বিপদত ভাৰত! চীনৰ সিদ্ধান্তৰ ফলত ৰপ্তানিৰ ক্ষেত্ৰত লোকচান হ’ব পাৰে ৩২ বিলিয়ন ডলাৰ…

চীনৰ এক সিদ্ধান্তই বিপদত পেলাব পাৰে ভাৰতক। চীনে বহু দিশৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে, যাৰ ফলত ৰপ্তানি ক্ষেত্ৰখনত ৩২ বিলিয়ন ডলাৰৰ লোকচান হ'ব পাৰে।

বিপদত ভাৰত! চীনৰ সিদ্ধান্তৰ ফলত ৰপ্তানিৰ ক্ষেত্ৰত লোকচান হব পাৰে ৩২ বিলিয়ন ডলাৰ...

ভাৰত-চীন

Published: 

18 Jul 2025 10:40 AM

চীনৰ এক সিদ্ধান্তই বিপদত পেলাব পাৰে ভাৰতক। চুবুৰীয়া ৰাষ্ট্ৰখনৰ এক সিদ্ধান্তৰ পাছতে ভাৰতৰ ইলেক্ট্ৰনিকছ উদ্যোগে সকীয়াই দিছে যে চীনৰ অনানুষ্ঠানিক বাণিজ্যিক বাধাই ভাৰতৰ স্মাৰ্টফোন ৰপ্তানিৰ দিশটোত গুৰুতৰ ভাবুকি প্ৰদান কৰিব পাৰে।ইণ্ডিয়া চেলুলাৰ এণ্ড ইলেক্ট্ৰনিকছ এছ’চিয়েশ্যন (ICEA)য়ে  চৰকাৰলৈ লিখা এখন পত্ৰযোগে কয় যে চীনে আনুষ্ঠানিক অধিসূচনা অবিহনে ইচ্ছাকৃতভাৱে বাধা আৰোপ কৰিছে। এই নিষেধাজ্ঞাসমূহ মূলধনী সঁজুলি, খনিজ আৰু কাৰিকৰী কৰ্মীৰ ওপৰত, যাৰ ফলত খৰচ অধিক হৈছে। যদি এনে হৈ থাকে তেন্তে ভাৰতে প্ৰায় ৩২ বিলিয়ন ডলাৰৰ লোকচানৰ সন্মুখীন হ’ব পাৰে। কিয়নো এই বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ লক্ষ্য হৈছে ৩২ বিলিয়ন ডলাৰৰ স্মাৰ্টফোন ৰপ্তানি।

আইচিইএই কয় যে চীনৰ উদ্দেশ্য হৈছে ভাৰতৰ যোগানৰ ধাৰাক প্ৰভাৱিত কৰা লগতে বিশ্বব্যাপী উৎপাদন কেন্দ্ৰত লাভ কৰা অগ্ৰগতিত বন্ধ কৰা। চীনৰ এই নিষেধাজ্ঞাৰ বাবে এতিয়া নিৰ্মাতাসকলৰ খৰচ বৃদ্ধি পাইছে। ইয়াৰোপৰি ডেলিভাৰীত সমস্যা হৈছে।গতিকে এনে ক্ষেত্ৰত ভাৰত চৰকাৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ICEAয়ে। জানিব পৰা মতে, বৰ্তমান এপল, গুগল, মটৰ’লা, ফক্সকন, ভিভ’, অ’প’, লাভা, ডিক্সন, ফ্লেক্স আৰু টাটা ইলেক্ট্ৰনিকছৰ দৰে কোম্পানীসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, এপলৰ ক্ষেত্ৰখনত ইলেক্ট্ৰনিকছ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতে বিশ্বব্যাপী বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে। তেনে সময়তে চীনৰ এই নিষেধাজ্ঞাই গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। প্ৰায় ৫ বছৰ আগলৈকে আইফোনৰ সকলো সামগ্ৰী চীনত নিৰ্মাণ কৰা হৈছিল যদিও এতিয়া এপলে ভাৰতৰ ওপৰত নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিছে। ২০২০ চনত আৰম্ভ হোৱা ভাৰতৰ প্ৰডাকচন লিংকড ইনচেন্টিভ (PLI) আঁচনিৰ অধীনত ফক্সকন আৰু টাটা ইলেক্ট্ৰনিকছৰ সহযোগত এপলে ভাৰতত উৎপাদন বৃদ্ধি কৰিছে।

