এইসমূহ সামগ্ৰীত বৃদ্ধি পাব ৪০ শতাংশ GST! কি প্ৰভাৱ পৰিব মধ্যবিত্তৰ ওপৰত?

বৰ্তমান জিএছটিৰ ৫টা স্তৰ আৰম্ভ হৈছে। ইয়াৰে ২টা হ্ৰাস কৰিব পাৰে। যিটো হৈছে ২.৫ শতাংশ আৰু ১৮ শতাংশ। কিন্তু চিগাৰেট, পান মছলাৰ দৰে ক্ষতিকাৰক সামগ্ৰীৰ ওপৰত ৪০ শতাংশ জি এছ টি আৰোপ কৰিব পাৰে।

এইসমূহ সামগ্ৰীত বৃদ্ধি পাব ৪০ শতাংশ GST! কি প্ৰভাৱ পৰিব মধ্যবিত্তৰ ওপৰত?

এইসমূহ সামগ্ৰীত বৃদ্ধি পাব ৪০ শতাংশ GST!

Updated On: 

20 Aug 2025 | 12:51 PM

দীপাৱলীৰ পূৰ্বে দেশৰ সাধাৰণ জনতাক সকাহ দিবলৈ জি এছ টিৰ আমূল সংস্কাৰৰ বাৰ্তা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে তেওঁ কয় যে, এয়া দেশবাসীৰ বাবে দীপাৱলী উপহাৰ। পূৰ্বতে সৰ্বোচ্চ ২৮ শতাংশ জিএছটি ১৮ শতাংশলৈ হ্ৰাস কৰিব পৰা যাব বুলি ধাৰণা কৰা হৈছে।

বৰ্তমান জিএছটিৰ ৫টা স্তৰ আৰম্ভ হৈছে। ইয়াৰে ২টা হ্ৰাস কৰিব পাৰে। যিটো হৈছে ২.৫ শতাংশ আৰু ১৮ শতাংশ। কিন্তু চিগাৰেট, পান মছলাৰ দৰে ক্ষতিকাৰক সামগ্ৰীৰ ওপৰত ৪০ শতাংশ জি এছ টি আৰোপ কৰিব পাৰে। আনকি সেই ৪০ শতাংশ জি এছ টি অনলাইন গেমিংৰ ওপৰতো আৰোপ কৰিব পাৰে। এই পৰিমাণৰ জি এছ টি অনলাইন গেমিংৰ আয়ৰ ওপৰতো আৰোপ কৰিব পাৰি। এতিয়া ৰাজহ বিভাগে সিদ্ধান্ত ল’ব যে কোনবোৰ সামগ্ৰী এই শ্ৰেণীত থাকিব।

অৱশ্যে অনলাইন গেমিঙৰ উপৰিও পান মছলা, চিগাৰেট, বিলাসী গাড়ীকো এই শ্ৰেণীত স্থান দিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰে ৪০ শতাংশ জি এছ টি আৰোপ কৰাৰ সিদ্ধান্ত চূড়ান্ত হ’লে অনলাইন গেমিং কোম্পানীয়ে ইয়াৰ বিৰুদ্ধে মাত মাতিব পাৰে। বৰ্তমান অনলাইন গেমিংৰ ক্ষেত্ৰত চৰকাৰে ২৮ শতাংশ জি এছ টি আদায় কৰে। ইতিমধ্যে কেইবাটাও কোম্পানীয়ে ইয়াৰ বিৰুদ্ধে আপত্তি কৰিছিল। এইবাৰ ৪০ শতাংশ জি এছ টি প্ৰৱৰ্তন কৰিলে নতুনকৈ চিন্তা বাঢ়িব সেই কোম্পানীবোৰৰ।

মন কৰিবলগীয়া যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে যোৱা ৬ মাহ ধৰি জি এছ টি তালিকাৰ সংস্কাৰৰ বাবে কাম কৰি আহিছে। দীপাৱলীৰ আশে-পাশে নতুন কৰ গাঁথনি প্ৰৱৰ্তন হ’ব পাৰে বুলি আশা কৰা হৈছে। আৰু ইয়াৰ পিছত বহু সামগ্ৰীৰ দাম কম হ’ব।

লগতে পঢ়ক: হোৰাহোৰে কমিছে সোণৰ দাম, গুৱাহাটীত আজি কিমান টকাত বিক্ৰী হৈছে সোণ?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব