পোনে পোনে যাব পাৰিব চীনলৈ! ভাৰতৰ সৈতে ডাঙৰ সিদ্ধান্ত লোৱাৰ দিশে চুবুৰীয়া ৰাষ্ট্ৰ…

সম্পৰ্ক হোৱাৰ দিশে ভাৰত-চীনৰ সম্পৰ্ক। বিগত সময়চোৱাত দেশ দুখনে সম্পৰ্ক উন্নত কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। ইয়াৰ মাজতে এতিয়া বিমান সেৱা আৰম্ভ কৰাৰ বাবে সাজু হৈছে।

পোনে পোনে যাব পাৰিব চীনলৈ! ভাৰতৰ সৈতে ডাঙৰ সিদ্ধান্ত লোৱাৰ দিশে চুবুৰীয়া ৰাষ্ট্ৰ...

ভাৰত-চীন

Published: 

18 Aug 2025 | 12:44 PM

বৰ্তমান বিশ্ব ৰাজনীতি সলনি হোৱাৰ পথত! যোৱা কেইটামান মাহত বিশ্বত হোৱা ৰাজনৈতিক ঘটনা-পৰিঘটনাই এয়া হ’বলৈ বাধ্য কৰাইছে। আমেৰিকাই ভাৰতৰ বিৰুদ্ধে শত্ৰুভাৱ প্ৰদৰ্শন কৰাৰ মাজতে চীনে আগবঢ়াইছে বন্ধুত্বৰ হাত। অৱশ্যে চীনৰ এই প্ৰস্তাৱ একপক্ষীয় নহয়। ভাৰতেও দেশখনৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰি আছে। এনে ক্ষেত্ৰত দেশকেইখনে বাণিজ্য সম্প্ৰসাৰণ কৰাকলৈও চেষ্টা কৰি গৈছে।

ইয়াৰ মাজতে ভাৰত-চীনৰ সম্পৰ্ক উন্নত হোৱাৰ আন এক সংকেত দেখা গৈছে। কিয়নো শীঘ্ৰেই আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ প্ৰত্যক্ষ বিমান সেৱা। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা বিমান সেৱা পুনৰ আৰম্ভ হোৱাৰ বিষয়টোৱে দুই দেশৰ সম্পৰ্ক উন্নত হোৱাৰ ইংগিত দিয়ে।

এই সন্দৰ্ভত যোৱা বৃহস্পতিবাৰে চীনে কয় যে, বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে ভাৰতৰ সৈতে আলোচনা চলি আছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ প্ৰবক্ত লিয় জিয়ানে কয় যে, আমি ভাৰতৰ সৈতে যোগাযোগত আছো যাতে দুই দেশৰ মাজত পুনৰ বিমান সেৱা আৰম্ভ কৰিব পৰা যায়। এই বিষয়টোৰ ওপৰত কাম কৰি থকা হৈছে।

বিশেষজ্ঞসকলৰ মতে  ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰৰ ভিতৰত টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সময়ত এই ঘোষণা হ’ব পাৰে। এই সময়চোৱাত ভাৰত আৰু চীনৰ মাজত বহু দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকৰ মাজতে বিমান সেৱাকলৈও ঘোষণা হোৱাৰ সম্ভাৱনা অধিক। যদি এনে হয় তেন্তে প্ৰায় ৫ বছৰৰ পাছত ভাৰতে চীনৰ সৈতে প্ৰত্যক্ষ বিমান যোগাযোগ আৰম্ভ কৰিব।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি, অহা ছেপ্টেম্বৰৰ পৰা দেশৰ আগশাৰীৰ বিমান সংস্থা ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াক পোনপটীয়াকৈ ভাৰত-চীন বিমান সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সাজু হ’বলৈ কোৱা হৈছে। উল্লেখ্য যে, কোৰোনা মহামাৰীৰ সময়ত ভাৰত-চীনৰ পোনপটীয়া বিমান সেৱা বন্ধ কৰি দিয়া হৈছিল।

তাৰ পিছত ২০২০ চনৰ জুন মাহত গালৱান ঘাটীত ভাৰতীয় আৰু চীনৰ জোৱানৰ মাজত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। সেই ঘটনাৰ পিছত পোনপটীয়া ভাৰত-চীন বিমান সম্পূর্ণৰূপে বন্ধ হৈ যায়। অৱশ্যে তাৰ আগতে চীন ইষ্টাৰ্ন এয়াৰলাইন্স বা এয়াৰ চাইনা আদি চীন চৰকাৰী বিমান সংস্থাই নতুন দিল্লীকে ধৰি ভাৰতৰ কেইবাখনো চহৰলৈ বিমান সেৱা আগবঢ়াইছিল। গতিকে তেনেস্থলত ভাৰত-চীনৰ মাজত পুনৰ যদি বিমান সেৱা আৰম্ভ হয় তেন্তে ই দুই দেশৰ বাণিজ্যৰ লগতে সম্পৰ্কতো কিছু সাৰ পানী যোগাব।

 

 

অন্য খবৰ পঢ়কঃ ট্ৰাম্পৰ ভাবুকিৰ মাজতে দূৰত্ব হ্ৰাস! শীঘ্ৰেই ভাৰতলৈ আহিব চীনৰ বৈদেশিক মন্ত্ৰী…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...