Shefali Jariwala: কিমান ধন-সম্পত্তি এৰি গ’ল অভিনেত্ৰী শ্বেফালী জাৰিৱালাই?

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, শ্বেফালী জাৰিৱালাই এটা অনুষ্ঠানৰ বাবাদ মাচুল লৈছিল লাখ লাখ টকা। বিশেষ কথাটো হ’ল কাটা লাগা গীতটোৰ পৰা জনপ্ৰিয় হোৱা অভিন্ত্ৰীগৰাকীয়ে প্ৰথমে মাত্ৰ কেইহাজাৰমান টকাহে লৈছিল। ইয়াৰ পিছত বলীউড আৰু দক্ষিণৰ কিছুমান ছবিতো কাম কৰে তেওঁ।

Shefali Jariwala: কিমান ধন-সম্পত্তি এৰি গল অভিনেত্ৰী শ্বেফালী জাৰিৱালাই?

কিমান ধন-সম্পত্তি এৰি গ'ল অভিনেত্ৰী শ্বেফালী জাৰিৱালাই?

Updated On: 

28 Jun 2025 | 11:06 AM

২০০২ চনত শ্বেফালী জাৰিৱালাই কাটা লাগা ভিডিঅ’ গীতেৰে সকলোকে পাগল কৰি তুলিছিল। এতিয়া তেওঁ আমাৰ মাজত আৰু নাই। শুকুৰবাৰে নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। যদিও বৰ্তমান অভিনেত্ৰীগৰাকী ছবিৰ পৰা আঁতৰত আছিল, তথাপিও অনুৰাগী কম হোৱা নাছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, শ্বেফালী জাৰিৱালাই এটা অনুষ্ঠানৰ বাবাদ মাচুল লৈছিল লাখ লাখ টকা। বিশেষ কথাটো হ’ল কাটা লাগা গীতটোৰ পৰা জনপ্ৰিয় হোৱা অভিন্ত্ৰীগৰাকীয়ে প্ৰথমে মাত্ৰ কেইহাজাৰমান টকাহে লৈছিল। ইয়াৰ পিছত বলীউড আৰু দক্ষিণৰ কিছুমান ছবিতো কাম কৰে। আপোনালোকে জানেনে শ্বেফালী জাৰিৱালাই কিমান ধন-সম্পত্তি এৰি থৈ গৈছে? বৰ্তমান অভিনেত্ৰীগৰাকীয়ে এটা শ্ব’ৰ বাবে কিমান মাচুল লৈছিল? সবিশেষ জানক…

নেট ৱৰ্থ কিমান?

শ্বেফালী জাৰিৱালাই বিশেষ কাম নকৰিলেও কোটি কোটি টকাৰ ধন-সম্পত্তি আছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৰ্তমান তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ১ মিলিয়ন ডলাৰ। টকালৈ ৰূপান্তৰিত হ’লে ৮.৫৪ কোটি হ’ব। বিশেষ কথাটো হ’ল তেওঁ ছবিৰ পৰা আঁতৰি থাকিলেও ব্ৰেণ্ড মূল্য হ্ৰাস পোৱা নাছিল। অভিনেত্ৰীগৰাকীয়ে বহু ধৰণৰ শ্ব’ত অভিনয় কৰিছিল। যাৰ বাবে লাখ লাখ টকা লৈছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এটা শ্ব’ৰ বাবে ১০ লাখৰ পৰা ২৫ লাখ টকা লৈছিল। এই চাৰ্জটো আছিল মাত্ৰ ৩৫ৰ পৰা ৪০ মিনিটৰ প্ৰদৰ্শনৰ বাবে।

মাচুল কিমান আছিল?

২০০২ চনত মুক্তি পোৱা ‘কাটা লাগা’ মিউজিক ভিডিঅ’ত মুখ্য মডেল হিচাপে অভিনয় কৰা শ্বেফালী জাৰিৱালা এক নিশাৰ ভিতৰতে তাৰকা হিচাপে পৰিগণিত হয়। পুৰণি হিট গীতবোৰ নতুন শৈলীত উপস্থাপন কৰাৰ নতুন ধাৰাও গঢ়ি তুলিছিল। এই গীতটোৰ মাচুল হিচাপে মাত্ৰ কেইহাজাৰমান টকাহে পাইছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সেই সময়ত এই গীতটোৰ বাবে শ্বেফালীক ৭ হাজাৰ টকা দিছিল। কিন্তু এই ভিডিঅ’টো হিট হোৱাৰ পাছত অভিনেত্ৰীগৰাকীৰ মাচুল লাখ লাখ টকালৈ বৃদ্ধি হয়। এই ভিডিঅ’টো হিট হোৱাৰ পিছত বহু ছবিৰ বাবেও অফাৰ পাইছিল।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...