Bank Holidays In July : জুলাই মাহত কিমান দিন বন্ধ থাকিব বেংক? চাওক বেংক বন্ধৰ সম্পূৰ্ণ তালিকা

২০২৫ চনৰ জুলাই মাহত কোনটো দিনত বেংক বন্ধ থাকিব জানেনে? এই বন্ধৰ দিনসমূহ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ত হ’ব, আৰু বিভিন্ন ৰাজ্যত বেলেগ বেলেগ দিনত প্ৰযোজ্য হ’ব। সম্পূৰ্ণ তালিকাখন চাওক...

Bank Holidays In July : জুলাই মাহত কিমান দিন বন্ধ থাকিব বেংক? চাওক বেংক বন্ধৰ সম্পূৰ্ণ তালিকা

জুলাই মাহত কিমান দিন বন্ধ থাকিব বেংক?

Published: 

19 Jun 2025 21:27 PM

এইবাৰ জুলাই মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব। বিভিন্ন উৎসৱ, দেওবাৰ আৰু প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ বাবে বহু দিনলৈ বেংকৰ কাম-কাজ বন্ধ হৈ থাকিব। কিন্তু মনত ৰাখিব, এই বন্ধৰ দিনবোৰ বিভিন্ন ৰাজ্যত বেলেগ বেলেগ দিনত হ’ব। বেংকলৈ যোৱাৰ পূৰ্বে বন্ধৰ দিনবোৰৰ সম্পূৰ্ণ তথ্য জনাটো অতি প্ৰয়োজনীয়। যদি আপুনি আগতীয়াকৈ গম নাপায়, তেন্তে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ ৰৈ যাব পাৰে।

অৱশ্যে বেংক ছুটীৰ অৰ্থ এইটো নহয় যে আপোনাৰ সকলো কাম বন্ধ হৈ যাব। আজিৰ ডিজিটেল যুগত আপোনাৰ ফোন আৰু ইণ্টাৰনেটৰ জৰিয়তে ২৪×৭ বেংকিং সুবিধা উপলব্ধ। মোবাইল বেংকিং, ইউপিআই, ইণ্টাৰনেট বেংকিং আৰু এটিএমৰ জৰিয়তে আপুনি আপোনাৰ বিত্তীয় আৰু অবিত্তীয় লেনদেন সহজেই কৰিব পাৰিব।

টকা ট্ৰেন্সফাৰ, বিল পৰিশোধ বা চেকৰ সুবিধা বন্ধৰ দিনতো উপলব্ধ থাকিব, কিন্তু কিছুমান কাম আছে যাৰ বাবে আপুনি বেংকৰ শাখালৈ যাব লাগিব। যেনে, চেক জমা কৰা, ঋণ সম্পৰ্কীয় নথি-পত্ৰ জমা দিয়া, বা নগদ ধনৰ সৈতে জড়িত ডাঙৰ লেনদেন। এনে পৰিস্থিতিত যদি আপুনি জুলাই মাহত বেংকলৈ যোৱাৰ কথা ভাবিছে, তেন্তে বন্ধৰ তালিকাখন মনত ৰাখি পৰিকল্পনা কৰক।

২০২৫ চনৰ জুলাই মাহত বেংকৰ বন্ধ

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বেংক বন্ধ থাকে। ইয়াৰ বাহিৰেও প্ৰতি দেওবাৰে সাপ্তাহিক বন্ধ থাকে। এইবোৰৰ লগতে জুলাই মাহত বহুতো উৎসৱ আৰু আঞ্চলিক বন্ধৰ দিন আছে, যাৰ বাবে বেংকে কাম নকৰে। মুঠতে ২০২৫ চনৰ জুলাই মাহত ১৩ দিনৰ বাবে বেংকসমূহ বন্ধ থাকিব। এই বন্ধৰ দিনসমূহ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ত হ’ব, আৰু বিভিন্ন ৰাজ্যৰ বিভিন্ন দিনত প্ৰযোজ্য হ’ব।

সম্পূৰ্ণ তালিকাখন চাওক:

  • ৩ জুলাই : খাৰ্চী পূজা উপলক্ষে আগৰতলাত বন্ধ থাকিব। ত্ৰিপুৰাত এই উৎসৱৰ বিশেষ তাৎপৰ্য আছে, আৰু এই দিনটোত স্থানীয়ভাৱে বেংকিং সেৱা বন্ধ থাকিব।
  • ৫ জুলাইঃ গুৰু হৰগোবিন্দৰ জন্মদিন উপলক্ষে বন্ধ থাকিব বেংক। বিশেষকৈ যিবোৰ ৰাজ্যত শিখ সম্প্ৰদায়ে এই দিৱস অতি আড়ম্বৰেৰে পালন কৰে, সেইবোৰ ৰাজ্যত এইটো দিনত বন্ধ থাকিব।
  • ৬ জুলাই : দেওবাৰ হোৱাৰ বাবে সমগ্ৰ দেশৰ বেংকসমূহত সাপ্তাহিক বন্ধ থাকিব।
  • ১২ জুলাইঃ মাহৰ দ্বিতীয় শনিবাৰ হোৱাৰ বাবে সকলো বেংক বন্ধ থাকিব। আৰ বি আইৰ নিয়ম অনুসৰি প্ৰতিমাহে এইটো এটা নিৰ্দিষ্ট বন্ধ।
  • ১৩ জুলাই : দেওবাৰ অৰ্থাৎ সাপ্তাহিক বন্ধ। এই দিনতো বন্ধ থাকিব বেংকিং সেৱা।
  • ১৪ জুলাইঃ বেহ ডেনখলাম উপলক্ষে বন্ধ থাকিব বেংক। বিশেষকৈ মেঘালয়ত এই উৎসৱ পালন কৰা হয়।
  • ১৬ জুলাই : হৰেলা উৎসৱ উপলক্ষে উত্তৰাখণ্ডত বন্ধ থাকিব বেংক।
  • ১৭ জুলাই : য়ু তিৰোত সিঙৰ মৃত্যু বাৰ্ষিকী উপলক্ষে শিলচৰত বন্ধ থাকিব সকলো বেংক।
  • ১৯ জুলাইঃ কেৰ পূজাৰ বাবে আগৰতলাত পুনৰ বন্ধ হ’ব বেংক। এই উৎসৱ ত্ৰিপুৰাৰ এক গুৰুত্বপূৰ্ণ উৎসৱ।
  • ২০ জুলাই: দেওবাৰ, অৰ্থাৎ সাপ্তাহিক বন্ধ। আজিৰ দিনটোত সমগ্ৰ দেশতে বন্ধ থাকিব বেংক।
  • ২৬ জুলাই : মাহৰ চতুৰ্থ শনিবাৰ, যাৰ বাবে সকলো বেংক বন্ধ থাকিব।
  • ২৭ জুলাই : আকৌ দেওবাৰ অৰ্থাৎ সাপ্তাহিক বন্ধ।
  • ২৮ জুলাই : ড্ৰুকপা শ্বে-জী উপলক্ষে গেংটকত বেংক বন্ধ থাকিব। ছিকিমৰ বৌদ্ধ সম্প্ৰদায়ৰ এই বিশেষ উৎসৱ।

ডিজিটেল বেংকিঙৰ সহায় লওক

যদি জুলাই মাহত বন্ধৰ বাবে বেংকৰ শাখালৈ যাব পৰা নাই, তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনি আপোনাৰ স্মাৰ্টফোনৰ জৰিয়তে প্ৰায় প্ৰতিটো ধৰণৰ আৰ্থিক কাম কৰিব পাৰে। যদি আপোনাৰ কাম এনেকুৱা যে বেংকৰ শাখালৈ যোৱাটো প্ৰয়োজনীয়, তেন্তে বন্ধৰ তালিকাখন মনত ৰাখি আগতীয়াকৈ পৰিকল্পনা কৰক।

শ্বাহৰুখ খানৰ King ত পপ তাৰকা ED Sheeran ৰ সংগীত, চৰ্চা সামাজিক মাধ্যমত
এই গছ ঘৰত থাকিলেই সৰ্বনাশ! বৃদ্ধি পাব অশান্তি আৰু ৰোগ-ব্যাধি!
গ্ৰীষ্মকালত পঁইতা ভাত খাই ভাল পায় নেকি? গুণাগুণ জানিলে আচৰিত হ’ব!
শৰীৰত বায়'টিনৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...