ঘড়ীৰ পৰা হেণ্ডবেগলৈ, বিলাসী সামগ্ৰীৰ ওপৰত ১ শতাংশ টিচিএছঃ আঁৰত আছে এনে উদ্দেশ্য

বিলাসী সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত আয়কৰ বিভাগে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত। এতিয়াৰ পৰা ১০ লাখ টকাৰো অধিক মূল্যৰ বিলাসী সামগ্ৰীৰ ওপৰত বিক্ৰীৰ স্থানত ১ শতাংশ টেক্স কলেক্টেড এট ছ’ৰ্চ (টিচিএছ) আৰোপ কৰা হ’ব। এক আনুষ্ঠানিক অধিসূচনাযোগে আয়কৰ বিভাগে এই সিদ্ধান্ত কাৰ্যকৰী কৰিছে।

ঘড়ীৰ পৰা হেণ্ডবেগলৈ, বিলাসী সামগ্ৰীৰ ওপৰত ১ শতাংশ টিচিএছঃ আঁৰত আছে এনে উদ্দেশ্য

বিলাসী সামগ্ৰীৰ ওপৰত নতুন কৰ

Updated On: 

24 Apr 2025 | 08:34 PM

বিলাসী সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত আয়কৰ বিভাগে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত। এতিয়াৰ পৰা ১০ লাখ টকাৰো অধিক মূল্যৰ বিলাসী সামগ্ৰীৰ ওপৰত বিক্ৰীৰ স্থানত ১ শতাংশ টেক্স কলেক্টেড এট ছ’ৰ্চ (টিচিএছ) আৰোপ কৰা হ’ব। এক আনুষ্ঠানিক অধিসূচনাযোগে আয়কৰ বিভাগে এই সিদ্ধান্ত কাৰ্যকৰী কৰিছে। অৱশ্যে মঙলবাৰৰ পৰাই কাৰ্যকৰী হৈছে এই নতুন নিয়ম। বিগত বৰ্ষৰ জুলাই মাহত কেন্দ্ৰীয় বাজেটত মটৰ গাড়ীৰ লগতে আন কিছুমান সামগ্ৰী টিচিএছৰ পৰিসৰলৈ অনাৰ সিদ্ধান্ত ঘোষণা কৰা হৈছিল। এতিয়া আয়কৰ বিভাগে অন্যান্য সামগ্ৰীৰ শ্ৰেণীসমূহ অৱগত কৰিছে।

এই পদক্ষেপে কৰ কৰ্তৃপক্ষক এনে বিলাসী সামগ্ৰীৰ বিক্ৰীৰ তথ্য বিচাৰি উলিওৱাত সহায় কৰিব আৰু কৰদাতাৰ আয়কৰ প্ৰফাইলৰ সৈতে মিলাই যিকোনো সম্ভাৱ্য কৰফাঁকি ধৰা পেলাব বুলি আশা কৰা হৈছে। ২২ এপ্ৰিল তাৰিখৰ এক অধিসূচনাযোগে আয়কৰ বিভাগে ১০ লাখ টকাৰ অধিক মূল্যৰ এই বিলাসী সামগ্ৰী বিক্ৰীৰ ওপৰত টিচিএছ লেভিৰ নতুন নিয়মৰ বিষয়ে অৱগত কৰিছে।

বিভাগে শ্বেয়াৰ কৰা তালিকা অনুসৰি যিকোনো হাতঘড়ীৰ বিক্ৰী; যিকোনো শিল্পকৰ্ম যেনে প্ৰাচীন সামগ্ৰী, চিত্ৰকলা, ভাস্কৰ্য; যিকোনো সংগ্ৰহযোগ্য সামগ্ৰী যেনে মুদ্ৰা, ডাকটিকট; যিকোনো ৰ’য়িং ব’ট, হেলিকপ্টাৰ; যিকোনো ছানগ্লাছ; যিকোনো ধৰণৰ হেণ্ডবেগ, পাৰ্চ; যিকোনো জোতা; ক্ৰীড়াৰ সাজ-পোছাক আৰু সঁজুলি যেনে গলফ কিট, স্কি-ৱেৰ; যিকোনো হোম থিয়েটাৰ চিষ্টেম; আৰু ৰেচিং বা প’ল’ৰ বাবে ঘোঁৰাৰ বিক্ৰীৰ ওপৰত ১ শতাংশ টিচিএছ আৰোপ কৰা হ’ব।

কৰ বিশেষজ্ঞসকলৰ মতে, বিলাসী সামগ্ৰীৰ ওপৰত টিচিএছ আৰোপ কৰাৰ পদক্ষেপে কৰ ভিত্তি সম্প্ৰসাৰণত সহায় কৰিব। বিলাসী সামগ্ৰী ক্ৰেতাসকলে অতিৰিক্ত কে ৱাই চিৰ প্ৰয়োজনীয়তাৰ সন্মুখীন হ’ব পাৰে বুলিও তেওঁলোকে লগতে কয়। উল্লেখ্য যে ২০২৪ চনৰ জুলাই মাহত দাখিল কৰা ২০২৪-২৫ চনৰ বাজেটত আয়কৰ আইনৰ ২০৬চি ধাৰা সংশোধনৰ কথা উল্লেখ কৰা হৈছিল।

বিত্ত আইন, ২০২৪ত উল্লেখ কৰা হৈছিল যে কেন্দ্ৰীয় চৰকাৰে অধিসূচনাৰ জৰিয়তে নিৰ্দিষ্ট কৰিব পৰাকৈ ১০ লাখ টকাৰ ওপৰৰ মটৰ গাড়ী বা আন যিকোনো সামগ্ৰীৰ বিক্ৰেতাই আয়কৰ হিচাপে বিক্ৰীৰ বিবেচনাত ক্ৰেতাৰ পৰা ১ শতাংশ টিচিএছ সংগ্ৰহ কৰিব লাগিব। ১০ লাখ টকাৰ ওপৰৰ মটৰ গাড়ীৰ বাবে টিচিএছ লেভি চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল। অন্যান্য শ্ৰেণীৰ সামগ্ৰীৰ বিষয়ে এতিয়া অৱগত কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...