ভুল কামত ব্যৱহাৰ হৈছে নেকি আপোনাৰ আধাৰ? এতিয়াই এইদৰে চাই লওক আধাৰ ব্যৱহাৰৰ তথ্য

আমি যদি সময়মতে আধাৰ কোন স্থানত ব্যৱহাৰ কৰা হৈছে সেই বিষয়ে তথ্য লাভ কৰোঁ, যিকোনো বিপদ বা লোকচানৰ পৰা হাত সাৰিব পৰা যাব। গতিকে আধাৰ ব্যৱহাৰৰ তথ্য পৰীক্ষা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। পিছে কিদৰে এই তথ্য পৰীক্ষা কৰিব? জানো আহক এই বিষয়ে।

ভুল কামত ব্যৱহাৰ হৈছে নেকি আপোনাৰ আধাৰ? এতিয়াই এইদৰে চাই লওক আধাৰ ব্যৱহাৰৰ তথ্য

আধাৰৰ তথ্য কিদৰে পৰীক্ষা কৰিব?

Updated On: 

21 Dec 2025 21:26 PM

সাম্প্ৰতিক সময়ত আধাৰ কাৰ্ডৰ গুৰুত্ব কেৱল এক পৰিচয় পত্ৰতে সীমাবদ্ধ নহয়। প্ৰায় প্ৰতিটো গুৰুত্বপূৰ্ণ ক্ষেত্ৰতে এতিয়া আধাৰ প্ৰয়োজনী হৈ পৰিছে। এক কথাত আধাৰ এতিয়া আমাৰ ডিজিটেল পৰিচয় হৈ পৰিছে। বেংক একাউণ্ট খোলাৰ পৰা আৰম্ভ কৰি মোবাইল চিম, পেঞ্চন, ৰেচন কাৰ্ড, চৰকাৰী আঁচনি লাভ কৰালৈকে সকলোতে আধাৰ ব্যৱহাৰ কৰা হয়। কিন্তু আপোনাৰ আধাৰ কাৰ্ড এতিয়ালৈকে ক’ত কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছে বা কোনো ভুল স্থানত ব্যৱহৃত হৈছে নেকি, এই প্ৰশ্ন কেতিয়াবা মনলৈ আহিছে নে?

বৰ্তমান আধাৰ সম্পৰ্কীয় জালিয়াতিৰ গোচৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰায়ে আমাৰ অজ্ঞাতে আধাৰ নম্বৰৰ অপব্যৱহাৰ হয়। কাৰোবাৰ নামত ভুৱা চিম কাৰ্ড জাৰি কৰা, প্ৰৱঞ্চনাৰে ঋণ লোৱা বা চৰকাৰী সুবিধা গ্ৰহণৰ বাবে আধাৰৰ অপব্যৱহাৰৰ এনে বহু তথ্য শেহতীয়া সময়ছোৱাত পোহৰলৈ আহিছে।

এনে অৱস্থাত আমি যদি সময়মতে আধাৰ কোন স্থানত ব্যৱহাৰ কৰা হৈছে সেই বিষয়ে তথ্য লাভ কৰোঁ, যিকোনো বিপদ বা লোকচানৰ পৰা হাত সাৰিব পৰা যাব। গতিকে আধাৰ ব্যৱহাৰৰ তথ্য পৰীক্ষা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। পিছে কিদৰে এই তথ্য পৰীক্ষা কৰিব? জানো আহক এই বিষয়ে।

সহজ হৈ পৰিছে তথ্য পৰীক্ষা

পূৰ্বে আধাৰৰ তথ্য পৰীক্ষণৰ ব্যৱস্থা বহুলোকৰ বাবে কিছু কঠিন আছিল। কিন্তু এতিয়া চৰকাৰে নতুন আধাৰ এপ প্ৰৱৰ্তন কৰিছে, যাৰ ফলত এই কাম পূৰ্বতকৈ সহজ হৈ পৰিছে। এই নতুন এপটোৰ জৰিয়তে আপুনি আপোনাৰ আধাৰ কেতিয়া, ক’ত, কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল, ঘৰতে বহি মোবাইলত চাব পাৰিব।

কিদৰে পৰীক্ষা কৰিব

আধাৰ ব্যৱহাৰৰ তথ্য লাভ কৰিবলৈ প্ৰথমে আপোনাৰ স্মাৰ্টফোনত নতুন আধাৰ এপ ডাউনলোড কৰক। তাৰ পিছত আধাৰ নম্বৰ আৰু ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰেৰে লগ ইন কৰক। এবাৰ লগ ইন কৰাৰ পিছত এপত এটা Auth History বিকল্প দেখিবলৈ পাব। ইয়াত ক্লিক কৰিলে সম্পূৰ্ণ তালিকা এখন ওলাব। ই আপোনাৰ আধাৰ ব্যৱহাৰৰ তাৰিখ, সময়, আৰু স্থান স্পষ্টকৈ দেখুৱাব।

কোনো অপব্যৱহাৰ দেখিলে কি কৰিব?

এই তালিকাৰ দ্বাৰা আপোনাৰ আধাৰৰ অপব্যৱহাৰ হৈছে নেকি জানিব পাৰিব। যদি সন্দেহজনক কোনো তথ্য দেখা পায়, আওকাণ কৰাৰ পৰিৱৰ্তে প্ৰথমে UIDAI হেল্পলাইনত অভিযোগ দাখিল কৰক। চাইবাৰ অপৰাধৰ হেল্পলাইন বা ওচৰৰ আৰক্ষী থানাতো অভিযোগ দাখিল কৰিব পাৰে। সময়মতে অভিযোগ দাখিল কৰিলে প্ৰৱঞ্চনাৰ লগতে আইনী সমস্যাৰ পৰা ৰক্ষা পৰিব।

দেহৰ গাঁঠিৰ বিষৰ সমস্যাত সকাহ দিব পাৰে এই ৭বিধ খাদ্যই, চাই লওক এতিয়াই
শক্তিশালী হ'বলৈ খাওক নহৰু, দুই ফুটা নহৰুৱে দূৰ কৰিব সকলো সমস্যা!
বয়সৰ চাপ হ্ৰাস কৰে ফুলকবিয়ে! জানক কি কি ৰোগৰ বাবে উপকাৰী এইবিধ পাচলি
মগজুৰ বাবে অতি উপকাৰী এইসমূহ শাক-পাচলি, বৃদ্ধি পাব স্মৃতিশক্তি-একাগ্ৰতা
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...