ক'ল্ড ড্ৰিংকছৰ বটলত পানী খালে কি কি ক্ষতি পাৰে?

3 JULY 2025

TV9 ASSAM

আমাৰ বহুতৰে শীতল পানীয়ৰ বটল পেলাই দিয়াৰ সলনি ঘৰতে ৰখাৰ অভ্যাস আছে। আনকি বহুতৰে সেইবোৰত পানী খোৱাৰ অভ্যাস আছে। কিন্তু ইয়াৰ পৰা কিমান ক্ষতি হয় জানেনে?

ক'ল্ড ড্ৰিংকছ

এই বটলবোৰ বাৰে বাৰে ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা নহয়। শীতল পানীয়ৰ বটল এবাৰ ব্যৱহাৰৰ বাবেহে তৈয়াৰ কৰা হয়। সেয়ে তাক বাৰে বাৰে ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ বিপদ বৃদ্ধি পায়।

ব্যৱহাৰ

বেছিভাগ শীতল পানীয়ৰ বটল প্লাষ্টিকৰ, যিটো সাধাৰণতে PET (Polyethylene Terephthalate) হয়। বাৰে বাৰে ব্যৱহাৰ বা গৰমৰ বাবে BPA বা অন্যান্য ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ পানীত মিহলি হ’ব পাৰে।

ৰাসায়নিক পদাৰ্থ

ইয়াৰ ফলত বিষাক্ত ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ অহাৰ আশংকা বৃদ্ধি পায়। এই ৰাসায়নিক পদাৰ্থবোৰে হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰিব পাৰে। দীৰ্ঘদিন ব্যৱহাৰ কৰিলে কেন্সাৰ, বন্ধ্যাত্ব, হৰম’ন সম্পৰ্কীয় ৰোগ হ’ব পাৰে।

ৰোগ

ইয়াৰ উপৰিও বীজাণু বা বেক্টেৰিয়াৰ সংক্ৰমণৰ আশংকা থাকে। বটলটো ভালদৰে পৰিষ্কাৰ নকৰিলে তাত বেক্টেৰিয়া বা ভেঁকুৰৰ জন্ম হ'ব পাৰে, যাৰ ফলত পেটৰ বিষ, বমি, ডায়েৰিয়া আদি হয়।

বেক্টেৰিয়াৰ সংক্ৰমণ

লগতে পানীৰ প্ৰাকৃতিক গোন্ধ আৰু সোৱাদ হেৰাই যাব পাৰে। শীতল পানীয়ৰ গোন্ধ বা ৰাসায়নিক উপাদানৰ বাবে পানীৰ সোৱাদ আৰু বেয়া কৰি তুলিব পাৰে।

সোৱাদ

সূৰ্যৰ পোহৰ বা গৰমৰ প্ৰভাৱত ইয়াৰ ক্ষতিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। বটলটো যদি ৰ’দ বা গৰমৰ সংস্পৰ্শত থাকে তেন্তে প্লাষ্টিকৰ গঠনটো ভাঙি যাব পাৰে আৰু পানীৰ লগত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ মিহলি হ’ব পাৰে। ই শৰীৰৰ বাবে অতি ক্ষতিকাৰক।

ক্ষতি

চাবলৈ ক্লিক কৰক 

ৰষুণৰ পানী খোৱাৰ বাবে উপযোগী নে?