Mediclaim: GST হ্ৰাস কৰাৰ পিছত স্বাস্থ্য বীমাৰ খৰচ কমিছে নেকি? আপোনাৰ বাবে এই ভাল খবৰ!
GST and IRDAI: ভাৰত চৰকাৰে ইতিমধ্যে দেশৰ বীমা নিয়ন্ত্ৰক IRDAI বা ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন প্ৰাধিকৰণৰ সৈতে বৈঠকত মিলিত হৈছে। এই বৈঠকত চিকিৎসালয় আৰু বীমা কোম্পানীসমূহৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল। এই বৈঠকৰ লক্ষ্য হৈছে প্ৰিমিয়ামৰ খৰচ নিয়ন্ত্ৰণ কৰা।

যোৱা কেইমাহমানৰ পৰা স্বাস্থ্য বীমাৰ প্ৰিমিয়াম ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এফালে চিকিৎসাৰ খৰচ বৃদ্ধি পোৱাৰ লগে লগে দাবী নিষ্পত্তিৰ ক্ষেত্ৰতো অসামঞ্জস্যতা দেখা গৈছে। এনে ক্ষেত্ৰত ভাৰত চৰকাৰে কৰিব কঠোৰভাৱে হস্তক্ষেপ।
ইতিমধ্যে ভাৰত চৰকাৰে দেশৰ বীমা নিয়ন্ত্ৰক IRDAI বা ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন প্ৰাধিকৰণৰ সৈতে বৈঠকত মিলিত হৈছে। এই বৈঠকত চিকিৎসালয় আৰু বীমা কোম্পানীসমূহৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল। এই বৈঠকৰ লক্ষ্য হৈছে প্ৰিমিয়ামৰ খৰচ নিয়ন্ত্ৰণ কৰা।
স্বাস্থ্য বীমাৰ খৰচ বৃদ্ধিৰ কাৰণ কি?
সময়ৰ লগে লগে ভাৰতত স্বাস্থ্যসেৱাৰ খৰচ বাঢ়িছে। এই ব্যয় বৃদ্ধি সাধাৰণ মুদ্ৰাস্ফীতিৰ হাৰৰ তুলনাত বহু বেছি। দৰাচলতে বিশ্বৰ স্বাস্থ্য ব্যয়ৰ তুলনাত স্বাস্থ্যসেৱাৰ খৰচ বহু বেছি হাৰত বৃদ্ধি পাইছে। Aonৰ এক প্ৰতিবেদনত কোৱা হৈছে যে অহা বছৰ ভাৰতত স্বাস্থ্যসেৱাৰ মুদ্ৰাস্ফীতিৰ হাৰ ১১.৫ শতাংশ হ’ব। কিন্তু বিশ্বজুৰি এই হাৰ ৯.৮ শতাংশ।
বীমা কোম্পানীয়ে এজেণ্টক ২০ শতাংশ পৰ্যন্ত ডাঙৰ কমিচন দিয়ে। এই খৰচ গ্ৰাহকৰ পকেটৰ পৰা যায়। ইয়াৰ উপৰিও দাবী নিষ্পত্তি কৰাৰ সময়ত কোম্পানীসমূহে প্ৰায়ে প্ৰয়োজনতকৈ কম ধন দিয়ে। এইবোৰ বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰিছে IRDAI এ।
এই চাপ কমাবলৈ কেন্দ্রই কেইবাটাও পদক্ষেপ লৈছে। ইয়াৰে এটা হ’ল প্ৰিমিয়ামৰ সীমা নিৰ্ধাৰণ কৰা আৰু এজেণ্টৰ কমিচনৰ ওপৰত নিয়ন্ত্ৰণ অনা। ইয়াৰ উপৰিও স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ ওপৰত শেহতীয়াকৈ জি এছ টি শূন্য কৰি দিয়াৰ সুবিধা পলিচিধাৰীৰ ওচৰলৈ গৈছে নে নাই সেয়াও চৰকাৰে চোৱাচিতা কৰিছে।