GST Reform: ২৫০০ টকাতকৈ অধিক মূল্যৰ কাপোৰ আৰু জোতা কিনিলে কিমান ল’ব GST?

GST on Clothes & Shoes: ইয়াৰ পূৰ্বে মুঠ ৪টা জিএছটি স্লেব আছিল। ৫ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ। ইয়াৰ ভিতৰত ২৫০০ টকাতকৈ কম মূল্যৰ কাপোৰ-কানি জোতাৰ ওপৰত ৫ শতাংশ জি এছ টি আদায় কৰা হৈছিল।

GST Reform: ২৫০০ টকাতকৈ অধিক মূল্যৰ কাপোৰ আৰু জোতা কিনিলে কিমান ল’ব GST?
Published: 

04 Sep 2025 | 02:03 PM

দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। এই উৎসৱৰ আনন্দ আৰু অধিক বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে জি এছ টি সংস্কাৰ কৰাৰ সিদ্ধান্তই ৷ ২২ ছেপ্টেম্বৰৰ পৰা জি এছ টি স্লেব দুটাহে থাকিব বুলি ঘোষণা কৰিছে জি এছ টি কাউন্সিলে। ৫ শতাংশ আৰু ১৮ শতাংশ। এই সিদ্ধান্তই আপোনাৰ পূজাৰ বজাৰতো প্ৰভাৱ পেলাব। আপোনাৰ প্ৰিয় দামী কাপোৰ আৰু জোতা কিনিবলৈ এতিয়া কিমান খৰচ হ’ব?

ইয়াৰ পূৰ্বে মুঠ ৪টা জি এছ টি স্লেব আছিল। ৫ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ। ইয়াৰ ভিতৰত ২৫০০ টকাতকৈ কম মূল্যৰ কাপোৰ-কানি আৰু জোতাৰ ওপৰত ৫ শতাংশ জি এছ টি আদায় কৰা হৈছিল। ২৫০০ টকাৰ ওপৰত মূল্যৰ কাপোৰৰ ওপৰত ১২ শতাংশ জি এছ টি আদায় কৰা হৈছিল। জোতাৰ ক্ষেত্ৰত ১০০০ টকাৰ তলৰ মূল্যৰ জোতাৰ ওপৰত ১২ শতাংশ জি এছ টি আৰু ১৮ শতাংশতকৈ অধিক মূল্যৰ জোতাৰ ওপৰত জি এছ টি আদায় কৰা হৈছিল। কেন্দ্ৰই জি এছ টি সংস্কাৰৰ সিদ্ধান্ত লোৱাৰ লগে লগে ১২ শতাংশ স্লেব আঁতৰাই দিয়া হৈছে। গতিকে প্ৰশ্ন উত্থাপন হয় যে এই স্লেৱ থকা কাপোৰ আৰু জোতাৰ ওপৰত কিমান শতাংশ জি এছ টি আৰোপ কৰা হ’ব।

জি এছ টি পৰিষদে ঘোষণা কৰিছে যে ২৫০০ টকাতকৈ কম মূল্যৰ কাপোৰ-কানি আৰু জোতাৰে এতিয়া ৫ শতাংশ জি এছ টি আকৰ্ষণ কৰিব। ২৫০০ টকাৰ ওপৰৰ কাপোৰ বা জোতা কিনিলে ১৮ শতাংশ জি এছ টি দিব লাগিব। অৰ্থাৎ য’ত আগতে ১০০০ টকাৰ ওপৰৰ জোতাৰ ওপৰত ১৮ শতাংশ জিএছটি দিবলগীয়া আছিল, এতিয়া ২৫০০ টকাৰ ওপৰৰ জোতাৰ ওপৰত ১৮ শতাংশ জিএছটি দিয়া হ’ব।

অফিচৰ কামৰ সময়তো হেঁচা মাৰি ধৰে নেকি ভাগৰে? এই ৫টা মাত্ৰ সহজ টিপ্ছে দিব সকাহ
WIFI ৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ আৰম্ভণি কেনেকৈ হৈছে জানক
হনুমানক পূজা কৰিও ফল পোৱা নাই নেকি? তেন্তে প্ৰসন্ন কৰিবলৈ এই তেলৰ চাকি দিবলৈ নাপাহৰিব!
অমিতাৰ গুটি চোবাই খোৱাৰ উপকাৰিতা জানেনে?
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...