আপোনাৰ পেন কাৰ্ড বন্ধ হৈ পৰিছে নেকি? ঘৰত বহি এইদৰে সক্ৰিয় কৰক…

আপোনাৰ পুৰণি পেন কাৰ্ডখন পেন কাৰ্ড 2.0 হিচাপে সক্ৰিয় কৰিবলৈ এই সহজ পদ্ধতি অবলম্বন কৰক। লগতে, আপোনাৰ আধাৰ কাৰ্ডখন এনেদৰে ঘৰত বহি পেন কাৰ্ডৰ সৈতে লিংক কৰক।

আপোনাৰ পেন কাৰ্ড বন্ধ হৈ পৰিছে নেকি? ঘৰত বহি এইদৰে সক্ৰিয় কৰক...

আপোনাৰ পেন কাৰ্ড বন্ধ হৈ পৰিছে নেকি?

Updated On: 

06 Dec 2024 | 04:08 PM

আয়কৰ বিভাগে মুকলি কৰিছে পেন কাৰ্ডৰ এক নতুন সংস্কৰণ । ইয়াক পেন কাৰ্ড 2.0 বুলি কোৱা হৈছে। এয়া পুৰণি পেন কাৰ্ডৰ এক আপডেট সংস্কৰণ। বিশেষ কথাটো হ’ল যে এতিয়া পেন (Permanent Account Number) আৰু টেন (Tax Deduction and Collection Account Number) সম্পৰ্কীয় সেৱাবোৰ একেটা পৰ্টেললৈ অনা হৈছে। একে সময়তে, যিসকলৰ ওচৰত পুৰণি পেন কাৰ্ড আছে, তেওঁলোকে সেইবোৰ পুনৰ বনোৱাৰ প্ৰয়োজন নাই।  তেওঁলোকে কেৱল পুৰণি পেন কাৰ্ড আপডেট কৰিব লাগিব। অৱশ্যে, আপুনি আপোনাৰ পুৰণি পেন কাৰ্ড আপডেট কৰিব লাগিব, কিয়নো কেতিয়াবা আয়কৰ বিভাগে বহুতো কাৰণত আপোনাৰ পেন কাৰ্ড নিষ্ক্ৰিয় কৰিব পাৰে। এনে পৰিস্থিতিত, আপুনি ঘৰতে বহি জানিব পাৰিব যে আপোনাৰ পেন কাৰ্ড সক্ৰিয় হৈ আছে নে নাই?

লিংক নহ’লে ভৰিব লাগিব জৰিমনা

যদি পেন কাৰ্ডখন নিষ্ক্ৰিয় হৈ আছে, তেন্তে ইয়াক সক্ৰিয় কৰিবলৈ, প্ৰথমে আপুনি পৰীক্ষা কৰিব লাগিব যে আপোনাৰ পেন আধাৰৰ সৈতে লিংক হৈ আছে নে নাই। যদি আপুনি এতিয়ালৈকে পেন আৰু আধা লিংক কৰা নাই, তেন্তে আপুনি ১০০০ টকা জৰিমনা পৰিশোধ কৰিব লাগিব। আয়কৰ বিভাগে কৈছিল যে, যিকোনো ব্যক্তি যাৰ পেন কাৰ্ড ৩০ জুন ২০২৩ৰ ভিতৰত আধাৰৰ সৈতে লিংক কৰা হোৱা নাই, সেইবোৰ ১জুলাই ২০২৩ৰ পিছত স্বয়ংক্ৰিয়ভাৱে নিষ্ক্ৰিয় কৰা হ’ব। অৱশ্যে, নিষ্ক্ৰিয় কৰা পেন কাৰ্ডখন পুনৰ সক্ৰিয় কৰিব পাৰিব।

পেন কাৰ্ডখন নিষ্ক্ৰিয় হ’লে কি হ’ব?

যদি আপোনাৰ পেন কাৰ্ড নিষ্ক্ৰিয় কৰা হৈছে, তেন্তে আপোনাৰ টিডিএছ (Tax Deducted at Source) আৰু টিচিএছ (Tax Collected at Source)) স্বাভাৱিক কৰ শ্লেবতকৈ অধিক হাৰত প্ৰচেচ কৰা হ’ব।
ইয়াৰ বাহিৰে, যদি আপোনাৰ টেক্স ৰিফাণ্ড পাব লগীয়া থাকে, তেন্তে ইয়াক পৰিশোধ কৰা নহ’ব। লগতে,  এনে ৰিফাণ্ড ওপৰত সূতো নাপাব।

 কেনেদৰে অনলাইন আপডেট কৰিব?

  • প্ৰথমে nsdl ৰ ই-গভৰ্ণেন্স পৰ্টেললৈ যাওক
  • সেৱাত ক্লিক কৰক আৰু “পেন” বাছনি কৰক
  • পেন ডাটাৰ পৰিৱৰ্তনত ক্লিক কৰক আৰু আবেদন কৰক
  • প্ৰয়োজনীয় তথ্য পূৰণ কৰক আৰু প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰক

পেন 2.0ত কিবা বিশেষ আছে নেকি?

আপডেট কৰা পেন কাৰ্ডখনত সুৰক্ষা সুবিধা আৰু কেইবাটাও কাৰিকৰী সংস্কাৰ কৰা হৈছে। য’ত এটা নতুন QR কোড যোগ দিয়া হৈছে। এই কোডত পেন কাৰ্ড ধাৰকৰ নাম আৰু পেন নম্বৰ অন্তৰ্ভুক্ত থাকিব, যাক স্কেন কৰি প্ৰমাণীকৰণ প্ৰক্ৰিয়াক সহজ কৰা হৈছে। এই সময়ৰ পৰা, পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক কৰা হৈছে, যাতে কৰ জমাকৰ্তাৰ পৰিচয় সঠিকভাৱে লাভ কৰিব পৰা যায়।

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব