চৰকাৰী আঁচনিসমূহৰ বিষয়ে কেনেকৈ জানিব? এই ৱেবছাইটৰ জৰিয়তে লাভ কৰক দেশৰ প্ৰতিখন আঁচনিৰ সঠিক তথ্য

জনতাৰ সুবিধাৰ্থে দেশত বহু চৰকাৰী আঁচনি কাৰ্যকৰী কৰা হৈছে, কিন্তু বহুলোকে ইয়াৰ সুবিধা লাভ কৰিবলৈ আঁচনিসমূহৰ বিষয়ে জ্ঞাত নহয়। আজি জানক কেনেকৈ চৰকাৰৰ বিশেষ ৱেবচাইটৰ জৰিয়তে প্ৰতিটো তথ্য লাভ কৰিব পাৰে।

চৰকাৰী আঁচনিসমূহৰ বিষয়ে কেনেকৈ জানিব? এই ৱেবছাইটৰ জৰিয়তে লাভ কৰক দেশৰ প্ৰতিখন আঁচনিৰ সঠিক তথ্য

চৰকাৰৰ আঁচনিসমূহৰ বিষয়ে কেনেকৈ জানিব?

Updated On: 

14 Jan 2025 | 01:29 PM

প্ৰতি বছৰে ভাৰত চৰকাৰে সাধাৰণ নাগৰিকৰ বাবে বহু আঁচনি আৰম্ভ কৰে। কিন্তু এই আঁচনিসমূহৰ তথ্য বিভিন্ন সময়ত বহু জনতাই গম নাপায়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে জনহিতাৰ্থে এটা ৱেবচাইট প্ৰস্তুত কৰিছে, য’ত আপুনি যিকোনো আঁচনিৰ বিষয়ে শ্ৰেণী ভিত্তিক তথ্য লাভ কৰিব পাৰিব। কেৱল এয়াই নহয়, এই ৱেবচাইটত আঁচনিৰ সুবিধা আৰু আবেদনৰ বিকল্পও পাব। ভাৰত চৰকাৰৰ লক্ষ্য এই ৱেব পৰ্টেলৰ জৰিয়তে সকলো জনতাই চৰকাৰৰ আঁচনিসমূহৰ বিষয়ে জানক আৰু সুবিধা লাভ কৰক।

এই পৰ্টেলটোৰ নাম হৈছে ‘My Scheme’ । ইয়াৰ জৰিয়তে সকলো চৰকাৰী আঁচনিৰ বিষয়ে জনাটো সহজ হৈ পৰিছে। এই পৰ্টেলৰ জৰিয়তে এতিয়াৰ পৰা আপুনি সকলো চৰকাৰী আঁচনিৰ তথ্য লাভ কৰিব। ইয়াত নাগৰিকৰ যোগ্যতাৰ ভিত্তিত আঁচনিৰ বিষয়ে তথ্য দিয়া হয়। কম পঢ়া-শুনা কৰা ব্যক্তিয়েও ইয়াক সহজে ব্যৱহাৰ কৰিব পাৰিব।

চৰকাৰী আঁচনিৰ বিষয়ে তথ্য লাভ কৰক

‘My Scheme’ ৱেবচাইটে ইটোৰ পিছত সিটো চৰকাৰী ৱেবছাইটলৈ গৈ আঁচনিৰ বিষয়ে চোৱা সমস্যা নাইকীয়া কৰিছে। এই পৰ্টেল National e-Governance Division (NeGD)এ আন কেন্দ্ৰীয় মন্ত্ৰালয়ৰ সহযোগত প্ৰস্তুত কৰিছে। ইয়াত ব্যক্তিগত বিৱৰণ দি আপুনি যোগ্যতা পৰীক্ষা কৰিব পাৰে।

My Schemeত কি কি আঁচনি আছে?

এই পৰ্টেলত প্ৰতিটো খণ্ডৰ বাবে বিভিন্ন আঁচনি আছে। ইয়াৰ ভিতৰত কৃষি, গ্ৰাম্য, পৰিৱেশ, বেংকিং, বীমা, স্বাস্থ্য আৰু কল্যাণ, গৃহ নিৰ্মাণ, ক্ৰীড়া আৰু সংস্কৃতিৰ দৰে আন বহু ক্ষেত্ৰৰ আঁচনি অন্তৰ্ভুক্ত।

My Scheme এ কেনেকৈ কাম কৰে?

তিনিটা সহজ পদক্ষেপৰ জৰিয়তে My Scheme এ কাম কৰে

  1. প্ৰথমে আপুনি আপোনাৰ তথ্য, যেনে আয় পূৰণ কৰিব লাগিব।
  2. My Scheme এ আপোনাৰ তথ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেষ্ঠ আঁচনিৰ তালিকা দেখুৱাব।
  3. সেই আঁচনিসমূহৰ বিষয়ে অধিক তথ্য লাভ কৰি আবেদন কৰিব পাৰিব।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...