শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Mukesh Ambani, Petrol Price: এইবাৰ ভাৰতত হ্ৰাস পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য?

Mukesh Ambani, Petrol Price: এইবাৰ ভাৰতত হ্ৰাস পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য?

Manas Borah
Manas Borah | Published: 02 Jul 2025 20:33 PM

নায়াৰা এনাৰ্জীত ৰাছিয়াৰ ৰছনেফ্ট অইল কোম্পানীৰ ৪৯.১৩ শতাংশ অংশীদাৰিত্ব আছে। তেওঁলোকে এতিয়া নিজৰ এই মালিকীস্বত্ব বিক্ৰীৰ বাবে সিদ্ধান্ত হৈছে।

বিক্ৰী হ’ব নেকি তেল শোধন কোম্পানী নায়াৰা এনাৰ্জী (Nayara Energy)? এই কোম্পানীটোৱে তেল শোধন কৰাৰ লগতে পৰিচালনা কৰে প্ৰায় ৬ হাজাৰ ৭৫০টা পেট্ৰ’ল পাম্প। এই কোম্পানীয়ে ভাৰতত বছৰি ২ কোটি টন তেল শোধন কৰে।

নায়াৰা এনাৰ্জীত ৰাছিয়াৰ ৰছনেফ্ট অইল কোম্পানীৰ ৪৯.১৩ শতাংশ অংশীদাৰিত্ব আছে। তেওঁলোকে এতিয়া নিজৰ এই মালিকীস্বত্ব বিক্ৰীৰ বাবে সিদ্ধান্ত হৈছে। প্ৰকাশিত খবৰ অনুসৰি, ইতিমধ্যে কোম্পানীটোৱে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সৈতে আলোচনাত মিলিত হ’ব পাৰে বুলি চৰ্চা হৈছে।

ভাৰতৰ কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰাছিয়াৰ ৰছনেফ্টে ৰিলায়েন্সৰ সৈতে আলোচনাৰ বাবে আগবাঢ়িছে । আৰু এই খবৰ যদি সঁচা হয়,তেন্তে দুয়োটা কোম্পানীৰ বাবে ভাল খবৰ।