Car Insurance: গৰুৰ বাবে আপোনাৰ বাহনৰ ক্ষতি হ’লে বীমা কোম্পানীয়ে ক্ষতিপূৰণ দিবনে? নিয়ম জানক

আপুনি কেতিয়াবা ভাবিছেনে, যদি আপোনাৰ একমাত্ৰ উপাৰ্জনৰ উৎস বা মৰমৰ বাহনখন গৰু-ম’হৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয় তেন্তে কি হ’ব? বীমা কোম্পানীয়ে ইয়াৰ ক্ষতিপূৰণ দিবনে?

Car Insurance: গৰুৰ বাবে আপোনাৰ বাহনৰ ক্ষতি হ’লে বীমা কোম্পানীয়ে ক্ষতিপূৰণ দিবনে? নিয়ম জানক

প্ৰতীকি ফটো

Updated On: 

05 May 2025 12:40 PM

প্ৰায়ে গাঁৱৰ পথত বাহন চলোৱাৰ সময়ত গৰুৰ বাবেই অতি সাৱধান হ’বলগীয়া হয়। বহু সময়ত বাহনৰ আগত গৰু-ম’হ অহাৰ ফলত সৰু-ডাঙৰ দুৰ্ঘটনাও সংঘটিত। চহৰৰ ৰাজপথত এই সমস্যা নহয় যদিও সমগ্ৰ দেশৰে গাঁওসমূহত ৰাস্তাৰ মাজত গৰু ঘূৰি ফুৰাটো অতি সাধাৰণ কথা। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে, যদি আপোনাৰ একমাত্ৰ উপাৰ্জনৰ উৎস বা মৰমৰ বাহনখন এই গৰু-ম’হৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয় তেন্তে কি হ’ব? বীমা কোম্পানীয়ে ইয়াৰ ক্ষতিপূৰণ দিবনে?

বিশেষজ্ঞৰ মতে, যদি আপুনি কোনো থাৰ্ড পাৰ্টিৰ বাহনৰ বীমা চলাই আছে তেন্তে বীমা কোম্পানীয়ে এনে ঘটনাৰ ক্ষতিপূৰণ নিদিয়ে। কিন্তু যদি আপুনি স্মাৰ্ট আৰু এটা কম্প্ৰেহেনচিভ নীতি গ্ৰহণ কৰে তেন্তে ধন পোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়।

এই কম্প্ৰেহেনচিভ পলিচি কি? (Comprehensive Insurance Policy )

আপোনাৰ বাহনৰ সৈতে হোৱা দুৰ্ঘটনা আৰু চুৰি আদি ক্ষেত্ৰতে আপোনাক ক্ষতিপূৰণ দিয়া নিয়মটোকে কম্প্ৰেহেনচিভ পলিচি বুলি কোৱা হয়। বাহনখনৰ সৈতে যিকোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হ’লে এই পলিচি বাহনৰ মালিকসকলৰ বাবে একমাত্ৰ ভৰষা হৈ পৰে।

কিন্তু এই থাৰ্ড পাৰ্টি বা তৃতীয় পক্ষৰ বীমা কি?

সূত্ৰৰ মতে, তৃতীয় পক্ষৰ বীমা হৈছে এনে এক প্ৰকাৰৰ বীমা য’ত দুৰ্ঘটনা সংঘটিত কৰা চালকজনক নহয়, দুৰ্ঘটনাত পতিত হোৱা ব্যক্তিজনক ক্ষতিপূৰণ দিয়া হয়। ধৰি লওক আপুনি আপোনাৰ গাড়ীৰে আন কাৰোবাৰ গাড়ীত খুন্দা মাৰিলে। সেই ক্ষেত্ৰত দুয়োখন গাড়ীৰ ক্ষতিসাধন হয়। কিন্তু আপোনাৰ সলনি আপুনি যাৰ গাড়ীত খুন্দা মাৰিলে তেওঁকহে ক্ষতিপূৰণ দিয়া হ’ব।

কেইখিলামান পদূনা পাত গ্ৰীষ্মকালত আপোনাৰ দেহৰ বাবে হ’ব সঞ্জীৱনি সদৃশ, এনে উপকাৰিতাৰ বিষয়ে জানেনে?
লিভাৰৰ সমস্যা হ'লে আপোনাৰ ছালত কেনেধৰণৰ লক্ষণে দেখা দিব ? জানক
মানি প্লাণ্টৰ বাবে পানী নে মাটি বেছি ভাল ? ক'ত ৰখা উচিত ?
শাৰীৰিক সম্পৰ্ক স্থাপনৰ সময়ত হ'ব পাৰে বিশেষ সংক্ৰমণ! জানক ইয়াৰ লক্ষণসমূহ...