কি হয় PVC আধাৰ কাৰ্ড? সাধাৰণ লোকক ই কিদৰে উপকৃত কৰিব? সবিশেষ জনালে UIDAI য়ে…

সুৰক্ষা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আৰম্ভ কৰিছে PVC আধাৰ কাৰ্ড। শেহতীয়াকৈ এই সন্দৰ্ভত UIDAI য়ে সামাজিক মাধ্যম এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি তথ্য প্ৰকাশ কৰিছে।

কি হয় PVC আধাৰ কাৰ্ড? সাধাৰণ লোকক ই কিদৰে উপকৃত কৰিব? সবিশেষ জনালে UIDAI য়ে...

প্ৰতীকী ফটো

Updated On: 

18 Aug 2025 | 06:15 PM

পৰিচয়ৰ প্ৰমাণ হিচাপে আধাৰ কাৰ্ড হৈছে এক গুৰুত্বপূৰ্ণ নথি। গতিকে কাৰ্ডৰ সুৰক্ষা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আৰম্ভ কৰিছে PVC আধাৰ কাৰ্ড। শেহতীয়াকৈ এই সন্দৰ্ভত UIDAI য়ে সামাজিক মাধ্যম এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি তথ্য প্ৰকাশ কৰিছে। UIDAI ৰ মতে, নতুন পিভিচি আধাৰ কাৰ্ড অৰ্ডাৰ কৰিব পাৰিব। বনাব পাৰিব। এই সন্দৰ্ভত সবিশেষ জানক।

আচলতে আমি যেতিয়া আধাৰ কাৰ্ডখন আমাৰ পকেট বা পাৰ্চত ৰাখোঁ, যদি তাত কোনো লেমিনেচন নাথাকে, তেতিয়া ইয়াৰ ক্ষতি হ’বলৈ আৰম্ভ কৰে। লেমিনেচনটোও কিছু দিনৰ পিছত ওলাই আহিবলৈ আৰম্ভ কৰে। এই সকলোবোৰ কথা মনত ৰাখি UIDAIয়ে PVC অৰ্থাৎ পলিভিনাইল ক্লৰাইড কাৰ্ড তৈয়াৰ কৰিছে।

পিভিচি কাৰ্ডৰ বৈশিষ্ট্যসমূহ

সাধাৰণ আধাৰ কাৰ্ডতকৈ আধাৰ পিভিচি কাৰ্ড শক্তিশালী। দেখাত এটিএম কাৰ্ডৰ দৰে আৰু সহজেই মানিবেগত সোমাৱাব পাৰে। ই এক বিশেষ ধৰণৰ প্লাষ্টিক (PVC)ৰ দ্বাৰা নিৰ্মিত, য’ত হ’ল’গ্ৰাম, কিউআৰ ক’ড, ফটো আৰু মাইক্ৰ’টেক্সটৰ দৰে সুৰক্ষা বৈশিষ্ট্য আছে। আপুনি ইয়াক যিকোনো ঠাইতে নিজৰ পৰিচয় হিচাপে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ আটাইতকৈ ভাল কথাটো হ’ল ই সোনকালে লেতেৰা নহয়। সেইবাবেই বহুতে ইয়াক প্লাষ্টিকৰ আধাৰ কাৰ্ড বুলি কয়।

এইদৰে পিভিচি আধাৰ কাৰ্ড লাভ কৰিব পাৰিব

পিভিচি আধাৰ কাৰ্ড পোৱাটো অতি সহজ। ইয়াৰ বাবে প্ৰথমে myaadhaar.uidai.gov.in ৱেবছাইটলৈ যাব লাগিব।

তাত আপুনি হোম পেজত লগইন অপচন পাব। লগইন কৰিবলৈ আপোনাৰ ১২ সংখ্যাৰ আধাৰ নম্বৰ দিয়ক আৰু “Send OTP” ত ক্লিক কৰক।

আপোনাৰ ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰত এটা অ’টিপি আহিব, সেই OTP ৰ সহায়ত লগইন কৰিব।

লগইন কৰাৰ পিছত ““Order Aadhaar PVC Card” বিকল্প বাছক।

এতিয়া আপোনাৰ দুটা উপায় থাকিব। প্ৰথমে Aadhaar number + captcha আৰু দ্বিতীয়তে Enrollment ID + captcha লিখক, দুটা বিকল্পৰ যিকোনো এটা বাছি লওক।

ইয়াৰ পিছত সবিশেষ পূৰণ কৰি পৰীক্ষা কৰক। ইয়াৰ পিছত “Next” ত ক্লিক কৰক। ইয়াৰ পিছত আপুনি পিভিচি কাৰ্ড অৰ্ডাৰ কৰিব পাৰে। ইয়াৰ বাবে ৫০ টকা খৰচ হ’ব আৰু কাৰ্ডখন স্পীড পোষ্টৰ জৰিয়তে আপোনাৰ ঠিকনাত প্ৰেৰণ কৰা হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব