কেন্দ্ৰীয় চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেটে কেনেদৰে লাভান্ৱিত কৰিব চীনক…?

চীনক সুখী কৰিব পৰাকৈ ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত আছে কি? ভাৰতৰ বাজেট চীনৰ বাবে সুখৰ উৎস বুলি বিশ্লেষণ কৰিছে অৰ্থনৈতিক বিশেষজ্ঞসকলে । কিন্তু কিয় ?

কেন্দ্ৰীয় চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেটে কেনেদৰে লাভান্ৱিত কৰিব চীনক...?

ভাৰতৰ বাজেটক লৈ সুখী চীনৰ কোম্পানী

Updated On: 

02 Feb 2025 | 07:11 PM

২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে দেশৰ মধ্যবিত্তকে নহয়, প্ৰভাৱিত কৰিলে চুবুৰীয়া চীনক । এই বাজেটকলৈ অধিক সুখী চীন ! শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটৰ পৰা সাধাৰণ মানুহে বহুখিনিয়ে পালে । চূড়ান্ত আয়কৰ ৰেহাইৰ পৰা আৰম্ভ কৰি জীৱন দায়িনী ঔষধৰ ৰেহাইলৈকে, এই সিদ্ধান্তই বাজেটখনক সুখৰ উৎস কৰি তুলিছিল ।

পিছে চীনক সুখী কৰিব পৰাকৈ ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত আছে কি? ভাৰতৰ বাজেট চীনৰ বাবে সুখৰ উৎস বুলি বিশ্লেষণ কৰিছে অৰ্থনৈতিক বিশেষজ্ঞসকলে । কিন্তু কিয় ? নিৰ্মলা সীতাৰমণৰ কেনেধৰণৰ সিদ্ধান্তই সুখী কৰিলে চীন ? আচলতে চীন নহয়। বিত্তমন্ত্ৰীৰ এটা বিশেষ সিদ্ধান্তত চীনৰ বহু কোম্পানী ‘সন্তুষ্ট’।

এফালে, কানাডা, মেক্সিকোৰ দৰে চীনৰ সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই। আনহাতে ভাৰতে এই শুল্ক কৰ্তন কৰিছে। মোবাইল ফোন নিৰ্মাণৰ পাৰ্টছৰ শুল্ক কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । ইয়াৰ দ্বাৰা লাভান্বিত হোৱাৰ সম্ভাৱনা দেখিছে Apple আৰু xiaomiৰ দৰে কোম্পানীয়ে ।

এই শুল্ক বাতিলৰ ফলত ভাৰতেও লাভান্ৱিত হ’ব। কাৰণ কেৱল চীনা কোম্পানীয়েই নহয়, আমেৰিকাৰ মোবাইল নিৰ্মাতা কোম্পানী এপলেও ভাৰতৰ মোবাইল ফোন পাৰ্টছ আমদানি কৰি লাভান্ৱিত হ’ব। ইয়াৰ সহায়ত ভাৰতত বিদেশী ফোনৰ উৎপাদন বৃদ্ধি পাব। ইয়াৰ দ্বাৰা ভাৰতৰ আয় বৃদ্ধি পাব বুলি আশা কৰা হৈছে । আনহাতে, অতিৰিক্ত শুল্কৰ বোজা কমি যোৱাৰ লগে লগে চীনৰ মোবাইল নিৰ্মাণ কোম্পানীসমূহে দেশৰ ভিতৰতে উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হ’ব। সেই সূত্ৰে বৃদ্ধি পাব তেওঁলোকৰ আয়।

অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিৰ্মলা সীতাৰমণৰ এই পদক্ষেপক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে কূটনীতিবিদসকলে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...