তথ্য অনুসৰি, এতিয়া বিশ্বব্যাপী আইফোন উৎপাদনৰ ২০% ভাৰতত হয়। এপল, গুগল আৰু মটৰ’লাই এতিয়া ভাৰতৰ পৰা আমেৰিকালৈ স্মাৰ্টফোন ৰপ্তানি কৰি আছে।  ইয়াৰোপৰি ভাৰতত চেমচাঙৰ উৎপাদন ক্ষমতা শক্তিশালী যদিও ইয়াৰ মূল ৰপ্তানি কেন্দ্ৰ ভিয়েটনাম।

২০২০ চনৰ পৰা ভাৰতত স্মাৰ্টফোন উৎপাদন বৃদ্ধি পাইছে। ২০২৫ চনৰ বিত্তীয় বৰ্ষত ভাৰতে ৬৪ বিলিয়ন ডলাৰৰ স্মাৰ্টফোন নিৰ্মাণ কৰিছিল, ইয়াৰে ২৪.১ বিলিয়ন ডলাৰ ৰপ্তানি হৈছিল। এনে ক্ষেত্ৰত স্মাৰ্টফোন ভাৰতৰ শীৰ্ষ ৰপ্তানি সামগ্ৰী হিচাপে পৰিগণিত হৈছে।

কিন্তু ICEAয়ে সকীয়াই দিছে যে চীনৰ নিষেধাজ্ঞাই  ৰপ্তানিৰ ক্ষেত্ৰত প্ৰভাৱিত কৰিব পাৰে। জানিব পৰা মতে, চীনে যোৱা বছৰ মূলধনী সঁজুলিৰ ওপৰত নিষেধাজ্ঞা আৰম্ভ কৰিছিল, কিন্তু এতিয়াল বহু ইলেক্ট্ৰনিকছ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে। এইবোৰে উৎপাদন ব্যয় ৩-৪ গুণ বৃদ্ধি কৰিছে।

চীনে নিজৰ কিছুমান কোম্পানীক ভাৰতত কাম-কাজ বন্ধ কৰিবলৈ নিৰ্দেশ কৰাৰ লগতে প্ৰশিক্ষিত ভাৰতীয় কৰ্মীক আঁতৰাবলৈ কৈছে। ইয়াৰোপৰি চীনা মূলৰ শ শ শ্ৰমিকক মিড ৱেলৈ ঘূৰি হৈছে, যাৰ ফলত প্ৰযুক্তি হস্তান্তৰ আৰু দক্ষতা প্ৰশিক্ষণৰ প্ৰভাৱ পৰিছে। গতিকে চীনৰ এনে পদক্ষেপৰ ফলত ভাৰতৰ বাণিজ্যিক ক্ষেত্ৰখনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

 

 

অন্য খবৰ পঢ়কঃ পহলগাম কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা TRF ক বিদেশী সন্ত্ৰাসবাদী সংগঠন ঘোষণা আমেৰিকাৰ…

শাওনৰ প্ৰথম সোমবাৰে শিৱলিংগত অৰ্পণ কৰক এই ৭টা বস্তু, পূৰণ হ'ব সকলো মনোকামনা
বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?
শৰীৰত ভিটামিনৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...
মহাদেৱৰ কৃপা লাভ কৰিলে কি ৩টা সংকেতে দেখা দিয়ে? জানক...