস্তা হ’ব বুলি আশা কৰা হৈছে।

আটাইতকৈ ভাল খবৰটো সেইসকল লোকৰ বাবে যিসকলে ভৱিষ্যতে বিলাসী বাহন ক্ৰয় কৰাৰ কথা ভাবিছে। কাৰণ এনে গাড়ীৰ দাম কমি আহিব। এতিয়ালৈকে মাৰ্চিডিজ বেঞ্জ, বিএমডব্লিউ, অ’ডিৰ দৰে গাড়ীৰ আমদানি শুল্ক ১০০ শতাংশতকৈও অধিক। নতুন চুক্তিত ১৫ হাজাৰ ইউৰোৰ ওপৰৰ মূল্যৰ গাড়ীৰ ওপৰত শুল্ক ৪০ শতাংশ হ্ৰাস কৰা হ’ব। যিটো ভৱিষ্যতে ১০ শতাংশলৈ হ্ৰাস পাব। ফলত এনে গাড়ীৰ দাম কেইবা লাখ টকা হ্ৰাস পাব পাৰে। অৱশ্যে ভাৰতীয় অটোমোবাইল উদ্যোগক বচাবলৈও পদক্ষেপ লোৱা হৈছে। ২৫ লাখ টকাৰ তলৰ মূল্যৰ গাড়ী ইউৰোপৰ পৰা আমদানি কৰিব নোৱাৰিব। সেই সকলোবোৰ গাড়ী ভাৰতৰ মাটিত নিৰ্মাণ কৰিব লাগিব।

সুৰাপায়ীৰ বাবেও ভাল খবৰ। বৰ্তমান ফ্ৰান্স, ইটালী বা স্পেইনৰ পৰা আমদানি কৰা সুৰাৰ ওপৰত ১৫০ শতাংশ শুল্ক আছিল। যিটো ক্ৰমান্বয়ে ২০ শতাংশলৈ নামি আহিব। ইয়াৰ ফলত কেইবাটাও সুৰাৰ মূল্য হ্ৰাস পাব। কিন্তু ২.৫ ইউৰোতকৈ কম মূল্যৰ ৱাইনৰ বাবে কোনো ৰেহাই দিয়া হোৱা নাই। ইয়াৰ কাৰণ হ’ল ঘৰুৱা বজাৰখনক সুৰক্ষিত কৰা।

এই চুক্তিৰ ফলত ইউৰোপৰ পৰা আমদানি কৰা কেন্সাৰকে ধৰি বহু জটিল ৰোগৰ চিকিৎসা সঁজুলিৰ মূল্য হ্ৰাস পাব। ইয়াৰ উপৰিও ২৭ বিধ ভাৰতীয় ঔষধ ইউৰোপৰ বজাৰত প্ৰৱেশ কৰিব পাৰিব।

যদিহে উন্নত প্ৰযুক্তিৰ সঁজুলি, মোবাইল ফোন স্পেয়াৰ পাৰ্টছ আৰু বিমানৰ পাৰ্টছৰ পৰা শুল্ক আঁতৰোৱা হয়, তেন্তে উৎপাদনৰ খৰচ হ্ৰাস পাব। ফলত সাধাৰণ মানুহ উপকৃত হ’ব। ইয়াৰ উপৰিও যদি তীখা আৰু ৰাসায়নিক সামগ্ৰীৰ ওপৰত শুল্ক শূন্য হয় তেন্তে নিৰ্মাণ উদ্যোগৰ পৰা ৰেহাই পোৱা যাব। মুঠৰ ওপৰত এই চুক্তিয়ে ভাৰতৰ ৰপ্তানি বৃদ্ধি কৰিব। ইয়াৰ উপৰিও ভাৰতীয় বজাৰত ইউৰোপীয় সামগ্ৰীৰ মূল্যও হ্ৰাস পাব। গতিকে ক’ব পাৰি যে এয়া সকলো পক্ষৰ বাবে ভাল খবৰ।

লিভাৰ চিৰ’ছিছ হ’লে প্ৰথমে শৰীৰত দেখা যায় এইবোৰ লক্ষণ, জানক...
আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে নেকি ? নিয়ন্ত্ৰণ কৰাৰ ঘৰুৱা উপায় জানক
এই ৫টা অভ্যাসে নষ্ট কৰিব পাৰে আপোনাৰ দাঁত...
ছাল অকালতে বৃদ্ধ দেখাৰ ৫টা অভ্যাস কি কি?
৭৭ সংখ্যক গণৰাজ্য দিৱসত বায়ুসেনাৰ AIR SHOW
কৰ্তব্য পথত উজলিল অসমৰ টেৰাকোটা শিল্প
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান