Price Hike: বৃদ্ধি পাব চিগাৰেটৰ মূল্য! সুৰাৰ মূল্যও বৃদ্ধি হ’ব নেকি?
Compensation Cess: শৰীৰৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা সামগ্ৰীৰ ওপৰত এতিয়া অতিৰিক্ত কৰ আৰোপ। ২৮ শতাংশ জি এছ টিৰ ভিতৰত সুৰা, চিগাৰেট আৰু ধঁপাতজাতীয় সামগ্ৰী।

GST সন্দৰ্ভত কেন্দ্ৰই ল’ব ডাঙৰ সিদ্ধান্ত। এফালে ১২ শতাংশ জি এছ টি স্লেবৰ পৰিৱৰ্তন, আনফালে Compensation Cess আঁতৰাই নতুন কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰে। এই নতুন কৰ আৰোপ হ’লে চিগাৰেট আৰু সুৰাৰ দাম যথেষ্ট বাঢ়িব। গাড়ীৰো মূল্য বৃদ্ধি হ’ব পাৰে।
জি এছ টিৰ Compensation Cess ৰ ম্যাদ উকলিবলৈ হৈছে। ইয়াৰ ঠাইত কেন্দ্ৰই স্বাস্থ্য আৰু এনাৰ্জি চেছ প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে, যিটো মূলতঃ ধঁপাতজাতীয় সামগ্ৰী আৰু অটোম’বাইলৰ ওপৰত আৰোপ কৰা হ’ব। ইয়াৰ ফলত চিগাৰেট, গুটখা আদি ধঁপাতজাতীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱাই নহয়, গাড়ীৰ দামো অধিক হ’ব।
চিগাৰেট আৰু ধঁপাতজাতীয় সামগ্ৰীক ‘Sin Goods’ হিচাপে শ্ৰেণীভুক্ত কৰা হয়, অৰ্থাৎ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা সামগ্ৰী। ২৮ শতাংশ জি এছ টিৰ অন্তৰ্গত সুৰা, চিগাৰেট আৰু ধঁপাতজাতীয় সামগ্ৰী। এতিয়াৰ পৰা কয়লা আৰু দামী গাড়ীৰ ওপৰত ক্লিন এনাৰ্জি চেছ জাপি দিয়া হ’ব।
সূত্ৰ অনুসৰি, চলিত মাহৰ শেষৰ ফালে কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। এই চেছ বা টেক্সৰ বিষয়ে তাত আলোচনা কৰা হ’ব। ইয়াৰ ভিতৰত ধঁপাতজাতীয় সামগ্ৰী আৰু দামী গাড়ীৰ ওপৰত কৰ আৰোপ কৰাটো প্ৰায় নিশ্চিত।
উল্লেখ্য যে, Compensation Cess হৈছে অতিৰিক্ত কৰ, যিটো জি এছ টিৰ ওপৰত আৰোপ কৰে। এই অতিৰিক্ত কৰ কিছুমান নিৰ্দিষ্ট সামগ্ৰীৰ ওপৰত আৰোপ কৰা হয়। এই কৰ ব্যৱস্থা ২০১৭ চনত প্ৰৱৰ্তন কৰা হৈছিল। ৰাজ্যসমূহৰ ৰাজহৰ ক্ষতিপূৰণৰ বাবে এই কৰ প্ৰৱৰ্তন কৰে। ইয়াৰ সময়সীমা আছিল ৫ বছৰৰ। কিন্তু ২০২২ চনত ইয়াৰ সময়সীমা ২০২৬ চনৰ মাৰ্চ পৰ্যন্ত আৰু বৃদ্ধি কৰা হয়।