ৰিজাৰ্ভ বেংকে আনিছে নতুন নীতি; কি প্ৰভাৱ পৰিব আপোনাৰ ক্ৰেডিট স্ক’ৰ তথা ঋণৰ ওপৰত!
আপুনি ভৱিষ্যতে বেংকৰ পৰা ঋণ পাবনে নাই, অথবা পালেও কিমান টকাৰ ঋণ পাব, সেই সকলোবোৰ কথা এই স্ক’ৰটোৰ ওপৰতে নিৰ্ভৰ কৰে। ভাৰতত ৩০০-ৰ পৰা ৯০০-ৰ ভিতৰত ক্ৰেডিট স্ক’ৰ গণনা কৰা হয়। এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰতে এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) এক যুগান্তকাৰী সিদ্ধান্ত লৈছে।

প্ৰতিনিধিত্বমূলক ছবি
আপোনাৰ ‘ক্ৰেডিট স্ক’ৰ’ (Credit Score) কিমান, খবৰ ৰাখিছেনে? যদিহে এই বিষয়ে আপোনাৰ বিশেষ ধাৰণা নাই, তেন্তে জানি থওক যে ক্ৰেডিট স্ক’ৰ হ’ল আপোনাৰ আৰ্থিক অৱস্থাৰ এক মাপকাঠী বা লেনদেনৰ এক সঠিক দাপোণ। অৰ্থাৎ, আপুনি ভৱিষ্যতে বেংকৰ পৰা ঋণ পাবনে নাই, অথবা পালেও কিমান টকাৰ ঋণ পাব, সেই সকলোবোৰ কথা এই স্ক’ৰটোৰ ওপৰতে নিৰ্ভৰ কৰে। ভাৰতত ৩০০-ৰ পৰা ৯০০-ৰ ভিতৰত ক্ৰেডিট স্ক’ৰ গণনা কৰা হয়। এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰতে এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) এক যুগান্তকাৰী সিদ্ধান্ত লৈছে।
ক্ৰেডিট স্ক’ৰৰ নতুন নিয়ম
ইমান দিনে ক্ৰেডিট স্ক’ৰ আপডেট হ’বলৈ যথেষ্ট সময় লাগিছিল। বহু ক্ষেত্ৰত দেখা গৈছিল যে আপুনি সময়মতে EMIৰ কিস্তি পৰিশোধ কৰাৰ পাছতো ক্ৰেডিট স্ক’ৰত তাৰ সুফল দেখিবলৈ অন্ততঃ দুসপ্তাহ বা তাতকৈ অধিক সময় অপেক্ষা কৰিবলগীয়া হৈছিল। কিন্তু এতিয়া সেই সমস্যা দূৰ হ’ব।
ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ অনুসৰি, চলিত বৰ্ষৰে ১ এপ্ৰিলৰ পৰা ক্ৰেডিট স্ক’ৰ প্ৰতি ৭ দিনৰ মূৰে মূৰে আপডেট হ’ব। অৰ্থাৎ, আপোনাৰ আৰ্থিক লেনদেনৰ যিকোনো গতিবিধি এতিয়া অতি সোনকালেই ক্ৰেডিট স্ক’ৰত প্ৰতিফলিত হ’ব।
বৰ্তমানলৈ চিবিল (CIBIL) বা এক্সপেৰিয়ানৰ (Experian) দৰে প্ৰতিষ্ঠানসমূহে মাহত দুবাৰহে তথ্য আপডেট কৰিছিল। কিন্তু নতুন নিয়ম মতে, প্ৰতিটো মাহৰে ৭, ১৪, ২১ আৰু ২৮ তাৰিখে ক্ৰেডিট স্ক’ৰ ‘ৰিফ্ৰেছ’ কৰা হ’ব। নিৰ্ধাৰিত সময়ৰ ভিতৰত ঋণ গ্ৰহণকাৰীৰ তথ্য জমা দিবলৈ বেংক আৰু NBFC সমূহক ৰিজাৰ্ভ বেংকে কঠোৰ নিৰ্দেশ দিছে।
সাধাৰণ লোকৰ ক্ষেত্ৰত প্ৰভাৱ
এই নতুন ব্যৱস্থাটোৰ ফলত এতিয়া আপোনাৰ দায়িত্ব আৰু অধিক বৃদ্ধি পাব। যদি আপুনি সময়মতে EMI পৰিশোধ কৰে, তেন্তে মাত্ৰ এক সপ্তাহৰ ভিতৰতে আপোনাৰ স্ক’ৰ বৃদ্ধি পাব আৰু ঋণ লোৱাৰ পথ মুকলি হ’ব। ঠিক একেদৰে, EMI দিওঁতে সামান্য পলম কৰিলেও অসুবিধাৰ সৃষ্টি হ’ব পাৰে।
EMI দিওঁতে পলম হ’লে এতিয়া মাহৰ শেষলৈ ৰৈ নাথাকি মাত্ৰ এসপ্তাহৰ ভিতৰতে স্ক’ৰ কমি যাব পাৰে। গতিকে, ভৱিষ্যতে বেংকৰ লগত সু-সম্পৰ্ক বজাই ৰাখিবলৈ হ’লে আৰ্থিক অনুশাসন মানি চলাটো অথাৎ সময়মতে EMI পৰিশোধ কৰাটো এতিয়া অপৰিহাৰ্য হৈ পৰিল।