গুটখা-চিগাৰেটৰ খৰচে কোটি টকাৰ ‘মালিক’ কৰিব আপোনাক, মাত্ৰ কৰক এই কাম…

কেৱল বৰ্তমানৰ বাবেই নহয়, ভৱিষ্যতৰ বাবেও প্ৰতিজন ব্যক্তিয়ে এতিয়া এক মোটা অংকৰ অৱসৰ পুঁজিৰ পৰিকল্পনা কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। সাধাৰণতে বহুসংখ্যক যুৱক-যুৱতীৰ মাজত এই বিষয়ত কিছু সাৱধানতা দেখা যায় যদিও অধিকাংশ যুৱক-যুৱতীয়েই এইক্ষেত্ৰত উদাসীন হোৱা দেখা যায়।

গুটখা-চিগাৰেটৰ খৰচে কোটি টকাৰ ‘মালিক’ কৰিব আপোনাক, মাত্ৰ কৰক এই কাম...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

25 Aug 2025 13:39 PM

দেশত সাম্প্ৰতিক সময়ত ক্ৰমাগতভাৱে দ্ৰুতগতিত বৃদ্ধি পাইছে মুদ্ৰাস্ফীতিৰ হাৰ অৱশ্যে কেৱল দেশত বুলি লে শুদ্ধ নহ, সমগ্ৰ বিশ্বতে দেখা গৈছে মুদ্ৰাস্ফীতিৰ প্ৰভাৱ ফলস্বৰূপে আকাশলঙ্ঘী হৈ পৰিছে যিকোনো সামগ্ৰীৰ দাম এনে পৰিস্থিতিত ভৱিষ্যতে আমাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম কিমান পৰ্যায়লৈ বৃদ্ধি পাব পাৰে, সেয়া অনুমান কৰাটোৱেই প্ৰায় অসম্ভৱ হৈ পৰিছে। মুদ্ৰাস্ফীতিৰ এনে উদ্বেগজনক স্থিতিৰ বিৰুদ্ধে যুঁজিবলৈ এতিয়া প্ৰতিজন ব্যক্তিক প্ৰয়োজন এক বৃহৎ পুঁজিৰ।

কেৱল বৰ্তমানৰ বাবেই নহয়, ভৱিষ্যতৰ বাবেও প্ৰতিজন ব্যক্তিয়ে এতিয়া এক মোটা অংকৰ অৱসৰ পুঁজিৰ পৰিকল্পনা কৰাটো প্ৰয়োজনীয় হৈ পৰিছে সাধাৰণতে বহুসংখ্যক যুৱকযুৱতীৰ মাজত এই বিষয়ত কিছু সাৱধানতা দেখা যায় যদিও অধিকাংশ যুৱকযুৱতীয়েই এইক্ষেত্ৰত উদাসীন হোৱা দেখা যায়

কিন্তু ইয়াৰ ফল ভৱিষ্যতে হৈ উঠিব পাৰে ভয়াৱহ বহু যুৱকযুৱতীয়ে ভাৱে, এই সময়ত দৈনন্দিন জীৱনৰ প্ৰয়োজনীয়তা পূৰ কৰাৰ পিছত সঞ্চয় বা বিনিয়োগ কৰাটো অৱম্ভৱ পিছে এয়া জানো সঁচা? যদি দৈনন্দিন জীৱনশৈলীৰ প্ৰতি লক্ষ্য কৰা যায়, এই ধাৰণা যে অধিকাংশ যুৱকযুৱতীৰ ক্ষেত্ৰতে মিছা সেয়া প্ৰমাণিত

সাধাৰণতে বহু যুৱকৰে দিনটোত গুটখা, চিগাৰেট, সুৰা পানৰ অভ্যাস আছে স্বাস্থ্যৰ ক্ষেত্ৰত পিছে এনে অভ্যাস অত্যন্ত ক্ষতিকাৰক যুৱতীসকলৰ ক্ষেত্ৰতো কিছুমান পৃথক খৰচী অভ্যাস পৰিলক্ষিত হয় কিন্তু এনে অপ্ৰয়োজনীয় তথা অস্বাস্থ্যকৰ দিশত খৰচ কৰা ধনখিনি ৰাহি কৰি সঠিক ক্ষেত্ৰত জমা কৰা হয়, তেতিয়াই আপোনাৰ ভৱিষ্যত হৈ উঠিব চিন্তামুক্ত

ধৰা হওক, এজন লোকে দিনটোত ৫০ টকাকৈ চাহ, চিগাৰেট বা চিগাৰেটৰ বাবে খৰচ কৰে। তেতিয়া সেই ক্ষেত্ৰত মাহিলী খৰচ হব ১৫০০ টকা। আৰু যদি ৩৫ বছৰলৈ প্ৰতিমাহে এই ধন বিনিয়োগ কৰা হয়, তেতিয়া ৩৫ বছৰৰ পাছত মুঠ বিনিয়োগ হ’ব ৬ লাখ ৩০ হাজাৰ টকা। যদিহে এই বিনিয়োগ SIPত কৰা হয়, তেতিয়া প্ৰতি বছৰে ১১.৫ শতাংশ লাভৰ আশা কৰিব পাৰি।

এই ক্ষেত্ৰত ৩৫ বছৰৰ পাছত সেই ধন হ’ব ৭৪ লাখ। কিন্তু যদি আপুনি মাহিলী হোৱা খৰচৰ সৈতে অতিৰিক্ত কিছু ধন বিনিয়োগ কৰি বছৰি ১৩ শতাংশ ৰিটাৰ্ণ পায়, তেতিয়া জমা ধনৰ পৰিমাণ ১ কোটি টকাতকৈও অধিক ব। আৰু যদি আপুনি ১৫ শতাংশ ৰিটাৰ্ণ পায়, তেতিয়া সেই ধন হ’ব ১ কোটি ৭১ লাখ। গতিকে চাহ-চিগাৰেটৰ খৰচ ৰাহি কৰি আপুনি হৈ পৰিব পাৰে কোটিপতি।

কম দিনত ফলাফল পাব, এই সহজ ঘৰুৱা উপায়েৰে অকালতে চুলি পকা সমস্যা ৰোধ কৰক
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ শুভ এই ৰাশিৰ বাবে! জানক সকলো...
ছেপ্টেম্বৰ মাহটোৱে শুভ ফল লৈ আহিব এই ৩ ৰাশিৰ জীৱনলৈ...
সঘনাই জ্বৰ বা সংক্রমণ, দুৰ্বলতা অনুভৱ কৰে নেকি ? ব্লাড কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্ত কৰক