২০০০ টকাতকৈ অধিক UPI লেনদেনত GST দিব লাগিব নেকি? সংসদত কেন্দ্ৰৰ উত্তৰ…

কিমান টকা ইউপিআই লেনদেনৰ বাবে আৰোপ কৰা হ’ব পাৰে GST ? এই চৰ্চাৰ মাজতে ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। বৰ্ষাকালীন অধিবেশনত এই সন্দৰ্ভত উত্থাপন হোৱা এক প্ৰশ্ন উত্তৰত ইউপিআইৰ লেনদেনত GST আৰোপ কৰাৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে চৰকাৰে।

২০০০ টকাতকৈ অধিক UPI লেনদেনত GST দিব লাগিব নেকি? সংসদত কেন্দ্ৰৰ উত্তৰ...

ইউপিআই

Published: 

28 Jul 2025 10:10 AM

ইউপিআই(UPI)ৰ লেনদেনত GST আৰোপ কৰা হ’ব নেকি? এই সন্দৰ্ভত দীৰ্ঘদিন ধৰি চলি আছে চৰ্চা। এই কথাও চৰ্চা চলি আছে যে, কিমান টকা ইউপিআই লেনদেনৰ বাবে আৰোপ কৰা হ’ব পাৰে GST ? GST মুক্ত লেনদেনৰ বাবে কোনো সীমাবদ্ধতা থাকিবনে? এই চৰ্চাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে।

সাধাৰণ মানুহৰ সুবিধাৰ্থে এই সন্দৰ্ভত সিদ্ধান্তও গ্ৰহণ কৰিছে চৰকাৰে! চলিত বৰ্ষাকালীন অধিবেশনত এই সন্দৰ্ভত উত্থাপন হোৱা এক প্ৰশ্ন উত্তৰত ইউপিআইৰ লেনদেনত GST আৰোপ কৰাৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে চৰকাৰে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ৰাজ্যসভাক অৱগত কৰে যে, ২০০০ টকাৰ অধিক ইউপিআইৰ লেনদেনত কোনো জিএছটি আৰোপ কৰা নহয়। এনে কোনো প্ৰস্তাৱ নাই । দৈনিক লেনদেনৰ বাবে ইউপিআই ব্যৱহাৰ কৰাসকলৰ বাবে এয়া এক ডাঙৰ সকাহৰ খবৰ।

যোৱা ২২ জুলাইত ৰাজ্যসভাৰ বৰ্ষাকালীন অধিৱেশনত এই বিষয়ত তথ্য প্ৰদান কৰিছিল বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে। তেওঁ কয় যে, GST পৰিষদে ইউ পি আইৰ লেনদেনত GST আৰোপ কৰাৰ পৰামৰ্শ দিয়া নাই। ইউ পি আই পেমেণ্টত GST আৰোপ কৰাৰ কোনো পৰিকল্পনা নাই চৰকাৰৰ।

প্ৰসংগক্ৰমে শেহতীয়াকৈ কৰ্ণাটকৰ প্ৰায় ৬ হাজাৰ ব্যৱসায়ীলৈ ইউ পি আই লেনদেনৰ বাবে জি এছ টিৰ জাননী প্ৰেৰণ কৰা হৈছে। তেতিয়াৰ পৰাই চৰকাৰে ইউ পি আইৰ ধন পৰিশোধৰ ওপৰত জি এছ টি আৰোপ কৰিব পাৰে বুলি আৰু অধিক চৰ্চা হয়। কিন্তু কেন্দ্ৰই সংসদক অৱগত কৰিছে যে, বৰ্তমানলৈ তেনে কোনো পৰিকল্পনা নাই চৰকাৰৰ।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...